আকৰ্ষ খুৰানা | |
---|---|
জন্ম | মুম্বাই |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | ছেইণ্ট জেভিয়াৰকলেজ, মুম্বাই |
পেচা | অভিনেতা লেখক পৰিচালক প্ৰযোজক |
উল্লেখযোগ্য কৰ্ম |
|
আকৰ্ষ খুৰানা(ইংৰাজী: Akarsh Khurana) এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেতা। তেঁও অভিনেতা, পৰিচালক আকাশ খুৰানাৰ পুত্ৰ।[1] তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে টিভিএফ ট্ৰিপলিং (এজন লেখক হিচাপে)[2] , ইয়ে মেৰী ফেমীলি (অভিনেতা),[3] মিচমেচ্চড (পৰিচালক হিচাপে)[4] আৰু কৃষ (এজন সহায়ক চিত্ৰনাট্য লেখক হিচাপে)।[5]
আকৰ্ষ খুৰানাই মুম্বাইৰ ছেইণ্ট জেভিয়াৰকলেজৰ পৰা পৰিসংখ্যা বিজ্ঞানত স্নাতক সন্মান অৰ্জন কৰিছে।[6] তেওঁ মিউজিয়াম কে আণ্ডাৰ ফঁচ গয়া সিকন্দৰ (নাইট এট দা মিউজিয়ামৰ এটা ডাব কৰা সংস্কৰণ) চলচ্চিত্ৰৰ যোগেদি কৰ্মজীৱন আৰম্ভ কৰিছিল।[7] তেওঁ নিজৰ কোম্পানী একেভেৰীআচ প্ৰডাকচনৰ সৈতে দা ভাইৰেল ফিভাৰ আৰু আৰ এছ এণ্টাৰটেইনমেণ্ট আদি বিভিন্ন কোম্পানীত কাম কৰাৰ ১৫ বছৰৰো অধিক অভিজ্ঞতা লাভ কৰিছে।[6]
২০২০ চনৰ ছেপ্টেম্বৰত তেওঁ তেওঁৰ ভাতৃ আধাৰ খুৰানাৰ সৈতে ট্ৰাইকা প্ৰডাকচনৰ এটা নতুন কোম্পানী আৰম্ভ কৰিছিল।[8]
ৱেব চিৰিজ আৰু চলচ্চিত্ৰৰ লগতে তেওঁ ছবিগৃহতো প্ৰদৰ্শন কৰে।
২০২১ চনৰ মে' মাহলৈকে, তেওঁ নতুন ক্ৰীড়াভিত্তিক নাটক চলচ্চিত্ৰ ৰশ্মি ৰকেটত কাম কৰি আছে।[9][10]