আফগানিস্তানত বৌদ্ধ ধৰ্মৰ প্ৰৱেশ ঘটিছিল খ্ৰীষ্টিপূৰ্ব তৃতীয় শতিকাত, যেতিয়া মৌৰ্য বংশৰ সম্ৰাট অশোকে বৰ্তমানৰ আফগানিস্তান অঞ্চল দখল কৰিছিল। ২৬৮ৰ পৰা ২৩২ চনলৈ শাসন কৰা সম্ৰাট অশোকৰ শাসনতেই খ্ৰীষ্টপূৰ্ব ২৬০ত কাণ্ডাহাৰৰ চিল জেনাত বৌদ্ধ বাণী থকা শিলালিপি নিৰ্মাণ কৰা হৈছিল। এই ধৰ্ম হিন্দু কুশ পৰ্বতাঞ্চলত ব্যাপকভাৱে প্ৰসাৰ হ'ল।
১৭৮ চনৰ লোকসেমে তেতিয়াৰ চীন দেশৰ ৰাজধানী লুৱ'য়াঙলৈ যাত্ৰা কৰিছিল। তেঁৱেই মহাযান বৌদ্ধ শাস্ত্ৰ চীনা ভাষালৈ অনুবাদ কৰা প্ৰথম ব্যক্তি।[1] তেওঁৰ লগতে উল্লেখ আছে মহাবংশৰ ২৯তম্ অধ্যায়ত পোৱা মহাধৰ্মৰক্ষিতৰ[2] যি "আলাছাণ্ড্ৰা নামৰ গ্ৰীক চহৰ"ৰ পৰা ৩০ হাজাৰ বৌদ্ধ ভিক্ষুক লৈ শ্ৰী লংকালৈ ভ্ৰমণ কৰিছিল, তাত অনুৰাধাপুৰৰ মহান স্তুপ নিৰ্মাণৰ উদ্দেশ্যেৰে। এই আলাচাণ্ড্ৰা চহৰ বাস্তৱত এলেক্জেণ্ড্ৰিয়া অৱ ককেচাচ নামেৰে জনাজাত এখন চহৰ যি আফগানিস্তানৰ কাবুল মহানগৰৰ প্ৰায় ১৫০ কিলোমিটাৰ উত্তৰে স্থিত। খ্ৰীষ্টপূৰ্ব ১৬৫ৰ পৰা ১৩৫লৈ শাসন কৰা গ্ৰেক'-বেক্ট্ৰিয়ান শাসক, প্ৰথম মেনাণ্ডাৰ, যাক পালি ভাষাত "মিলিন্দ" বোলা হয়, বৌদ্ধ ধৰ্মৰ এজন বিখ্যাত পৃষ্ঠপোষক আছিল। তেওঁৰ কীৰ্তি বৌদ্ধ গ্ৰন্থ মিলিন্দ পন্হত পোৱা যায়।
কেইবাশতিকাৰ বাবে, নৱ বিহাৰ নামৰ পাৰ্চী বৌদ্ধ মঠ আছিল মধ্য এছিয়াৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। এই মঠ আফগানিস্তানৰ উত্তৰ ভাগৰ বল্খ নামৰ অঞ্চলত স্থিত।
সপ্তম শতিকাৰ পাছৰে পৰা আফগানিস্তানত মুছলমান আক্ৰমণ আৰম্ভ হ'ল। এই আক্ৰমণৰ ক্ৰম একাদশ শতিকাত ঘজনবী আৰু তেওঁৰ বিংশধৰৰ শাসনত সমাপ্ত হ'ল। মুছলমান আক্ৰমণৰ লগে লগেই আফগানিস্তানত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰিলে।[3]
আফগানিস্তানৰ বামিয়ান অঞ্চলত প্ৰাচীন বৌদ্ধ সম্প্ৰদায় মহাসাংঘিক-লোকোত্তৰবাদৰ ভালেমান প্ৰভাৱ আছিল। চীনা বৌদ্ধ ভিক্ষু হিউৱেন চাঙে সপ্তম শতিকাত বামিয়ানত এটি লোকোত্তৰবাদী মঠ ভ্ৰমণ কৰিছিল। পাছলৈ প্ৰত্নতত্ত্ববিদে এই মঠ উদ্ধাৰ কৰিলে।[4] কেইবাখনো মহাযান সূত্ৰৰ প্ৰতিলিপি এই মঠত উদ্ধাৰ কৰা হৈছে, যি বৰ্তমানে ছ'য়েন সংগ্ৰহৰ অন্তৰ্গত। কিছু প্ৰতিলিপি গান্ধাৰী ভাষাত লিখিত, কাৰষ্ঠী লিপিত আৰু আন প্ৰতিলিপি সংস্কৃত ভাষাত লিখিত, গুপ্ত লিপিত। বৰ্তমানে প্ৰতিমোক্ষ বিভংগ, মহাপৰিনিৰ্বাণ সূত্ৰ, চামগি সূত্ৰ, বজ্ৰচেদিকা সূত্ৰ, প্ৰবাৰণ সূত্ৰ আদি অনেক সূত্ৰ সুৰক্ষিত অৱস্থাত আছে।[4]
২০১০ চনৰ আগষ্ট মাহত ৪২ বৌদ্ধ অৱশেষ আফগানিস্তানৰ লগাৰ প্ৰান্তৰ মেচ আয়নাকত উদ্ধাৰ কৰা হ'ল। এই অঞ্চল কাবুলৰ দক্ষিণে স্থিত। লগাৰত দুটি বৌদ্ধ মন্দিৰ (স্তুপ), বুদ্ধৰ মূৰ্ত্তি, সোণ আৰু ৰূপৰ মুদ্ৰা আদি পোৱা গৈছে।[5][6][7] প্ৰত্নতত্ত্ববিদৰ মতে এই অৱশেষত কিছু কিছু দ্বিতীয় শতিকাৰ। ঘজনিতো কিছুমান বৌদ্ধ স্থল পোৱা গৈছে।[8]