শংকৰাচাৰ্য | |
---|---|
আদি শঙ্কৰ আৰু তেওঁৰ শিষ্যগণ, ৰাজা ৰবি বৰ্মা (১৯০৪) | |
জন্ম | c. 700 CE (মতান্তৰ) [note 1] কালাডি, কংগো চেৰা সাম্ৰাজ্য (অধুনা কোচিন, কেৰালা, ভাৰত) |
মৃত্যু | 820 ADকেদাৰনাথ, গুৰ্জৰ-প্ৰতিহাৰ ৰাজবংশ (অধুনা উত্তৰাখণ্ড, ভাৰত) |
প্ৰকৃত নাম | শঙ্কৰ |
উপাধি/সন্মান | অদ্বৈত বেদান্ত ধৰ্মমতৰ ব্যাখ্যা আৰু প্ৰসাৰ |
প্ৰতিষ্ঠাপক | দশনামী সম্প্ৰদায়, অদ্বৈত বেদান্ত, ষন্মত |
গুৰু | গোবিন্দ ভাগৱতপাদ |
দৰ্শন | অদ্বৈত বেদান্ত |
উল্লেখযোগ্য শিষ্য(সকল) | পদ্মপাদ |
প্ৰভাৱিত কৰিছে | |
উক্তি | "ব্ৰহ্ম সত্য জগন্মিথ্যা জীৱ ব্ৰহ্মৈব ন অপৰঃ" |
আদি শংকৰ হৈছে অষ্টম শতিকাৰ এজন ভাৰতীয় অদ্বৈতবাদী দাৰ্শনিক[1][web 1] তথা বৈদিক পণ্ডিত আছিল।[2] হিন্দু ধৰ্মদৰ্শনৰ মীমাংসা ভাগৰ তেওঁ সমৰ্থক আছিল; বহ্মসূত্ৰ,উপনিষদ,গীতা আদিৰ দ্বাৰা তেওঁ আধ্যাত্মিকতাত গুৰুত্ব দিছিল। তেওঁক শংকৰাচাৰ্য নামেৰেও জনা যায়। বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰ কৰা আচাৰ্যসকলৰ ভিতৰত শংকৰাচাৰ্যই হ’ল প্ৰথম। কেৰালা প্ৰদেশৰ পুৰ্ণা নদীৰ পাৰৰ এখন গাৱত ৭৮৮ খ্ৰীঃত এওঁ জন্মগ্ৰহণ কৰিছিল। অতি সৰু থাকোঁতেই তেওঁ চাৰিওখন বেদৰ জ্ঞান আহৰণ কৰিছিল আৰু পিছলৈ কেৰালা ৰাজ্যত ভক্তিবাদৰ প্ৰচাৰ কৰিছিল। শংকৰাচাৰ্য আছিল বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক। তেওঁ জ্ঞানৰ ওপৰত জোৰ দিছিল আৰু সৎ জ্ঞান আৰু সৎ কৰ্মৰদ্বাৰাইহে যে মানুহে মুক্তি লাভ কৰিব পাৰে এই কথা প্ৰচাৰ কৰিছিল।
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "web" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="web"/>
টেগ্ পোৱা নগ'ল