অৰুন্ধতী নাগ | |
---|---|
![]() ২০১০ চনত অৰুন্ধতী | |
জন্ম | অৰুন্ধতী ৰাও 1955 অথবা 1956 (বয়স 68–69) দিল্লী, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৭৩- বৰ্তমান |
দাম্পত্যসঙ্গী | শংকৰ নাগ (বি. ১৯৮০; মৃ. ১৯৯০) |
সন্তান | ১ |
আত্মীয়-স্বজন | পদ্মাৱতী ৰাও (ভগ্নী) ;[1] |
অৰুন্ধতী নাগ (ইংৰাজী: Arundhati Nag; জন্ম:ৰাও; ১৯৫৫/১৯৫৬[2]) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২৫ বছৰতকৈও অধিক সময় ভাৰতৰ বহুভাষিক থিয়েটাৰৰ সৈতে জড়িত হৈ আছে, প্ৰথমে মুম্বাইত, য'ত তেওঁ ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েচন (আইপিটিএ)ৰ সৈতে জড়িত হৈছিল আৰু গুজৰাটী, মাৰাঠী, আৰু হিন্দী থিয়েটাৰৰ বিভিন্ন প্ৰডাকচন কৰিছিল। পিছলৈ বাংগালুৰুত তেওঁ কানাড়া, তামিল, মালয়ালম আৰু ইংৰাজী ভাষাতো থিয়েটাৰ কৰিছিল ।
কেইবছৰমান তেওঁ কৰ্ণাটকৰ চিন্তামণিতে থাকিল।
কানাড়া অভিনেতা-পৰিচালক শংকৰ নাগৰ (১৯৮০–১৯৯০) সৈতে তেওঁৰ বিবাহৰ পিছত বাংগালুৰুত থিয়েটাৰৰ সৈতে তেওঁৰ সম্পৰ্ক অব্যাহত থাকে, য’ত তেওঁ কানাড়া ভাষাত কেইবাখনো নাটকত অভিনয় কৰে। ইয়াৰ ভিতৰত আছে- গিৰীশ কৰ্নাডৰ “অঞ্জু মল্লিগে’, বিখ্যাত নাটক ৱেইট আনটিল ডাৰ্ক ওপৰত আধাৰিত “২৭ মাৱলী চাৰ্কিল”, , “সন্ধ্যা ছায়া” (জয়ন্ত দলভি), গিৰীশ কৰ্নাডৰ “নাগমণ্ডল”, আৰু বাৰ্টল্ট ব্ৰেখটৰ “মাডাৰ কাৰেজ” (হুলাগুৰু হুলিয়াভাৰ ভূমিকাত)। ইয়াৰ উপৰিও তেওঁ কেইবাখনো কানাড়া চিনেমাত কাম কৰিছিল, যেনে- “এক্সিডেণ্ট” (১৯৮৪), “পৰমেশী প্ৰেমা প্ৰসংগ” (১৯৮৪) আৰু “নোদীস্বামী, নবিৰোডু হীগে” (১৯৮৭)।[3]
নাগে বাংগালুৰুত ৰংগ শংকৰ নামেৰে থিয়েটাৰ স্থান নিৰ্মাণ কৰিছিল।[4][5][6] অভিনয় ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সংগীত নাটক একাডেমী বঁটা (২০০৮), পদ্মশ্ৰী (২০১০) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৫৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১০) লাভ কৰে।[7][8]
![]() |
ৱিকিমিডিয়া কমন্সত Arundathi Nag সম্পৰ্কীয় মিডিয়া ফাইল আছে। |