অৰুন্ধতী দেৱী | |
---|---|
জন্ম | ২৯ এপ্ৰিল, ১৯২৪ বৰিশাল, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশত) |
মৃত্যু | ১ জানুৱাৰী, ১৯৯০ (৬৫ বছৰ) Kolkata, West Bengal |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী, পৰিচালিকা, লেখিকা, কণ্ঠশিল্পী [1] |
সক্ৰিয় হৈ থকা সময় | ১৯৪০ – ১৯৮২ |
উল্লেখযোগ্য কৰ্ম | বিচাৰক, জতুগৃহ |
দাম্পত্যসঙ্গী | প্ৰভাত মুখাৰ্জী (বি. ১৯৫৫) তপন সিনহা (বি. ১৯৫৭) |
সন্তান | ১জন, অনিন্দ্য সিনহা (পুত্ৰ) |
অৰুন্ধতী দেৱী (ইংৰাজী: Arundhati Devi; ২৯ এপ্ৰিল ১৯২৪-১ জানুৱাৰী ১৯৯০; জন্ম: গুহা ঠাকুৰতা) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী আছিল, যি অৰুন্ধতী মুখোপধ্যায় নামেৰেও জনাজাত। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰলৈ অৱদান আগবঢ়াইছে। অৰুন্ধতী মুখাৰ্জী বা মুখোপাধ্যায় নামেৰেও জনাজাত।[2]
১৯২৩ চনত বাংলাদেশৰ বৰিশালৰ বিখ্যাত গুহাঠাকুৰতা পৰিয়ালত অৰুন্ধতীয়ে জন্মগ্ৰহণ কৰে। এক সাংস্কৃতিক পৰিবেশত ডাঙৰ-দীঘল হয়। সৰুৰে পৰা তেওঁ নৃত্য আৰু সংগীতৰ অনুশীলন কৰিছিল। বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অধ্যাপক শৈলজাৰঞ্জন মজুমদাৰ তেওঁৰ সংগীত শিক্ষক আছিল। সংগীত আৰু নৃত্যৰ উপৰিও অভিনয়ৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছিল। ছয় বছৰ বয়সৰ পৰাই অভিনয় আৰম্ভ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাটক ডাকঘৰত অমলৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰত্যক্ষ তত্ত্বাৱধানত কলকাতাৰ জোৰাসাঁকোৰ ঠাকুৰ পৰিয়ালৰ ঘৰত মায়াৰ খেলা নাটকত অভিনয় কৰে।[3] অৰুন্ধতীয়ে আকাশবাণীৰ ৰবীন্দ্ৰ সংগীতৰ কণ্ঠশিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।[4]
চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠান নিউ থিয়েটাৰ্ছৰ মহাপ্ৰস্থানেৰ পথে ছবিৰ যোগেদি তেওঁ চলচ্চিত্ৰাভিষেক হয়। চিত্ৰনাট্যকাৰ বিনয় চট্টোপাধ্যায়ে তেওঁক নিউ থিয়েটাৰ্ছৰ সৈতে সম্পৰ্ক কৰাই দিছিল। প্ৰথম ছবিখনতে তেওঁ নিজৰ বিশিষ্টতাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত তেওঁ নিৰৱচ্ছিন্নভাবে চলচ্চিত্ৰত অভিনয় কৰি যায়। ইয়াৰ ভিতৰত নদ ও নদী (১৯৫৪),বকুল (১৯৫৪),সতী (১৯৫৪),প্ৰশ্ন (১৯৫৪),গোধূলি (১৯৫৫),মা (১৯৬০),পঞ্চতপা (১৯৬০),ক্ষুধিত পাষাণ (১৯৬০) ও দুজনাৰ (১৯৫৫) অন্যতম। চুটিগল্প লেখক সুবোধ ঘোষৰ জনপ্ৰিয় গল্প জতুগৃহৰ চিত্ৰায়ন কৰিছিল তপন সিনহাই। এই ছবিত উত্তম কুমাৰৰ বিপৰীতে তেওঁ মাধুৰী ৰায় নামৰ চৰিত্ৰত অভিনয় কৰে। উত্তম কুমাৰৰ সৈতে তেওঁৰ কিছু উল্লেখযোগ্য ছবি হ’ল- নৱজন্ম (১৯৫৬),মানময়ী গাৰ্লছ হোষ্টেল (১৯৫৮),ঝিন্দেৰ বন্দী (১৯৬১), বিচাৰক (১৯৬২) আদি।[3]
অভিনয়ৰ উপৰিও তেওঁ চলচ্চিত্ৰ পৰিচালনাতো হাত দিছিল। তেওঁ পৰিচালনা কৰা ছবিবোৰ হ’ল- গোকুল (১৯৮৫), দীপাৰ প্ৰেম (১৯৮৩),পদি পিসিৰ বৰ্মী বাক্স (১৯৭২), ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত নিৰ্মিত মেঘ ও ৰৌদ্ৰ (১৯৬৯) আৰু ছুটি (১৯৬৭)।[5] চলচ্চিত্ৰ পৰিচালক হিচাপেও তেওঁৰ উল্লেখযোগ্যতা শতবৰ্ষে চলচ্চিত্ৰ গ্ৰন্থৰ অনীল চৌধুৰী ৰচিত চিনেমাৰ বিভিন্ন দিক শীৰ্ষক এটা প্ৰবন্ধত এনেকৈ উল্লেখ কৰিছে, “…দুই এজন পৰিচালকে সেই বিভিন্ন কলা আয়ত্ত কৰি চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন জ্ঞানেৰে নিজকে সমৃদ্ধ কৰি পৰিচালক হৈ পৰিছে। কিছুমান পৰিচালক হৈছে সাহিত্য ক্ষেত্ৰৰ, শৈলজানন্দ, প্ৰেমেন্দ্ৰ মিত্ৰ, জ্যোতিৰ্ময় ৰায় আদি; নাট্য জগতৰ পৰা শিশিৰ ভাদুৰী, নৰেশ মিত্ৰ, উৎপল দত্ত আদি; ছবিখনৰ অভিনেতা প্ৰমথেশ বৰুৱা, বিকাশ ৰায়, উত্তম কুমাৰ, দিলীপ ৰায়, সুখেন দাস আদি; অভিনেত্ৰী মহলৰ পৰা অৰুন্ধতী দেৱী, মঞ্জু দে, অপৰ্ণা সেন আদি। …”[3]
১৯৫৫ চনত চলচ্চিত্ৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ সৈতে তেওঁৰ বিবাহ হয়। কিন্তু এই বিবাহ বেছি দিন নিটিকিল। ১৯৫৭ চনত বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ পৰিচালক তপন সিনহাক লগ পায় আৰু দুয়ো বিবাহপাশত আবদ্ধ হয়। তেওঁৰ সন্তান অনিন্দ্য সিনহা এজন বিজ্ঞানী। ১৯৯০ চনৰ ১ জানুৱাৰীত অৰুন্ধতীৰ মৃত্যু হয়।[6]