আবিদ আজাদ

আবিদ আজাদ
জন্ম হবিবুৰ ৰহমান
১৬ নৱেম্বৰ, ১৯৫২
মৃত্যু ২২ মাৰ্চ, ২০০৫ (৫২ বছৰ)
ছদ্মনাম সুমন অল ইউছুফ
পেচা কবি‍
ৰাষ্ট্ৰীয়তা বাংলাদেশী
মাতৃশিক্ষায়তন ঢাকা বিশ্ববিদ্যালয়

আবিদ আজাদ (ইংৰাজী: Abid Azad; ১৬ নৱেম্বৰ ১৯৫২ - ২২ মাৰ্চ ২০০৫) বাংলাদেশৰ এজন আগশাৰীৰ কবি, সমালোচক আৰু সাহিত্য সম্পাদক আছিল। আজাদ ১৯খন কাব্যগ্ৰন্থৰ ৰচক। সেই গ্ৰন্থসমূহৰ ভিতৰত আছে - ঘাসেৰ ঘটনা (১৯৭৬), আমাৰ মন কেমন কৰে (১৯৮০), বনতৰুদেৰ মৰ্ম (১৯৮২) আৰু শীতেৰ ৰচনাৱলি (১৯৮৩)।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আবিদ আজাদৰ জন্মৰ সময়ত পিতৃ-মাতৃয়ে নামকৰণ কৰিছিল হবিবুৰ।[2] তেওঁৰ ছদ্মনাম আছি‍ল ৰেণু। এঘাৰজন সন্তানৰ ভিতৰত তেওঁ আছিল দ্বিতীয় সন্তান।[2] তেওঁ ৰেণু আৰু সুমন অল ইউছুফ নামেৰে‍ কবিতা লিখিছিল।[2] তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ১৯৭৬ চনত ঘাসেৰ ঘটনা নামেৰে প্ৰকাশিত হৈছিল।[2] তেওঁ আজিমুদ্দিন স্কুল, গুৰুদয়াল কলেজ আৰু ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮৭ চনত আজাদৰ পত্নীৰ মৃত্যু হৈছিল।[2] ১৯৮২ চনত তেওঁলোকৰ প্ৰথম পুত্ৰ টাইমুৰ ৰছিদৰ জন্ম।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Zaman, Niaz (2003). Under the krishnachura: fifty years of Bangladeshi writing. Dhaka University Press. পৃষ্ঠা. 448. ISBN 978-984-05-1663-6. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Rashid, Taimur (2024-03-22). "দাদি বাবাকে পাঠিয়েছিলেন ডাক্তাৰ হতে, কিন্তু তিনি হলেন কবি [My grandmother sent my father to become a doctor but he became a poet]" (bn ভাষাত). Prothomalo. https://www.prothomalo.com/onnoalo/treatise/o9f9kd41ew। আহৰণ কৰা হৈছে: 2024-03-22.