আঁহত (ইংৰাজী : Sacred Fig , বৈজ্ঞানিক নাম: Ficus religiosa ) হৈছে মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ।[ 1] [ 2] এই গছজোপাৰক অন্য বহুতো নাম যেনে বোধি (bodhi tree)[ 3] পিপল (pippala, peepul,[ 1] peepal) বা অশ্বত্থ (ashwattha) আদিৰে জনা যায়।[ 4] এই গছজোপাই ভাৰত উপমহাদেশত জন্ম হোৱা তিনিটা প্ৰধান ধৰ্ম বৌদ্ধধৰ্ম, হিন্দুধৰ্ম আৰু জৈনধৰ্মত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এই উদ্ভিদবিধ ভাৰত , বাংলাদেশ , নেপাল , পাকিস্তান , শ্ৰীলংকা , দক্ষিণ-পশ্চিম চীন আৰু ইন্দোনেছিয়া আদি দেশত স্থানীয়ভাৱে পোৱা যায়।[ 5] [ 6]
আঁহত বৃক্ষজাতীয় উদ্ভিদ। আহঁত এবিধ পৰ্ণপাতী বা পাৰ্শ্বীয় চিৰসেউজীয়া উদ্ভিদ। এই গছজোপাৰ উচ্চতা ৩০মিটাৰ পৰ্য্যন্ত আৰু ব্যাস তিনি মিটাৰ পৰ্য্যন্ত হ'ব পাৰে। এই গছৰ পাতবোৰ সৰু পাণৰ আকৃতিৰ হয়। গুৰিভাগ খাঁজ নকটা ঘূৰণীয়া আৰু আগৰফালে ক্ৰমান্বয়ে সৰু হৈ গৈ দীঘলনেজীয়া ৰূপ ধৰে।[ 7] পাতৰ দৈৰ্ঘ্য প্ৰায় ১০-১৭ ছে:মি: আৰু পৃস্থ ৮-১২ ছে: মি: হয়।
আহঁত গছৰ ফলবোৰ সৰু, বৰণ কেঁচাতে সেউজীয়া আৰু পকিলে বেঙুণীয়া হৈ পৰে।
আহঁতৰ জীৱনকাল দীঘলীয়া। এই গছৰ গড় আয়ুস ৯০০-১৫০০ বছৰ। কিছুমান ঠাইত এই গছ ৩০০০ বছৰ পৰ্য্যন্ত জীয়াই থকাৰো তথ্য পোৱা যায়।[ 8] [ 9]
আঁহত গছক হিন্দু , জৈন আৰু বৌদ্ধ ধৰ্মত পবিত্ৰ বুলি গণ্য কৰা হয়। শ্ৰীলংকা ত থকা বোধি বৃক্ষক মানুহে ৰোৱা আটাইতকৈ পুৰণি গছ বুলি অনুমান কৰা হয়।
আঁহত পাতৰ সচৰাচৰ আকৃতি
সংস্কৃত : অশ্ৱত্থঃ , aśvatthaḥ, vṛksha, pippala vṛksha (vṛksha means tree)
তামিল : அரச மரம் arasa maram (literally King or King's Tree. Arasu or Arasan is Tamil for King)
তেলেগু : రావి Raavi
কন্নড় : ಅರಳಿ ಮರ araLi mara
কোংকণী : Pimpalla Rook/jhadd
মালয়ালম : അരയാല് Arayal
গুজৰাটী : પિપળો (Pipdo)
পঞ্জাবী : Pippal
মাৰাঠী : पिंपळ pimpaL (where L stands for the German ld sound, used in for example Nagold)
ওড়িয়া : ଅଶ୍ୱତ୍ଥ (Ashwatth)
পালি : assattha; rukkha
নেপালী : पीपल
সিংহল : බෝ bo, ඇසතු esathu
থাই : โพธิ์ (Pho)
ভিয়েটনামিজ : bồ-đề
উৰ্দু : پیپل peepal
বঙালী : পিপুল pipul
পৰম্পৰাগতভাৱে আঁহতৰ বিভিন্ন অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তথ্য অনুসৰি প্ৰায় ৫০ বিধ সৰু-বৰ ৰোগ যেনে বহুমূত্ৰ, এজমা, ডায়েৰিয়া, হৃদযন্ত্ৰৰ বিভিন্ন বিসংগতি আদিত এই উদ্ভিদ ব্যৱহৃত হয়।[ 10] [ 11]
আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিতো আঁহত গছৰ বিভিন্ন অংশৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়।
↑ 1.0 1.1 Chisholm, Hugh, ed. (1911). "Peepul ". Encyclopædia Britannica . 21 (11th ed.). Cambridge University Press. p. 45.
↑ USDA, ARS, Germplasm Resources Information Network. 'Ficus religiosa' in the Germplasm Resources Information Network (GRIN) , U.S. Department of Agriculture Agricultural Research Service. Accessed on 29 January 2017.
↑ Oxford English Dictionary , Oxford University Press, 1971, p. 1014
↑ "Ficus religiosa — Peepal" . Flowers of India. Archived from the original on February 14, 2012. https://web.archive.org/web/20120214150730/http://www.flowersofindia.in/catalog/slides/Peepal.html । আহৰণ কৰা হৈছে: November 3, 2011 .
↑ Oxford English Dictionary , Oxford University Press, 1971, p.1014
↑ "Ficus religiosa — Peepal" . Flowers of India. http://www.flowersofindia.in/catalog/slides/Peepal.html । আহৰণ কৰা হৈছে: November 3, 2011 .
↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
↑ "Ficus religiosa (sacred fig tree)" . CABI Invasive Species Compendium . https://www.cabi.org/isc/datasheet/24168 । আহৰণ কৰা হৈছে: 23 July 2018 .
↑ Stephen Forbes (25 December 2016). "The oldest historical tree in the world" . Mediummedium.com. https://medium.com/@StephenJForbes/the-oldest-historical-tree-in-the-world-566fcee32605 । আহৰণ কৰা হৈছে: 23 July 2018 .
↑ Singh D, Singh B, Goel RK "Traditional uses, phytochemistry and pharmacology of Ficus religiosa: a review." J Ethnopharmacol . February 2, 2011
↑ "Journal of Ethnopharmacology : Traditional uses, phytochemistry and pharmacology of Ficus religiosa: A review" . ScienceDirect. http://www.sciencedirect.com/science?_ob=ArticleURL&_udi=B6T8D-523CDP7-1&_user=10&_coverDate=04%2F12%2F2011&_rdoc=1&_fmt=high&_orig=gateway&_origin=gateway&_sort=d&_docanchor=&view=c&_acct=C000050221&_version=1&_urlVersion=0&_userid=10&md5=b28956819f4c2a37db22414cbf670516&searchtype=a । আহৰণ কৰা হৈছে: 2012-01-05 .