আকবৰ

আকবৰ
মহামতি

এটা সিংহ আৰু এটা গৰুৰ পোৱালীৰ সৈতে আকবৰ। চিত্ৰকৰ: গোৱৰ্দ্ধন, প্ৰায় ১৬৩০
৩য় মোগল সম্ৰাট
ৰাজত্ব ১১ ফেব্ৰুৱাৰী ১৫৫৬ – ২৭ অক্টোবৰ ১৬০৫[1][2]
অভিষেক ১৪ ফেব্ৰুৱাৰী ১৫৫৬[1]
পূৰ্বসূৰী হুমায়ুন
উত্তৰাধিকাৰী জাহাংগীৰ
ৰাজ-প্ৰতিনিধি বৈৰাম খান (১৫৫৬–১৫৬০)[3]
দাম্পত্য সংগী
পত্নী
  • ৰাজ কোঁৱৰী (বি. ১৫৭০)
  • নাতী বাঈ (বি. ১৫৭০)
  • ভাক্কাৰী বেগম (বি. ১৫৭২)
  • কোৱাছিমা বানু বেগম (বি. ১৫৭৫)
  • গৌহৰ-আন-নিছা বেগম
  • বিবি দৌলত ছাদ
  • ৰুক্মৱতী
  • আৰু বহুত
সন্তান
সম্পূৰ্ণ নাম
আবুল-ফাহ জালাল-উদ-দিন মুহাম্মদ আকবৰ[8] (১৫ অক্টোবৰ, ১৫৪২
Posthumous name
আৰ্শ-আশ্যানি (lit.'ঐশ্বৰিক সিংহাসনত যি বাহ সাজে')
বাসগৃহ বাবৰৰ ঘৰ
মাতৃ হামিদা বানু বেগম
পিতৃ হুমায়ুন
জন্ম ১৫ অক্টোবৰ ১৫৪২
অমৰকোট, ৰাজপুতানা (বৰ্তমানৰ ওমেৰকোট, সিন্ধ, পাকিস্তান)
মৃত্যু ২৭ অক্টোবৰ, ১৬০৫ (৬৩ বছৰ)
ফাটেহপুৰ শিক্ৰি, আগ্ৰা, মোগল সাম্ৰাজ্য (বৰ্তমান উত্তৰ প্ৰদেশ, ভাৰত)
সমাধিস্থল নৱেম্বৰ ১৬০৫
আকবৰৰ সমাধি সৌধ, ছিকান্দ্ৰা, আগ্ৰা, ভাৰত
ধৰ্ম ছুন্নী ইছলাম[9][10]
দিন-ই-ইল্লাহি

আবুল-ফাহ জালাল-উদ-দিন মুহাম্মদ আকবৰ (ইংৰাজী: Abu'l-Fath Jalal-ud-din Muhammad Akbar) (১৫ অক্টোবৰ ১৫৪২ – ২৭ অক্টোবৰ ১৬০৫), হৈছে মোগল সাম্ৰাজ্যৰ তৃতীয়জন সম্ৰাট। তেঁওক “মহামতি আকবৰ” আৰু “আকবৰ প্ৰথম” নামেৰেও জনা যায়। তেঁও তেঁওৰ পিতৃ হুমায়ুনৰ পিছত ১৫৫৬ খ্ৰীষ্টাব্দৰ পৰা ১৬০৫ খ্ৰীষ্টাব্দলৈ মোগল সাম্ৰাজ্যৰ শাসনকৰ্তা আছিল। ভাৰত উপ-মহাদেশত তেঁওৰ সাম্ৰাজ্য বিস্তাৰ আৰু ৰাজ্য দখল কাৰ্যত বৈৰাম খান নামৰ এজন সভাসদে বিশেষ সহায় কৰিছিল।

সম্ৰাট আকবৰ আছিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক জাহৰুদ্দিন মহম্মদ বাবৰৰ নাতি আৰু নাছিৰুদ্দিন হুমায়ুন আৰু হামিদা বানুৰ পুত্ৰ। আকবক ককাকৰ ফালৰ পৰা বাবৰৰ বংশ টাইমুৰ বংশৰ সৈতে আৰু মাতৃৰ ফালৰ পৰা মংগোলীয় নেতা ছেংগিছ খানৰ সৈতে সম্পৰ্কীত আছিল। তেঁওৰ পিতৃৰ মৃত্যুৰ পিছত মাত্ৰ ওঠৰ বছৰ বয়সতে তেঁও ৰাজপাটত আৰোহন কৰিছিল। মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰ একমাত্ৰ সম্ৰাট যিয়ে হিন্দু আৰু মুছলমান উভয় শ্ৰেণীৰ পৰা সমান মৰম আৰু সন্মান লাভ কৰিছিল। হিন্দু-মুছলমান সম্প্ৰদায়ৰ মাজৰ দূৰত্ব হ্ৰাস কৰিবলৈ তেওঁ দীন-ই-ইলাহি নামৰ এটা ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ দৰবাৰ সকলো সময়তে সকলোৰে বাবে মুকলি আছিল। তেওঁৰ দৰবাৰত মুছলমান মুখীয়ালতকৈ হিন্দু মুখীয়াল বেছি আছিল। আকবৰে কেৱল হিন্দুসকলৰ ওপৰত জাপি দিয়া জিজিয়া কৰ বিলুপ্ত কৰাই নহয়, এনে অন্য বহু কাম কৰিছিল, যাৰ বাবে হিন্দু আৰু মুছলমান উভয়েই তেওঁৰ প্ৰশংসক হৈ পৰিছিল। তেওঁৰ ৰাজত্বকালত তেওঁ শক্তিশালী পাষ্টুন বংশধৰ শ্বেৰ শ্বাহ ছুৰীৰ আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আৰু লগতে পানীপথৰ দ্বিতীয় যুদ্ধত নতুনকৈ ঘোষণা কৰা হিন্দু ৰজা হেমুক পৰাস্ত কৰে। দুটা দশকৰ ভিতৰত তেঁও উত্তৰ আৰু মধ্য ভাৰতৰ প্ৰায় সকলো অঞ্চলকে এক শাসনৰ আওতালৈ আনিবলৈ সক্ষম হয়। প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশৰ ওপৰত তেওঁৰ প্ৰভাৱ আছিল আৰু সম্ৰাট হিচাপে অঞ্চলটোৰ এক বৃহৎ অংশ শাসন কৰিছিল। সম্ৰাট হিচাপে আকবৰে শক্তিশালী আৰু অসংখ্য হিন্দু ৰাজপুত ৰজাৰ সৈতে কূটনৈতিক সম্পৰ্ক গঢ়ি তুলিছিল আৰু সেই ৰাজ্যসমূহৰ পৰা বিবাহো কৰিছিল।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Eraly 2000, পৃষ্ঠা 114, 117
  2. "Akbar (Mughal emperor)". Encyclopædia Britannica. Retrieved 18 January 2013. 
  3. Chandra 2005, পৃষ্ঠা 95
  4. Jahangir 1999, পৃষ্ঠা 437
  5. Hindu Shah 1595–1612, পৃষ্ঠা 223
  6. Mehta 1984, পৃষ্ঠা 222
  7. Ahloowalia 2009, পৃষ্ঠা 130
  8. Ballhatchet, Kenneth A. (31 March 2023). "Akbar" (en ভাষাত). Encyclopædia Britannica. https://www.britannica.com/biography/Akbar। আহৰণ কৰা হৈছে: 28 May 2023. 
  9. Black 2011, পৃষ্ঠা 245
  10. Eraly 2000, পৃষ্ঠা 189
  11. "আকবৰ". কলম্বিয়া বিশ্বকোষ. ২০০৮. http://www.encyclopedia.com/doc/1E1-Akbar.html। আহৰণ কৰা হৈছে: ৪ ছেপ্টেম্বৰ ২০২৩.