অৰ্জুন গছ | |
---|---|
![]() | |
অৰ্জুন গছৰ ফল | |
![]() | |
অৰ্জুন গছৰ ফুলৰ কাষত এটা চৰাই | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Tracheophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Myrtales |
পৰিয়াল: | Combretaceae |
গণ: | Terminalia |
প্ৰজাতি: | Terminalia arjuna |
বৈজ্ঞানিক নাম | |
Terminalia arjuna (Roxb.) Wight & Arn. |
অৰ্জুন গছ (ইংৰাজী: Terminalia arjuna) এবিধ চিৰসেউজ গছ। ই টাৰমিনালিয়া গণৰ এক সপুষ্পক উদ্ভিদ।[1] অৰ্জুন গছৰ জীৱনকাল দীঘলীয়া। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন।
অৰ্জু্ন গছ এবিধ চিৰসেউজ দ্বিবীজপত্ৰি উদ্ভিদ। ইয়াৰ শিপা গুচ্ছমূল জাতীয় আৰু পাত জাল শিৰবিন্যাস যুক্ত। অৰ্জুন গছ এবিধ মাধ্যমৰ পৰা বৃহৎ আকাৰৰ বৃক্ষ। ইয়াৰ উচ্চতা প্ৰায় ২০-২৫ মিটাৰ। মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত গছৰ ফুল ফুলা আৰম্ভ হয়। ইয়াৰ পাতবোৰ বল্লম আকৃতিৰ। ফলবোৰ দেখাত কৰ্দৈ টেঙাৰ দৰে। অৰ্জুন গছৰ পাত বল্লম আকৃতিৰ। ইয়াৰ গা গছৰ ৰং পাতল হালধীয়া। এইবিধ উদ্ভিদৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। তদুপৰি সামান্য পৰিমাণে টেনিন আৰু অৰ্জুনিন, মেগনেছিয়াম, এলুমিনিয়াম আদি পোৱা যায়।
অৰ্জু্ন এবিধ ঔষধি গুণ যুক্ত গছ। অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যক্ষ্মা ৰোগত সুফল পোৱা যায়। হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই বান্ধি থব লাগে। অৰ্জুন গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে।[2][3]