অৱন্তীবাই | |
---|---|
![]() | |
ৰাণী অৱন্তীবাইৰ প্ৰতিমূৰ্তি, বালাঘাট, মধ্যপ্ৰদেশ | |
দাম্পত্য সঙ্গী | লক্ষ্মণ সিং |
অৱন্তীবাই লোধী (ইংৰাজী: Avantibai lodhi ; মৃত্যু ২০ মাৰ্চ ১৮৫৮) এগৰাকী মুক্তি যুঁজাৰু আৰু বৰ্তমান দিনদোৰী, মধ্যপ্ৰদেশৰ অন্তৰ্গত ৰামগড়ৰ ৰাণী আছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। তেওঁৰ বিষয়ে সিমান তথ্য পোৱা নাযায় আৰু যিখিনি পোৱা গৈছে সেইখিনিও বেছি অংশ লোক-সাহিত্যৰ পৰা সংগ্ৰীহিত। ইয়াৰ আধাৰতে তেওঁক এগৰাকী লোধী ৰাজপুত সম্প্ৰদায়ৰ ব্যক্তি বুলি থাৱৰ কৰা গৈছে আৰু বৰ্তমান তেওঁ লোধী ৰাজনীতিৰ এক ‘আইকন’ ৰূপে ব্যৱহাৰ কৰা হয়।[1]
লোক সাহিত্যত এগৰাকী লোধী সম্প্ৰদায়ৰ ব্যক্তি ৰূপে বৰ্ণিত হৈছে। তেওঁ ৰামগড় ইষ্টেটৰ শাসক লক্ষ্মণ সিঙৰ পত্নী আছিল;[2] যিখন বৰ্তমানৰ মধ্যপ্ৰদেশৰ দিনদোৰী জিলাৰ অন্তৰ্গত আছিল।[3] ১৮৫১ চনত স্বামীৰ মৃত্যু হোৱাৰ পিছত ১৮৫১ চনত নাবালক পুত্ৰ বিক্ৰমজিৎ সিঙৰ হৈ তেওঁ শাসনভাৰ চলোৱাৰ পৰিকল্পনা লৈছিল। কিন্তু ব্ৰিটিছ কৰ্তৃপক্ষই এইটো মানি নললে আৰু কোৰ্ট অফ ৱাৰ্ডচ-এ এজন প্ৰশাসক নিযুক্তি দিলে।[2]
১৮৫৭ চনত যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰততে বিদ্ৰোহ বিয়পি পৰিল, অৱন্তীবায়ে ৪০০০ সৈন্যৰ দল এটা গঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। ব্ৰিটিছৰ সৈতে তেওঁৰ প্ৰথম যুদ্ধখন হৈছিল বৰ্তমানৰ মান্দলা জিলাৰ ওচৰৰ খেৰীত। ইয়াত তেওঁ ব্ৰিটিছ সেনাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল যদিও ব্ৰিটিছসকল পুনৰ উভতি আহিল আৰু ৰামগড়ৰ ওচৰত অৱন্তীবাইৰ ওপৰত আক্ৰমণ চলালে। ৰাণী সুৰক্ষাৰ বাবে দেৱহৰগড়ৰ পাহাৰলৈ পলাই গ’ল। ব্ৰিটিছ সেনাই ৰামগড়ত জুই লগাই দি ৰাণীক কৰায়ত্ব কৰিবলৈ দেৱহৰগড়লৈ খেদি গ’ল। ব্ৰিটিছক প্ৰতিৰোধ কৰিবলৈ অৱন্তীবায়ে গেৰিলা যুদ্ধ কৰে।[4] যদিও অৱশেষত যুদ্ধত পৰাজয় নিশ্চিত হোৱাত তেওঁ ১৮৫৮ চনৰ ২০ মাৰ্চৰ দিনা দেহৰক্ষীৰ খাপৰৰ পৰা তৰোৱাল উলিয়াই লৈ আত্মহত্যা কৰে।[4]
স্বাধীনতাৰ পৰৱৰ্তী সময়ত অৱন্তীবাইক বিভিন্ন অনুষ্ঠান আৰু লোকগীতৰ মাধ্যমেৰে সোঁৱৰণ কৰা হৈছে।[5][6]
যদিও অৱন্তীবাইৰ বিষয়ে লোক সাহিত্যৰ মাধ্যমেৰে সামান্য কিছুহে জনা যায়, ভাৰতীয় জনতা পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিয়ে সংসদত জনোৱা দাবীৰ পিছত তেওঁৰ বিষয়ে ১৮৫৭ চনৰ বিদ্ৰোহৰ অংশগ্ৰহণকাৰী হিচাপে ২০১২ চনৰ পৰা ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ (NCET) ইতিহাসৰ পাঠ্যপুথিত তেওঁৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে।[7][8] বিশেষকৈ বহুজন সমাজ পাৰ্টিয়ে মায়াৱতীৰ ভাৱমূৰ্তি উজ্বল কৰিবলৈ অৱন্তীবাইৰ সৈতে আৰু বহুতো দলিত লোক বীৰঙ্গনাক ব্যৱহাৰ কৰিছে[5] আৰু নিজকে এই সকলৰ আধুনিক অৱতাৰ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে।[9]
নৰ্মদা ভেলী ডেভেলপমেণ্ট অথৰিটিয়ে জব্বলপুৰৰ বাগৰী বান্ধ প্ৰকল্পৰ এটা অংশৰ নামকৰণ ৰাণীগৰাকীৰ নামেৰে কৰিছে।[10]