আন্ লুইলিয়ে | |
---|---|
জন্ম | ১৬ আগষ্ট, ১৯৫৮ (৬৬ বছৰ) পেৰিছ, ফ্ৰান্স |
জাতীয়তা | ফ্ৰেন্স ছুইডিছ |
ক্ষেত্ৰ | পাৰমাণৱিক পদাৰ্থ বিজ্ঞান, পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান, এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞান |
শিক্ষানুষ্ঠান | ইক'ল নৰ্মেল চুপিৰিয়েৰ, ফণ্টেন-অ'-ৰোজ (বি এ) পেৰিছ-চেক্লে বিশ্ববিদ্যালয় (এম এছ চি, পিএইচডি) |
ডক্তৰেল পৰামৰ্শদাতা | বাৰ্নাৰ্ড কেগনাক |
উল্লেখনীয় বঁটা |
|
আন্ জেনেভিভ লুইলিয়ে ৱাহলষ্ট্ৰম (ইংৰাজী: Anne Genevieve L'Huillier Wahlström; জন্ম: ১৬ আগষ্ট ১৯৫৮) এগৰাকী ফৰাচী পদাৰ্থবিজ্ঞানী আৰু ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা। বৰ্তমান তেওঁ বাস্তৱ সময়ত ইলেক্ট্ৰনৰ গতিবিধি অধ্যয়ন কৰা এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞান গোটক নেতৃত্ব প্ৰদান কৰিছে। তেওঁলোকৰ অধ্যয়নে পাৰমাণৱিক স্তৰত ৰাসায়নিক বিক্ৰিয়া বুজিবলৈ ব্যৱহাৰ কৰা হয়।[1] ২০০৩ চনত তেওঁ আৰু তেওঁৰ গোটে ১৭০ এট'ছেকেণ্ডৰ আটাইতকৈ সৰু লেজাৰ স্পন্দনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।[2] ২০২৩ চনত তেওঁ পিয়েৰ অগ'ষ্টিনি আৰু ফেৰেণ্টচ ক্ৰাউচৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3]
১৯৫৮ চনৰ ১৬ আগষ্ট তাৰিখে ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰৰ এক কেথলিক পৰিলয়ত আন্ লুইলিয়েৰ জন্ম হৈছিল।[4] তেওঁ প্ৰথমতে তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু গণিতত বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[5] কিন্তু পিছলৈ ডক্টৰেল গৱেষণাৰ বাবে চিইএ, পেৰিছ-চেক্লে ইউনিভাৰ্চিটি অৱ দ্য কমিছাৰিয়েট এ ল'এনাৰ্জী এটমিক এট অক্স এনাৰ্জীজ অল্টাৰনেটিভৰ চেক্লে নিউক্লিয়াৰ ৰিচাৰ্চ চেণ্টাৰত পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানলৈ সলনি কৰে। তেওঁৰ গৱেষণা পত্ৰখন উচ্চ তীব্ৰতাৰ লেজাৰ ক্ষেত্ৰত একাধিক আয়নীয়কৰণৰ ওপৰত আছিল।[6]
পোষ্টডক্টৰেট ডিগ্ৰীৰ ছাত্ৰী হিচাপে তেওঁ ছুইডেনৰ গোটেনবাৰ্গ আৰু আমেৰিকাৰ লছ এঞ্জেলছত আছিল। ১৯৮৬ চনত তেওঁ চেক্লে নিউক্লিয়াৰ ৰিচাৰ্চ চেণ্টাৰত স্থায়ীভাৱে নিযুক্তি লাভ কৰে। ১৯৯২ চনত তেওঁ লুণ্ডত কৰা এক পৰীক্ষাত অংশগ্ৰহণ কৰে। ইয়াত ইউৰোপৰ ভিতৰতে ফেমট’ছেকেণ্ড স্পন্দনৰ বাবে প্ৰথম টাইটানিয়াম-চেফায়াৰ কঠিন অৱস্থাৰ লেজাৰ ব্যৱস্থাৰ এটা স্থাপন কৰা হৈছিল। ১৯৯৪ চনত তেওঁ ছুইডেনলৈ যায় আৰু ১৯৯৫ চনত লুণ্ড বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৯৭ চনত তেওঁ লুণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ পদ লাভ কৰে।[7]
২০০৭ চনৰ পৰা ২০১৫ চনলৈ তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল কমিটিৰ সদস্য আছিল।[5] ২০০৪ চনৰ পৰা আন্ লুইলিয়ে ছুইডেনৰ বিজ্ঞান একাডেমীৰ সদস্য।[8] তেওঁ ২০০৩ চনত জুলিয়াছ স্প্ৰিংগাৰ বঁটা লাভ কৰিছিল আৰু ২০১১ চনত ইউনেস্কোৰ ল’ৰিয়েল বঁটা লাভ কৰিছিল। ২০১৩ চনত তেওঁ কাৰ্ল-জেইছ গৱেষণা বঁটা, ব্লেইজ পাস্কেল পদক আৰু পেৰিছৰ ইউনিভাৰ্চিটি পিয়েৰ এট মেৰী কিউৰি (UPMC)ত সন্মানীয় ডিগ্ৰী লাভ কৰে।[6] ২০১৮ চনত তেওঁ নেচনেল একাডেমী অৱ চাইন্সেছৰ বিদেশী সহযোগী হিচাপে নিৰ্বাচিত হয়। এবছৰৰ পিছত ২০১৯ চনত ইউৰোপীয় ফিজিকেল ছ’চাইটিয়ে ঘোষণা কৰা কোৱাণ্টাম ইলেক্ট্ৰনিক্স আৰু অপটিক্সৰ মৌলিক দিশৰ বঁটাৰে স্বীকৃতি লাভ কৰে। তেওঁ আমেৰিকান ফিজিকেল ছ'চাইটি আৰু অপটিকাৰ সহযোগী সদস্য।[9]
২০২১ চনত তেওঁক "আল্ট্ৰাফাষ্ট লেজাৰ বিজ্ঞান আৰু এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞানৰ অগ্ৰণী গৱেষণা, উচ্চ পৰ্যাবৃত্ত প্ৰজন্মৰ উপলব্ধি আৰু বুজিবলৈ পৰমাণু আৰু অণুৰ ইলেক্ট্ৰন গতিৰ সময়-সমাধান কৰা ইমেজিংত প্ৰয়োগ কৰা"ৰ বাবে অপটিকেল ছ'চাইটি অৱ আমেৰিকা মেক্স বৰ্ণ বঁটা প্ৰদান কৰা হয়।[10] ২০২২ চনত তেওঁ ফেৰেণ্টচ ক্ৰাউচ আৰু পল কৰ্কমৰ সৈতে যৌথভাৱে "আল্ট্ৰাফাষ্ট লেজাৰ বিজ্ঞান আৰু এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞানৰ অগ্ৰণী অৱদান"ৰ বাবে পদাৰ্থ বিজ্ঞানৰ ৱল্ফ বঁটা লাভ কৰে।[11] লগতে ২০২২ চনৰ বাবে তিনিওগৰাকীক প্ৰাথমিক বিজ্ঞানৰ বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ বঁটা প্ৰদান কৰা হয়।[12] ২০২৩ চনত তেওঁ পিয়েৰ অগ'ষ্টিনি আৰু ফেৰেণ্টচ ক্ৰাউচৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3]