স্থানাংক: 26°07′48″N 87°28′12″E / 26.13°N 87.47°E
অৰৰিয়া জিলা | |
---|---|
![]() বিহাৰ ৰাজ্যত অৰৰিয়া জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | বিহাৰ |
সংমণ্ডল | পূৰ্ণিয়া |
সদৰ | অৰৰিয়া |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰৰিয়া |
• বিধানসভা সমষ্টি | নৰপতগঞ্জ, ৰাণীগঞ্জ, ফৰবেছগঞ্জ, অৰৰিয়া, জোকিহাট, সিক্টি |
কালি | |
• মুঠ |
2,830 km2 (1,090 sq mi) |
জনসংখ্যা (2011) | |
• মুঠ |
28,11,569 |
• ঘনত্ব | 990/km2 (2,600/sq mi) |
অৰৰিয়া জিলা ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত এখন জিলা। অৰৰিয়া এই জিলাখনৰ সদৰ ঠাই। জিলাখনৰ মাটিকালি ২,৮৩০ বৰ্গ কিলোমিটাৰ। এই জিলা পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত।
১৯৬৪ চনত অৰৰিয়া পূৰ্ণিয়া জিলাৰ এটা মহকুমাৰূপে গঠিত হয়। ১৯৯০ চনৰ জানুৱাৰী মাহত এই মহকুমাটোক পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত এখন পৃথক জিলাৰূপে স্বীকৃতি দিয়া হয়।
২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৰিয়া জিলাৰ জনসংখ্যা ২,৮১১,৫৬৯জন।[1] ইয়াৰ লিংগ অনুপাত হৈছে ১০০০জন পুৰুষৰ বিপৰীতে ৯২১ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৫৫.১%।
২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৰিয়া জিলাৰ জনসংখ্যাৰ ৪৪.৯০% হিন্দী, ২৮.৭১% উৰ্দু, ২০.৫৭% মৈথিলী, ২.১৭% বঙালী, ২.১০% মাল্টো আৰু ১.০৫% চাঁওতালিভাষী লোক।[2]