আন্তৰ্জাতিক মাতৃভাষা দিৱস International Mother Language Day | |
---|---|
মহত্ব | মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা আৰু লগতে সকলো ভাষা সংৰক্ষণ কৰা |
তাৰিখ | ২১ ফেব্ৰুৱাৰী |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ১৯৫২ চনৰ এই দিনটোতে বাংলা ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰভাষা কৰাৰ দাবী জনোৱা আন্দোলনকাৰী ছাত্ৰসকলৰ ওপৰত পুলিচে গুলিবৰ্ষণ কৰাত কেইবাজনো যুৱক ছহিদ হয়। সেয়েহে এই দিনটোক বাংলাদেশত ছহিদ দিৱস হিচাপেও পালন কৰা হয়।
কানাডাৰ ভেংকুভাৰ নগৰ নিবাসী দুজন বঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ ওচৰত একৈছ ফেব্ৰুৱাৰীৰ দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱসৰূপে স্বীকৃতি কৰিবলৈ আবেদন জনায়।[1] ১৯৯৯ চনত ইউনেস্কোই এই দিৱসৰ কথা ঘোষণা কৰাৰ পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে।[2] ২০০৯ চনৰ ১৬ মে' তাৰিখে ৰাষ্ট্ৰসংঘই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে "বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা"ৰ বাবে অনুৰোধ কৰে। একে সিদ্ধান্ত অনুসৰি সাধাৰণ সভাই ২০০৮ চনক "ভাষাৰ আন্তৰ্জাতিক দিৱস" হিচাপে গ্ৰহণ কৰে। ২০১০ চনত ৰাষ্ট্ৰ সংঘৰ ৬৫তম অধিবেশনত প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস ৰূপে পালন কৰিবলৈ বাংলাদেশে উত্থান কৰা প্ৰস্তাৱ গৃহীত হয়। ২০১০ চনৰ মে' মাহত ৰাষ্ট্ৰ সংঘৰ তথ্যবিষয়ক সমিতিত প্ৰস্তাৱটো সৰ্বসন্মতিভাৱে গৃহীত হয়।[3]