বহুতো ধৰ্মীয়, দাৰ্শনিক আৰু পৌৰাণিক পৰম্পৰামতে আত্মা হৈছে জীৱৰ অন্তৰ্নিহিত এক অশৰীৰ সত্তা[1] আত্মাই জীৱৰ মানসিক ক্ষমতা যেনে: কাৰণ, চৰিত্ৰ, অনুভূতি, চেতনা, স্মৃতি, উপলব্ধি, চিন্তাভাবনা ইত্যাদিক প্ৰতিনিধিত্ব কৰে। দাৰ্শনিক ব্যবস্থাৰ ওপৰত নিৰ্ভৰ কৰি আত্মা নশ্বৰ নাইবা অবিনশ্বৰ হ'ব পাৰে।[2] ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটলৰ দৰে গ্ৰীক দাৰ্শনিকসকলে বুজি পাইছিল যে আত্মাৰ (ψυχή Psūchê) নিশ্চয় এক যৌক্তিক অনুষদ থাকে, যাৰ অনুশীলন মানুহৰ ক্ৰিয়াকলাপসমূহৰ ভিতৰত সবাতোকৈ ঐশ্বৰিক।
ইহুদী ধৰ্ম আৰু কিছু খ্ৰীষ্টান সম্প্ৰদায়ৰ মতে কেবলমাত্ৰ মানুহৰহে অমৰ আত্মা আছে (যদিও অমৰত্ব ইহুদী ধৰ্মৰ মতে বিতৰ্কিত আৰু অমৰত্বৰ ধাৰণাটো প্লেটোৰ দ্বাৰা প্ৰভাবিত হ’ব পাৰে)।[3] উদাহৰণস্বৰূপে, কেথলিক ধৰ্মতত্ত্ববিদ টমাছ একুইনাছৰ মতে সকলো প্ৰাণীৰ "আত্মা" (অ্যানিমে) আছে কিন্তু যুক্তি দিছিল যে কেবল মানৱ আত্মাহে অমৰ।[4] অন্যান্য ধৰ্মাৱলম্বীসকলে (বিশেষত হিন্দু ধৰ্ম আৰু জৈন ধৰ্ম) বিশ্বাস কৰে যে ক্ষুদ্ৰতম বেক্টেৰিয়াৰ পৰা বৃহত্তম স্তন্যপায়ী প্ৰাণী সকলোৰে প্ৰাণ হ'ল আত্মা (আত্মমান, জীৱ) আৰু পৃথিৱীত তেঁওলোক হৈছে আত্মাৰ দৈহিক প্ৰতিনিধি (দেহ) মাত্ৰ। আচল সত্ত্বা হ'ল আত্মা, আন্যহাতে শৰীৰ সেই জীৱনতৰ কৰ্মফল অনুভব কৰাৰ এক প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে যদি বাঘ দেখিবলৈ পোৱা যায় তেন্তে তাৰ এটা আত্ম-সচেতন পৰিচয় (আত্মা), আৰু এটা শাৰীৰিক প্ৰতিনিধি (বাঘৰ শৰীৰ, যি পৰ্যবেক্ষণযোগ্য) আছে। কিছুমান দৰ্শনৰ মতে নদী নাইবা পাহাৰ আদি অ-জৈবিক সত্ত্বাও আত্মাৰ অধিকাৰী। আত্মা সম্পৰ্কীয় এই বিশ্বাসক এনিমিজম (Animism) বোলা হয়।[5]