আনন্দমঠ | |
---|---|
আনন্দমঠৰ দ্বিতীয় সংস্কৰণৰ প্ৰথমটো পৃষ্ঠা | |
লেখক | বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় |
দেশ | ভাৰত |
ভাষা | বঙালী ভাষা |
প্ৰকাৰ | জাতীয়তাবাদ |
প্ৰকাশক | ৰামানুজন ইউনিভাৰ্চিটি প্ৰেছ, ভাৰত |
প্ৰকাশ | ১৮১২ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ৩৩৬ খন |
আনন্দমঠ উনবিংশ শতিকাৰ বিখ্যাত সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত এটি বঙালী উপন্যাস। ইয়াক বঙালী আৰু ভাৰতীয় সাহিত্যৰ অন্যতম গুৰুত্বূপূৰ্ণ উপন্যাস হিচাপে আখ্যা দিয়া হৈছে।[1] ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্ আনন্দমঠ উপন্যাসৰ অংশ। ভাৰত ব্ৰিটিছ শাসন অধীনৰ সময়ছোৱাত ১৮৮৪ চনত এই উপন্যাস ৰচনা কৰা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই উপন্যাসৰ ৰচিত কাহিনীৰ যথেষ্ট ভূমিকা আছে। এই উপন্যাস প্ৰিণ্টিংৰ বিৰুদ্ধে বৃটিশ চৰকাৰ আইন পাছ কৰি বাধা দিছিল যদিও হস্তলিখিত প্ৰতিলিপি প্ৰতিটো স্বাধীনতা সংগ্ৰামীৰ মাজত গোপনত বিতৰণ হৈ আছিল। ১৭৭৩ চনত সংঘটিত সন্ন্যাসী আন্দোলনক ভিত্তি কৰি এই উপন্যাস ৰচনা কৰ হৈছে। অনুমান কৰা হয় যে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ব্ৰিটিছ চৰকাৰৰ অধীনত চাকৰি কৰাৰ সময়তেই বন্দে মাতৰম্ ৰচনা কৰাৰ কথা ভাবিছিল। কিন্তু তেওঁ কোন চনত গীতটো ৰচনা কৰিছিল সেই সময় সঠিকভাৱে জনা নাযায়। ১১৮৪ চনত আনন্দমঠ উপন্যাসত প্ৰথমবাৰ গীতটো প্ৰকাশিত কৰা হয়।