![]() আদিত্য-এল১ৰ আদৰ্শ চিত্ৰ | |
অভিযানৰ প্ৰকাৰ | সৌৰ নিৰীক্ষণ |
---|---|
নিয়ন্ত্ৰক | ইছৰো |
COSPAR ID | 2023-132A |
SATCAT no. | 57754![]() |
ৱেবছাইট | www |
অভিযানৰ সময় | ৫.২ বছৰ (পৰিকল্পিত)[1] 1 year, 7 months and 16 days (অগ্ৰগতি) |
মহাকাশযানৰ বৈশিষ্টসমূহ | |
বাছ | I-1K [উদ্ধৃতিৰ প্ৰয়োজন] |
নিৰ্মাতা | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা / আন্তঃ বিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞান কেন্দ্ৰ / ভাৰতীয় জ্যোতিৰ্পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান |
উত্ক্ষেপিত ভৰ | ১,৪৭৫ কিলোগ্ৰাম (৩,২৫০ পাউণ্ড)[2] |
পেলোড ভৰ | ২৪৪ কিলোগ্ৰাম (৫৪০ পাউণ্ড)[1] |
অভিযানৰ আৰম্ভণি | |
উৎক্ষেপণৰ তাৰিখ | ২ ছেপ্তেম্বৰ ২০২৩, ১১:৫০ ভা.মা.স. (০৬:২০ ইউ.টি.চি) [3][4] |
ৰকেট | মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (PSLV-XL C57)[1] |
উৎক্ষেপণ স্থলী | সতীশ ধৱন মহাকাশ কেন্দ্ৰ |
Contractor | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
কক্ষীয় পৰিমাপসমূহ | |
প্ৰসংগ প্ৰণালী | সূৰ্য-পৃথিৱী লাগ্ৰাঁজ বিন্দু এল১ |
Regime | প্ৰভা কক্ষ (Halo orbit) |
পৰ্যায়কাল | ১৭৭.৮৬ দিন[5] |
আদিত্য-এল১ (ইংৰাজী: Aditya-L1) হৈছে সূৰ্যৰ বায়ুমণ্ডলৰ অধ্যয়নৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু অন্যান্য বহুকেইটা ভাৰতীয় গৱেষণা সংস্থাৰ সমন্বয়ত ৰূপাংকণ তথা বিকাশ কৰা এখন ক'ৰ'ণাগ্ৰাফি মহাকাশযান (coronagraphy spacecraft)।[1] এই যানখন পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ আঁতৰত থকা সূৰ্য আৰু পৃথিৱীৰ মাজৰ এক এল১ লাগ্ৰাঁজ বিন্দুৰ (L1 Lagrange point) চাৰিওকাশে থকা প্ৰভামণ্ডলীয় কক্ষপথলৈ (halo orbit) গৈ সৌৰ বায়ুমণ্ডল, সৌৰ চুম্বকীয় ধুমুহা আৰু পৃথিৱীৰ পৰিৱেশত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰিবলৈ পঠিওৱা হৈছে।[6]
আদিত্য হৈছে সূৰ্যৰ গতিবিধি নিৰীক্ষণৰ বাবে প্ৰথম ভাৰতীয় অভিযান আৰু ২০২৩ চনৰ ছেপ্তেম্বৰ মাহৰ ১১:৫০ বজাত[7][3][4] (ভা. মা. স.) পিএছএলভি-এক্সএল[1] (PSLV-XL) নামৰ এখন উৎক্ষেপণ বাহনৰ দ্বাৰা উৎক্ষেপণ কৰা হয়। ঐতিসাহিক চন্দ্ৰযান-৩ৰ সফলতাৰ মাত্ৰ ১০ দিনৰ পিছতেই ভাৰতে এই সৌৰযান উৎক্ষেপন কৰে আৰু কেৱল এঘণ্টাৰ পিছতে যানখতে তাৰ আকাংশিত কক্ষত সফলতাৰে উপনীত হয়।[8] যানখনে ভাৰতীয় মান সময়মতে পিছবেলা ১২:৫৪ বজাত ইয়াৰ চতুৰ্থ স্তৰৰ পৰা পৃথক হ’ব।
আদিত্য-এল১ অভিযানৰ প্ৰধান লক্ষ্যসমূহ হ’ল-
২০০৮ চনৰ জানুৱাৰী মাহত মহাকাশ গৱেষণাৰ পৰামৰ্শদাতা সমিতিয়ে প্ৰথমবাৰৰ বাবে সূৰ্যক অধ্যয়ন কৰা আদিত্যৰ বিষয়ে ধাৰণা কৰিছিল। প্ৰথমতে ইয়াক সৌৰ ক’ৰ’না অধ্যয়নৰ বাবে ক’ৰ’নাগ্ৰাফৰ সৈতে ৪০০ কিলোগ্ৰাম (৮৮০ পাউণ্ড) ভৰৰ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা (৮০০ কিলোমিটাৰ) সৰু উপগ্ৰহ হিচাপে কল্পনা কৰা হৈছিল। এই মিছনৰ বাবে ২০১৬–২০১৭ বিত্তীয় বৰ্ষৰ বাবে ৩ কোটি টকাৰ পৰীক্ষামূলক বাজেট আবণ্টন দিয়া হৈছিল।[10][11][12] তাৰ পিছত এই অভিযানৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হৈছে আৰু এতিয়া ইয়াক লাগ্ৰাঁজ বিন্দু এল ১ত স্থাপন কৰিবলৈ এটা বিস্তৃত সৌৰ আৰু মহাকাশ পৰিৱেশ মানৱ নিৰীক্ষণ কেন্দ্ৰ হিচাপে পৰিকল্পনা কৰা হৈছে।[13] সেয়ে এই অভিযানৰ নাম "আদিত্য-এল১" ৰখা হয়। ২০১৯ চনৰ জুলাই মাহলৈকে এই অভিযানৰ আবণ্টিত খৰচ হৈছে উৎক্ষেপণৰ খৰচ বাদ দি ₹৭৮.৫৩ কোটি টকা।[14]
"আদিত্য" সূৰ্য্যক প্ৰতিনিধিত্ব কৰা হিন্দু দেৱতা সূৰ্য্যৰ পৰা উদ্ভৱ হৈছে। আদিত্য সূৰ্যৰ আন এটা নাম। "L1" (অসমীয়াত এল১) চিহ্নটোৱে লাগ্ৰাঁজ বিন্দু ১ বুজায়। এল১ বিন্দুয়ে সূৰ্য্য আৰু পৃথিৱীৰ মাজত অৱস্থিত নিৰ্দিষ্ট স্থানক বুজায়। মহাকাশযানখনে যাত্ৰা কৰিবলৈ নিৰ্ধাৰণ কৰা এই বিন্দুৰ নামেৰে যানখনৰ নাম আদিত্য-এল১ ৰখা হৈছে।[4]
আদিত্য-এল১ অভিযানে পৃথিৱীৰ পৰা প্ৰায় ১৫০০,০০০ কিলোমিটাৰ (৯৩০,০০০ মাইল) দূৰত্বত থকা এল১ বিন্দুৰ চাৰিওফালে থকা প্ৰভা কক্ষপথত উপনীত হ’বলৈ পৃথিৱীৰ প্ৰায় ১০৯ দিন[15] সময় লাগিব। মহাকাশযানখনে পৰিকল্পিত অভিযানৰ সময়ছোৱাৰ বাবে প্ৰভা কক্ষপথত থাকিব আৰু প্ৰতি বছৰে ০.২ – ৪ মিটাৰ প্ৰতি ছেকেণ্ডৰ ষ্টেচনকিপিং কষ্ট্ (Orbital station-keeping cost)ত ৰক্ষণাবেক্ষণ কৰিব।[16] ১৫০০ কিলোগ্ৰাম (৩,৩০০ পাউণ্ড) ওজনৰ এই উপগ্ৰহটোৱে বিভিন্ন উদ্দেশ্যৰে সাতটা বৈজ্ঞানিক সঁজুলি বা পেল'ড কঢ়িয়াই লৈ গৈছে। এই সঁজুলিসমূহে ক'ৰ'নেল উত্তাপ, সৌৰ বতাহৰ ত্বৰণ, ক'ৰ'নেল মেগনেট'মেট্ৰি, যিয়ে পৃথিৱীৰ ওপৰৰ বায়ুমণ্ডলীয় গতিশীলতা আৰু বিশ্ব জলবায়ুক পৰিচালিত কৰা নিম্ন অতিবেঙুনী বিকিৰণৰ উৎপত্তি আৰু নিৰীক্ষণ, সৌৰ আলোকমণ্ডলৰ ক্ৰম'স্ফিয়াৰ আৰু ক'ৰ'নাৰ সৈতে সংযোজন, মহাকাশ আৰু ভূমিভিত্তিক সৌৰ বতাহ আৰু সৌৰ চুম্বকীয় ধুমুহাৰ শক্তিশালী কণিকাৰ প্ৰবাহ আৰু চুম্বকীয় ক্ষেত্ৰ জুখি পৃথিৱীৰ চাৰিওফালে থকা মহাকাশ পৰিৱেশৰ স্থানীয় বৈশিষ্ট্য নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হ'ব।[1]
আদিত্য-এল১ অভিযানে সূৰ্য্যৰ আলোকমণ্ডল, ক্ৰম’স্ফিয়াৰ আৰু ক’ৰ’নাৰ পৰ্যবেক্ষণ প্ৰদান কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও এটা যন্ত্ৰই এল১ কক্ষপথত উপনীত হোৱা সৌৰ শক্তিশালী কণিকাৰ প্ৰবাহ অধ্যয়ন কৰিব। আনহাতে মেগনেটোমিটাৰ পেল'ডে এল১ৰ চাৰিওফালে থকা প্ৰভা কক্ষপথত চুম্বকীয় ক্ষেত্ৰৰ শক্তিৰ তাৰতম্য জুখিব। এই পেল'ডবোৰ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ পৰা হোৱা হস্তক্ষেপৰ বাহিৰত ৰাখিব লাগে আৰু সেয়েহে মূল আদিত্য অভিযানৰ ধাৰণাত প্ৰস্তাৱিত ধৰণে পৃথিৱীৰ নিম্ন কক্ষপথত উপযোগী হ’ব নোৱাৰিলেহেঁতেন।[17]
সৌৰ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত সমাধান নোহোৱা এটা প্ৰধান সমস্যা হ'ল সূৰ্য্যৰ উচ্চ বায়ুমণ্ডলীয় অঞ্চল ১,০০০,০০০ কেলভিন উষ্ণ হোৱাৰ বিপৰীতে নিম্ন বায়ুমণ্ডলীয় অঞ্চল মাত্ৰ ৬,০০০ কেলভিন উষ্ণ। ইয়াৰ উপৰিও সূৰ্যৰ বিকিৰণে পৃথিৱীৰ বায়ুমণ্ডলৰ গতিশীলতাক কম সময়ৰ লগতে দীৰ্ঘ সময়ৰ স্কেলত সঠিকভাৱে কেনেদৰে প্ৰভাৱিত কৰে সেয়াও বুজা হোৱা নাই। এই অভিযানে সূৰ্য্যৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ প্ৰায় একেলগে থকা ছবি লাভ কৰিব। ইয়াৰ ফলত শক্তিক এটা স্তৰৰ পৰা আন এটা স্তৰলৈ চেনেল আৰু স্থানান্তৰ কৰাৰ উপায়সমূহ উন্মোচন কৰিব পৰা যাব। এইদৰে আদিত্য-এল১ অভিযানে সূৰ্য্যৰ গতিশীল প্ৰক্ৰিয়াসমূহৰ বিষয়ে ব্যাপক বুজাবুজিৰ সুবিধা প্ৰদান কৰিব আৰু সৌৰ পদাৰ্থ বিজ্ঞান আৰু সূৰ্য্যপদাৰ্থ বিজ্ঞানৰ কিছুমান অসাধাৰণ সমস্যাৰ সমাধান কৰিব।
আদিত্য-এল১ অভিযানে সূৰ্য্যৰ আচৰণ আৰু পৃথিৱী আৰু মহাকাশৰ পৰিৱেশৰ সৈতে ইয়াৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে আমাৰ বুজাবুজিক যথেষ্ট উন্নত কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। এই অভিযানৰ পৰা পৰিকল্পিত পৰ্যবেক্ষণ আৰু তথ্য সংগ্ৰহৰ ফলত সৌৰ আৰু সৌৰপদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰত কেইবাটাও যুগান্তকাৰী আৱিষ্কাৰ আৰু পৰিঘটনা উজাগৰ হোৱাৰ সম্ভাৱনা আছে।
আদিত্য-এল১য়ে কঢ়িয়াই নিয়া বৈজ্ঞানিক সঁজুলিসমূহে সৌৰ বায়ুমণ্ডল মূলতঃ ক্ৰম’স্ফিয়াৰ আৰু ক’ৰ’না পৰ্যবেক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব। এই বৈজ্ঞানিক যন্ত্ৰসমূহে এল১ বিন্দুৰ স্থানীয় পৰিৱেশ পৰ্যবেক্ষণ কৰিব। ইয়াৰ অন-বৰ্ডত সাতটা বৈজ্ঞানিক সঁজুলি বা পেল'ড আছে তাৰে চাৰিটা সূৰ্য্যৰ ৰিম'ট চেন্সিঙৰ বাবে আৰু তিনিটা ইন-চিটু (In Situ) পৰ্যবেক্ষণৰ বাবে ব্যৱহৃত হ'ব।[20]
প্ৰকাৰ | ক্ৰমিক নং | বৈজ্ঞানিক সঁজুলি | সামৰ্থ্য |
---|---|---|---|
ৰিম'ট চেন্সিং পেল'ড | ১ | দৃশ্যমান নিৰ্গমন লাইন ক'ৰ'নাগ্ৰাফ (Visible Emission Line Coronagraph, VELC) | ক'ৰ'না/ইমেজিং আৰু স্পেকট্ৰ'স্কপি |
২ | সৌৰ অতিবেঙুনীয়া ইমেজিং দুৰবীক্ষণ (Solar Ultraviolet Imaging Telescope, SUIT) | ফটোস্ফিয়াৰ আৰু ক্ৰম’স্ফিয়াৰ ইমেজিং- নেৰ' আৰু ব্ৰডবেণ্ড | |
৩ | সৌৰ নিম্ন শক্তিৰ এক্স-ৰে স্পেকট্ৰমিটাৰ (Solar Low Energy X-ray Spectrometer, SoLEXS) | মৃদু এক্স-ৰে বৰ্ণালীমাপক: সূৰ্য্য-তৰা হিচাপে পৰ্যবেক্ষণ | |
৪ | উচ্চ শক্তি এল১ কক্ষপথত চলা এক্স-ৰে স্পেকট্ৰ'মিটাৰ (High Energy L1 Orbiting X-ray Spectrometer, HEL1OS) | দৃঢ় এক্স-ৰে বৰ্ণালীমাপক : সূৰ্য্য-এটা-তৰা হিচাপে পৰ্যবেক্ষণ | |
ইন-চিটো পেল'ড | ৫ | আদিত্য সৌৰ বতাহৰ কণিকা পৰীক্ষা (Aditya Solar wind Particle Experiment, ASPEX) | সৌৰ বতাহ/কণা বিশ্লেষক প্ৰ’টন আৰু দিশৰ সৈতে গধুৰ আয়ন |
৬ | আদিত্যৰ বাবে প্লাজমা বিশ্লেষক পেকেজ (Plasma Analyser Package For Aditya, PAPA) | সৌৰ বতাহ/কণা বিশ্লেষক ইলেক্ট্ৰন আৰু দিশৰ সৈতে গধুৰ আয়ন | |
৭ | উন্নত ত্ৰি-অক্ষীয় উচ্চ ৰিজ’লিউচন ডিজিটেল মেগনেট’মিটাৰ (Advanced Tri-axial High Resolution Digital Magnetometers) | ইন-চিটু চুম্বকীয় ক্ষেত্ৰ (Bx, By আৰু Bz) |
দেশৰ বিভিন্ন ভাৰতীয় পৰীক্ষাগাৰে আদিত্য-এল১ৰ বৈজ্ঞানিক সঁজুলি বা পেল'ড প্ৰস্তুত কৰিছে। ইছৰোৰ বিভিন্ন কেন্দ্ৰৰ ঘনিষ্ঠ সহযোগিতাৰে সকলো পেল'ড প্ৰস্তুত কৰা হৈছে। ছটা বৈজ্ঞানিক অনুসন্ধানকাৰী পৰীক্ষাগাৰ আৰু সঁজুলিসমূহ হ'ল-
ক্ৰমিক সংখ্যা | বৈজ্ঞানিক সঁজুলি | পৰীক্ষাগাৰ |
---|---|---|
১ | দৃশ্যমান নিৰ্গমন লাইন ক'ৰ'নাগ্ৰাফ (VELC) | ভাৰতীয় জ্যোতিৰ্পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰু |
২ | সৌৰ অতিবেঙুনীয়া ইমেজিং দুৰবীক্ষণ (SUIT) | আন্তঃ বিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞান কেন্দ্ৰ, পুনে |
৩ | আদিত্য সৌৰ বতাহৰ কণিকা পৰীক্ষা | ভৌতিক গৱেষণা পৰীক্ষাগাৰ, আহমেদাবাদ |
৪ | আদিত্যৰ বাবে প্লাজমা বিশ্লেষক পেকেজ | মহাকাশ পদাৰ্থ বিজ্ঞান পৰীক্ষাগাৰ, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, তিৰুৱনন্তপুৰম |
৫ | সৌৰ উচ্চ আৰু নিম্ন শক্তিৰ এক্স-ৰে স্পেকট্ৰমিটাৰ | ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰ, বেংগালুৰু |
৬ | উন্নত ত্ৰি-অক্ষীয় উচ্চ ৰিজ’লিউচন ডিজিটেল মেগনেট’মিটাৰ | ইলেক্ট্ৰ' অপটিক্স চিষ্টেমৰ বাবে পৰীক্ষাগাৰ, বেংগালুৰু |
২০২৩ চনৰ ২ ছেপ্টেম্বৰত ভাৰতীয় মান সময় অনুসৰি ১১:৫০ বজাত মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (PSLV-C57) য়ে শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা আদিত্য-এল১ৰ সফল উৎক্ষেপণ সম্পন্ন কৰে।[4] উৎক্ষেপণৰ পুৱা লঞ্চ স্থানৰ কাষৰ ভিউইং গেলেৰীত কেইবা হাজাৰ ব্যক্তিয়ে লিফ্ট অফৰ সাক্ষী হ’বলৈ সমবেত হয়। একে সময়তে ইয়াক ৰাষ্ট্ৰীয় টেলিভিছনত লাইভ সম্প্ৰচাৰ কৰা হৈছিল।
৬৩ মিনিট ২০ ছেকেণ্ডৰ উৰণৰ সময়ৰ পিছত আদিত্য-এল১ বিমানে ভাৰতীয় মান সময় অনুসৰি ১২:৫৪ বজাত পৃথিৱীৰ চাৰিওফালে থকা উপবৃত্তাকাৰ কক্ষপথত সফল ইনজেকচন লাভ কৰে। এই কক্ষপথৰ মাত্ৰা ২৩.৫ x ১৯৫০০ কিলোমিটাৰ।
আদিত্য-এল১ক লাগ্ৰাঁজ বিন্দু এল১ৰ ফালে স্থানান্তৰ কক্ষপথত স্থাপন কৰাৰ পূৰ্বে পৃথিৱীৰ ফালে কক্ষপথৰ চাৰিটা কৌশলৰ ধাৰাবাহিকতা অৱলম্বন কৰা হ'ব। আদিত্য-এল১ উৎক্ষেপণৰ প্ৰায় ১২৭ দিনৰ পিছত এল১ বিন্দুত নিজৰ নিৰ্দিষ্ট কক্ষপথত উপনীত হোৱাৰ পৰিকল্পনা কৰা হৈছে।[21]