সিঙে ২০১২ চনত টেলিভিছন শ্ব’ না বলে তুম না মেইনে কুচ কাহাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁ কুনাল কৰণ কাপুৰৰ বিপৰীতে দুটা সন্তান থকা বিধৱা মেঘা ব্যাস ভাটনগৰৰ চৰিত্ৰত অভিনয় কৰিছিল। অভিনয়ৰ বাবে তেওঁ “মহিলাৰ নতুন মুখ’’ৰ বাবে ইণ্ডিয়ান টেলি বঁটা লাভ কৰে। দুটা ছিজনৰ পিছত ২০১৩ চনত এই অনুষ্ঠানৰ অন্ত পৰে৷[6]
ইয়াৰ পিছত ২০১৫ চনত সসীম ধাৰাবাহিক গুলমোহৰ গ্ৰেণ্ডত অভিনয় কৰে। হোটেল উদ্যোগৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই অনুষ্ঠানত তেওঁ অনাহিতা, "এনি" মেহতা ফাৰ্নাণ্ডেজৰ চৰিত্ৰত অভিনয় কৰে। ২০১৬ চনত আহমেদাবাদ এক্সপ্ৰেছ দলৰ বক্স ক্ৰিকেট লীগৰ অংশীদাৰো আছিল সিং। ২০১৭ চনত তেওঁ আয়ে জিন্দাগীৰ এটা খণ্ডত উকীলৰ চৰিত্ৰত অভিনয় কৰিছিল।[7]
২০১৭ চনত হিন্দী ছবি বদ্ৰীনাথ কি দুলহনিয়াৰ জৰিয়তে সিঙে প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিছিল। একে বছৰতে মল্লী ৰাভাৰ চৰিত্ৰত সুমন্তৰ বিপৰীতে তেলেগু ছবিত অভিনয় কৰিছিল। ই মিশ্ৰিতৰ পৰা ইতিবাচক সমালোচনা লাভ কৰে[8] আৰু তেওঁৰ অভিনয়ৰ বাবে তেওঁ তেলেগু ছবিৰ শ্ৰেষ্ঠ মহিলা নৱাগতাৰ SIIMA বঁটাৰ বাবে মনোনীত হয়৷[9]
২০১৮ চনত তেওঁৰ দ্বিতীয়খন তেলুগু ছবি দেৱদাস (২০১৮)ত অভিনেতা নাগাৰ্জুনৰ বিপৰীতে অভিনয় কৰে। ই ইতিবাচক সমালোচনা লাভ কৰিছিল আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।[10] সেই বছৰতে তেওঁ দুখন চুটি ছবি মেথি কে লাডু আৰু কাইদত অভিনয় কৰে।[11]
সিঙে ২০১৯ চনত অভিনেতা সুদীপৰ বিপৰীতে অভিনয় কৰি পাইলৱান ছবিখনৰ জৰিয়তে তেওঁৰ কানাড়া চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ৫টা ভাষাত মুক্তি পোৱা এই ছবিখনে বক্স অফিচত মোটামুটি হিট আছিল।[12]
২০২১ চনত তেলেগু ৱেব ধাৰাবাহিক পৰমপাৰা (২০২১ টিভি ধাৰাবাহিক)ৰ জৰিয়তে ৱেবত আত্মপ্ৰকাশ কৰে।[13] ২০২২ চনত সিঙে তামিল-তেলুগু দ্বিভাষিক ছবি, ক্লেপত আধি পিনিচেট্টীৰ বিপৰীতে অভিনয় কৰে। ইয়াক SonyLIVৰ প্লেটফৰ্মত মুকলি কৰা হৈছিল।[14] ইয়াৰ পিছত তেওঁ তামিল ছবি বীৰাপাণ্ডিয়াপুৰমত অভিনয় কৰি নেতিবাচক সমালোচনা লাভ কৰে।[15]ইয়াৰ পিছত তেওঁ দ্বিতীয়খন হিন্দী ছবি ৰাণৱে ৩৪ত অজয় দেৱগনৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে৷[16] ছবিখনে সৰ্শকৰ পৰা কিছু মিশ্ৰিত, কিছু ইতিবাচক সমালোচনা লাভ কৰিছিল।[17]