আই ইউ চি এন সংকটগ্ৰস্ত প্ৰজাতিসমূহৰ ৰঙা তালিকা | |
---|---|
![]() | |
প্ৰধান কাৰ্যালয় | আমেৰিকা যুক্তৰাষ্ট্ৰ |
সেৱা ক্ষেত্ৰ | আন্তৰ্জাতিক পৰ্যায় |
আনুষ্ঠানিক ভাষা | ইংৰাজী |
মাতৃ সন্থা | আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘ, (আই ইউ চি এন) |
ভুক্তি | স্পেছিচ চাৰ্ভাইভেল কমিচন, বাৰ্ডলাইফ ইণ্টাৰনেচনেল, কনজাৰ্ভেচন ইণ্টাৰনেচনেল, নেচাৰচাৰ্ভ,বোটানিক গাৰ্ডেনচ্ কনজাৰ্ভেচন ইণ্টাৰনেচনেল, ৰয়েল বোটানিক গাৰ্ডেনচ্,টেক্সাছ এএণ্ড এম বিশ্ববিদ্যালয়, চেপিয়েনজা ইউনিভাৰচিটি অ ৰোম, জুল'জিকেল চোচাইটি অৱ লণ্ডন, ৱাইল্ডস্ক্ৰীণ |
ৱেবছাইট | www |
আই ইউ চি এন ৰঙা তালিকা (ইংৰাজী: IUCN Red List বা IUCN Red List of Threatened Species) ১৯৬৩ চনত প্ৰতিষ্ঠিত বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত তালিকা বিশেষ; যি তালিকাৰ যোগে প্ৰতিটো প্ৰজাতিৰ বৰ্তমান অৱস্থা অথবা বিলুপ্তিৰ সম্ভাৱনা সম্পৰ্কে সম্যক ধাৰণা পোৱা যায়। আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰতি বছৰে এই তালিকা প্ৰকাশ কৰে।
কোনো কাৰণে নিৰ্দিষ্ট কোনো প্ৰজাতি বা উপ-প্ৰজাতি বিলুপ্তিৰ সন্মুখীন হ'লে সেইটো নিৰূপনৰ বাবে সঠিক মানদণ্ড প্ৰয়োগ কৰা হয়। এই মানদণ্ড বিশ্বৰ সকলো দেশত বা সকলো ঠাইত একে। এই তালিকা তৈয়াৰ কৰাৰ অন্যতম উদ্দেশ্য হৈছে জনসাধাৰণক সচেতন কৰা আৰু নিৰ্দিষ্ট প্ৰজাতিটোৱে সন্মুখীন হোৱা ভাবুকি প্ৰতিহত কৰা। প্ৰজাতিটো যাতে বিলুপ্ত নহয়, তাৰবাবে ৰাজনীতিকসকলেও সচেতন হয় আৰু প্ৰয়োজনীয় কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উদ্যোগী হয়।
আই ইউ চি এ ৰঙা তালিকাৰ কিছু নীতি-নিৰ্দ্ধাৰক সংগঠন আছে, যিয়ে কোনটো প্ৰজাতি কোনটো শ্ৰেণীৰ অন্তৰ্ভূক্ত হব, সেইটো নিৰ্দ্ধাৰণ কৰে। বাৰ্ডলাইফ ইণ্টাৰনেচনেল, জুল'জিকেল চোচাইটি অৱ লণ্ডনৰ গৱেষণা শাখা, স্পেছিচ চাৰ্ভাইভেল কমিচন,ইন্সটিটিউট অব জুল'জী, ৱাৰ্ল্ড কনজাৰ্ভেচন মণিটৰিং চেণ্টাৰ আদি সংগঠনৰ যোগেদি ৰঙা তালিকাৰ প্ৰায় আধা প্ৰজাতিৰ অন্তৰ্ভূক্তি হৈছে।
আই এ চি ইউৰ লক্ষ্য হৈছে প্ৰতি পাঁচ বছৰৰ মূৰত তালিকাভূক্ত প্ৰতিটো প্ৰজাতিৰ অৱস্থা মূল্যায়ন কৰা। এই মূল্যায়ন বিভিন্ন সংগঠন আৰু গোটৰ মাধ্যমেদি কৰা হয়। এই সংগঠন বা গোটবোৰ কোনো নিৰ্দিষ্ট জীৱ-বৰ্গৰ মূল্যায়নৰ বাবে দায়বদ্ধ হয়। উদাহৰণস্বৰূপে সমগ্ৰ পক্ষী-বৰ্গ মূল্যায়নৰ বাবে দায়বদ্ধ বাৰ্ডলাইফ ইণ্টাৰনেচনেল নামৰ সংগঠনটো।[1]
আই ইউ চি এন ৰঙা তালিকাত প্ৰজাতিসমূহক মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, আৱাদী আৰু বিতৰণৰ বিচ্ছিন্নতা আদিৰ ওপৰত ভিত্তি কৰি নটা বিভাগত শ্ৰেণীবদ্ধ কৰা হৈছে।
কিছুমান পৰিভাষাত সংকটগ্ৰস্থ, বিপদগ্ৰস্থ, সংকটাসন্ন, বিপদাসন্ন, সংকটাপন্ন, বিপদাপন্ন, আদি শব্দও ব্যৱহাৰ কৰা হয়।
![]() |
ৱিকিমিডিয়া কমন্সত Species by IUCN Red List category সম্পৰ্কীয় মিডিয়া ফাইল আছে। |