আজিজ মিঞা কাৱাল | |
---|---|
ইণ্টাৰনেটত উপলব্ধ আজিজ মিঞাৰ ফাইল ফটো | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | আব্দুল আজিজ |
আন নাম | শ্বাহেনশ্বাহ-এ-কাৱালী আজিজ মিঞা মীৰুথি |
জন্ম | ১৭ এপ্ৰিল, ১৯৪২ [1] দিল্লী, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৬ ডিচেম্বৰ, ২০০০ (৫৮ বছৰ)[1] তেহৰাণ, ইৰাণ- পাকিস্তানৰ মুলতানত কবৰ দিয়া হয়।) |
সংগীতৰ প্ৰকাৰ | কাৱালী, গজল |
পেচা |
|
বাদ্যযন্ত্ৰ | হাৰমনিয়াম |
কাৰ্যকাল | ১৯৬৬ – ২০০০ |
ৰেকৰ্ড লেবেল | ইএমআই পাকিস্তান, অৰিয়েণ্টেল ষ্টাৰ এজেন্সিচ্, কলম্বিয়া ৰেকৰ্ডচ্ |
আজিজ মিঞা কাৱাল (উৰ্দু: عزیز میاں قوال; জন্ম: ১৭ এপ্ৰিল ১৯৪২ – ৬ ডিচেম্বৰ ২০০০) এগৰাকী পাকিস্তানী পৰম্পৰাগত কাৱাল; যি তেওঁৰ নিজা শৈলীত কাৱালী আৰু গজল গোৱাৰ বাবে বিখ্যাত আছিল। তেওঁক দক্ষিণ এছিয়াৰ এগৰাকী অন্যতম মহান কাৱাল বুলি গণ্য কৰা হয়।[2][3] তেওঁ বাণিজ্যিকভাৱে মুক্তি দিয়া আটাইতকৈ দীঘলীয়া কাৱালী গীত গোৱাৰ অভিলেখ গঢ়িছে। তেওঁৰ হচ্ৰ কে ৰোজ ইয়ে পুচ্ছুঙ্গা শীৰ্ষক গীতটি প্ৰায় ১৫০ মিনিটৰ। আজিজক শ্বাহেনশ্বাহ-এ-কাৱালী বুলি জনা যায়। প্ৰাৰম্ভিক প্ৰদৰ্শন সেনা বেৰেকত কৰা বাবে তেওঁক ফৌজী কাৱাল (সামৰিক গায়ক) বুলিও কোৱা হয়।[4]
ব্ৰিটিছ ভাৰতত আজিজ মিঞাৰ জন্ম হৈছিল। তেওঁৰ জন্ম নাম আছিল আব্দুল আজিজ। কাৱালী পৰিৱেশন কৰোঁতে তেওঁ প্ৰায়ে বিস্ময়বোধক মিঞা শব্দটো ব্যৱহাৰ কৰিছিল আৰু ই তেওঁৰ নামৰ অংশ হৈ পৰিছিল। নিজকে তেওঁ আজিজ মিঞা মীৰুথি বুলি পৰিচয় দিছিল। মীৰুথি শব্দটোৱে উত্তৰ ভাৰতৰ মীৰাট চহৰখনক বুজায়, য’ৰ পৰা ১৯৪৭ চনৰ বিভাজনৰ সময়ত তেওঁ পাকিস্তানলৈ প্ৰব্ৰজন কৰিছিল। দহ বছৰ বয়সত তেওঁ লাহোৰৰ ওস্তাদ আব্দুল ৱাহিদ খানৰ তত্ত্বাৱধানত হাৰমনিয়াম শিকিবলৈ আৰম্ভ কৰে। আজিজে লাহোৰৰ ডাটা গঞ্জ বক্স স্কুলত ষোল্ল বছৰ পঢ়া-শুনা কৰিছিল আৰু লাহোৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু সাহিত্য, ইছলামিক অধ্যয়ন আৰু দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী আৰু ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।[5]
আজিজ মিঞা অ-পৰম্পৰাগত পাকিস্তানী কাৱালসকলৰ মাজৰ এজন আছিল। তেওঁৰ কণ্ঠস্বৰ ৰসাত্মক আৰু শক্তিশালী আছিল। নিজৰ গীত নিজে লিখি তেওঁ পৰিৱেশন কৰিছিল।[5] আজিজ মিঞা সাবৰি ব্ৰাদাৰ্ছৰ প্ৰতিযোগী আছিল।
তেওঁ প্ৰথমে ব্যক্তিগত সমাৱেশত গীত গাইছিল। ১৯৬৬ চনত তেওঁ প্ৰথম আনুষ্ঠানিক মঞ্চ পৰিৱেশন কৰে। ইৰাণৰ ৰজা ৰেজা শ্বাহ পেহলৱীৰ সন্মুখত তেওঁ পৰিৱেশন কৰিছিল। তেওঁৰ পৰিৱেশনৰ দ্বাৰা ৰেজা শ্বাহ ইমানেই প্ৰভাৱিত হয় যে, তেওঁ আজিজ মিঞাক সোণৰ পদকেৰে সন্মানিত কৰে। সেই মুহূৰ্তৰ পৰা, আজিজ মিঞাই জনপ্ৰিয়তা অৰ্জন কৰে আৰু এলবাম মুকলি কৰা আৰম্ভ কৰে। কাৱালী পৰিৱেশন কৰাৰ উপৰিও, তেওঁ নিপুনতাৰে গজল গাইছিল। তেওঁৰ অনন্য কণ্ঠস্বৰৰ বাবে তেওঁ কাৱাল সম্প্ৰদায়ৰ এজন বিশিষ্ট সদস্য হৈ পৰিছিল।[6] কৰ্মজীৱনৰ আৰম্ভণিৰ দিনবোৰত তেওঁক ফৌজী কাৱাল[7] বুলি অভিহিত কৰা হৈছিল কাৰণ তেওঁৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বেছিভাগ প্ৰদৰ্শন সেনা জোৱানসকলৰ বাবে সামৰিক বেৰেকত আছিল। তেওঁক আবৃত্তিমূলক নাটকীয় পৰিৱেশনৰ বাবে জনা যায়, য’ত তেওঁ কাৱালীৰ ধৰ্মীয় দিশটোক অধিক গুৰুত্ব দিছিল।[8]
তেওঁ তেওঁৰ কাৱালীত ধাৰ্মিক আৰু চুফী সাঁথৰসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ভাল পাইছিল। তেওঁ পোনপটীয়াকৈ আল্লাক সম্বোধন কৰিছিল আৰু মানুহৰ দুখৰ বিষয়ে অভিযোগ কৰিছিল। আজিজ মিঞাই নিজৰ কবিতাৰ উপৰিও আল্লামে ইকবাল, কুমাৰ জালালভি, জিগৰ মোৰাদাবাদী, তবিছ কানপুৰী এছ এম চাদিক, চৈফুদ্দিন ছেইফ তথা কাটিল সিফাই আদি কেইবাজনো সমসাময়িক উৰ্দু কবিৰ কবিতা পৰিৱেশন কৰিছিল।
২০০০ চনৰ ৬ ডিচেম্বৰত ইৰাণৰ তেহৰাণত আজিজ মিঞাৰ মৃত্যু হয়।[1] পাকিস্তানৰ মুলতানত তেওঁক কবৰ দিয়া হয়। মুলতানৰ তেওঁৰ সমাধিৰ ওচৰত আজিজ মিঞাৰ নামেৰে এখন দলং নামাকৰণ কৰা হৈছে।
সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে পাকিস্তান চৰকাৰে ১৯৮৯ চনত তেওঁক ‘প্ৰাইড অৱ পাৰ্ফমেঞ্চ’ সন্মান প্ৰদান কৰিছিল।[5][6]