অৱলোহিত ৰশ্মি হৈছে দৃশ্যমান পোহৰতকৈ দীৰ্ঘ তৰঙ্গদৈৰ্ঘ্যৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ। এই বিকিৰণ সাধাৰণত মানুহৰ বাবে অদৃশ্য, যদিও কিছুমান বিশেষ পৰিস্থিতিত দৃশ্যমান।[1][2][3][4] অৱলোহিত ৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্যৰ সীমা ১ মাইক্ৰ'মিটাৰৰ পৰা ১ মিলিমিটাৰ পৰ্যন্ত বিস্তৃত।
১৮০০ চনত জ্যোতিৰ্বিজ্ঞানী ছাৰ উইলিয়াম হাৰ্ছেলৰ দ্বাৰা অৱলোহিত বিকিৰণ আবিষ্কাৰ কৰা হৈছিল, তেওঁ থাৰ্ম'মিটাৰৰ প্ৰভাৱৰ মাধ্যমত ৰঙা পোহৰতকৈ কম শক্তিৰ বৰ্ণালীত এক ধৰণৰ অদৃশ্য বিকিৰণ আবিষ্কাৰ কৰিছিল। সূৰ্যৰ মুঠ শক্তিৰ আধাতকৈও বেছি পৰিমাণৰ শক্তি অৱলোহিত ৰশ্মি হিচাপে পৃথিৱীলৈ আহে। শোষিত আৰু নিৰ্গত অৱলোহিত বিকিৰণৰ অৱশেষে পৃথিৱীৰ জলবায়ুত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই।
ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু উৎপাদৰ কম্পন বেণ্ডৰ পৰা বিক্ৰিয়াৰ সম্ভাব্যতা আৰু বিক্ৰিয়াৰ হাৰ সম্পৰ্কে ধাৰণা পোৱা যায়। কোনো পদাৰ্থৰ দ্ৰৱণত ঘনত্ব নিৰ্ণয়তো অবলোহিত ৰশ্মি ব্যৱহাৰ কৰা হয়। জৈৱ-অজৈৱ যৌগৰ গঠন নিৰ্ণয়ত অবলোহিত ৰশ্মি ব্যৱহাৰ কৰা হয়।[5]
চিকিৎসা বিজ্ঞানত সৰ্বপ্ৰথম ১৯৫৬ চনত অৱলোহিত ৰশ্মিৰ দ্বাৰা স্তনৰ কৰ্কটৰোগ চিনাক্তকৰণৰ কৰা হৈছিল। কৰ্কট আক্ৰান্ত কোষৰ অৱস্থান আৰু বিস্তৃতি চিনাক্তকৰণৰ বাবে অৱলোহিত ৰশ্মি ব্যৱহাৰ কৰা হয়। সন্নিকট অৱলোহিত ৰশ্মিৰ দ্বাৰা তেজৰ হিমোগ্লোবিনত অক্সিজেনৰ পৰিমাপ কৰি মস্তিষ্কৰ ৰোগ নিৰ্ণয় কৰা হয়। মূলত সদ্য প্ৰসূত শিশুসকলৰ মস্তিষ্কৰ ক্ষত নিৰ্ণয়ত ই ব্যাপকভাবে ব্যবহৃত হয়।[5]
শৰীৰৰ বিভিন্ন অঙ্গৰ বিষ, মাংসপেশী শিথিল হৈ যোৱা, হাতৰ উপৰিভাগৰ বিষ আদি নিৰাময়ৰ বাবে আক্ৰান্ত স্থানত অৱলোহিত ৰশ্মি প্ৰয়োগ কৰি মালিছ কৰা হয়।[5] যাৰ ফলত আক্ৰান্ত স্থানলৈ তেজ চলাচল সচল হয় আৰু বিষ প্ৰশমিত হয়। এই ৰশ্মিৰ প্ৰভাৱত তেজ সংবহন আৰু কোষৰ জৈৱিক কাৰ্যকলাপ বৃদ্ধি পায়। ই সমস্ত দেহৰ তাপমাত্ৰা বৃদ্ধি নকৰে ত্বকৰ প্ৰয়োজনীয় অংশৰ তাপ বৃদ্ধি কৰে আৰু ত্বকৰ শিথিলতা আনে। ৰক্তনলীবোৰ প্ৰশস্ত কৰে আৰু ত্বকত তেজ পৰিবহণৰ মাত্ৰা বৃদ্ধি কৰি ত্বকৰ কোষ কলাবোৰক উদ্দীপ্ত কৰে। কোষ কলাৰ মেটাবলিজিম বা কাৰ্যকাৰিতা বৃদ্ধি কৰে আৰু ত্বকৰ ৰাসায়নিক পৰিবৰ্তনত সাহাৰ্য্য কৰে। যিহেতু এই ৰশ্মি ত্বকৰ গভীৰলৈকে যায় ফলত ত্বকৰ সেই অংশত সামান্য গৰম আৰু আৰাম অনুভূত হয়, তেজসঞ্চালন বৃদ্ধি পায় আৰু ক্ষতিগ্ৰস্ত মাংসপেশীবোৰ শিথিল হৈ বিষ-বেদনা দূৰ হয়।[6]
অৱলোহিত ৰশ্মিৰ দ্বাৰা ছিকিউৰিটি এলাৰ্ম ছিষ্টেমত যিকোনো মুভমেণ্ট চিনাক্ত কৰি এলাৰ্ম বজাব পাৰি। এই ধৰণৰ প্ৰতিৰক্ষা ব্যৱস্থা বেংক, চিকিৎসালয়, কাৰ্যালয়, বা যিকোনো স্থানত ব্যৱহাৰযোগ্য। সাধাৰণতে অৱলোহিত ৰশ্মি এলইডিৰ পৰিসৰ ২ মিটাৰ। সেয়ে ইয়াক এক লেন্সৰ দ্বাৰা বিবৰ্ধিত কৰা যায়।
মোবাইল ফোনত কিছুদিন আগলৈকে অৱলোহিত ৰশ্মিৰ দ্বাৰা তথ্যৰ আদান-প্ৰদান কৰা হৈছিল। টিভি, চিডি প্লেয়াৰ, মিউজিক ছিষ্টেম সহ যাবতীয় ইলেকট্ৰনিক যন্ত্ৰৰ ৰিমট কণ্ট্ৰলত অৱলোহিত ৰশ্মি ব্যৱহাৰ কৰা হয়।