নিশান-এ-ইমটিয়াজ, হিলাল-এ-ইমটিয়াজ, চিতাৰা-এ-ইমটিয়াজ, প্ৰাইড অৱ পাৰ্ফমেঞ্চ | |
---|---|
![]() ২০১৬ চনত আবিদা | |
স্থানীয় নাম | عابده پروين |
জন্ম | ২০ ফেব্ৰুৱাৰী, ১৯৫৪ (৭১ বছৰ) লৰকানা, সিন্ধ, পাকিস্তান |
অন্য নাম |
|
পেচা |
|
সাংগীতিক কেৰিয়াৰ | |
মূল | পাকিস্তান |
সংগীতৰ প্ৰকাৰ |
|
বাদ্যযন্ত্ৰ |
|
কাৰ্যকাল | ১৯৭৩ৰ পৰা বৰ্তমানলৈ |
ৰেকৰ্ড লেবেল | ক’ক ষ্টুডিঅ’, পিটিভি ইত্যাদিCoke studio, PTV, etc |
সহযোগী | ক’ক ষ্টুডিঅ’, জাহান-এ-খুশ্ৰু, বুলে শ্বাহ, মবিলিংক, টেলেনৰ, আলফালাহ, পাকিস্তান টেলিভিছন ক’ৰপ’ৰেচন |
ৱেবছাইট | abidaparveen |
আবিদা পাৰবীন (ইংৰাজী: Abida Parveen; সিন্ধি: عابده پروين; উৰ্দু: عابدہ پروین; জন্ম: ২০ ফেব্ৰুৱাৰী ১৯৫৪)[2][3] এগৰাকী পাকিস্তানী গায়ক, সুৰকাৰ আৰু চুফী সংগীতৰ বিশেষজ্ঞ। তেওঁ এগৰাকী চিত্ৰশিল্পী আৰু উদ্যোগীও। পাকিস্তানৰ সৰ্বাধিক উপাৰ্জন কৰা গায়কসকলৰ মাজত তেৱোঁ এগৰাকী।[4] পাৰবীনক চুফী সংগীতৰ ৰাণী বুলি অভিহিত কৰা হয়। সংগীতৰ জৰিয়তে তেওঁ বিশ্বব্যাপি খ্যাতি অৰ্জন কৰিছে।
পাকিস্তানৰ লৰকানাৰ এটি সিন্ধি চুফী পৰিয়ালত আবিদাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক ওস্তাদ গোলাম হাইদৰ এগৰাকী চুফী সংগীতশিল্পী তথা গুৰু আছিল আৰু তেওঁৰ অধীনতে আবিদাই প্ৰথম চুফী সংগীতৰ তালিম লৈছিল। আবিদাই পাম্প অৰ্গেন, কীবৰ্ড আৰু চেতাৰ বজায়। ১৯৭০ চনৰ প্ৰথমভাগত তেওঁ প্ৰথম ৰাজহুৱা প্ৰদৰ্শন আৰম্ভ কৰে আৰু ১৯৯০ চনত বিশ্বজুৰি খ্যাতি অৰ্জন কৰে। ১৯৯৩ চনৰপৰা সংগীতৰ বাবে পাৰবীনে পৃথিৱী ভ্ৰমণ কৰিছে। তেওঁৰ কেলিফৰ্ণিয়াৰ বুয়েনা পাৰ্কত প্ৰথমটো আন্তৰ্জাতিক সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল।[5] তেওঁ বহুবাৰ গীৰ্জাত সংগীত পৰিৱেশন কৰিছে। পাৰবীনে পাকিস্তানৰ জনপ্ৰিয় সংগীত অনুষ্ঠান ক’ক ষ্টুডিঅ’(পাকিস্তান)ত পৰিৱেশন কৰিছে। সুৰ ক্ষেত্ৰ শীৰ্ষক সমগ্ৰ দক্ষিণ এছিয়া ভিত্তিক সংগীত প্ৰতিযোগিতাৰ অনুষ্ঠান এটিত তেওঁ ৰুণা লেইলা আৰু আশা ভোছলেৰ সৈতে বিচাৰক আছিল; অনুষ্ঠানটোৰ আঁত ধৰিছিল আয়েশা টাকিয়াই।[6] পাকিস্তান আইডল, ছ’টে ওস্তাদ, ষ্টাৰ ভইচ অৱ ইণ্ডিয়া আদি কেইবাটাও টেলিভিছনৰ ৰিয়েলিটি শ্ব’ অনুষ্ঠানত তেওঁ বিচাৰক ৰূপে ভাগ লৈছে। পৃথিৱীৰ ৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমানৰ ভিতৰত আবিদাও এগৰাকী, যাৰ দৰ্শকৰ মাজত যাদু সৃষ্টি কৰাৰ ক্ষমতা আছে। পাৰবীন এগৰাকী গ্লোবেল মিষ্টিক চুফী এম্বেচেডৰ। যোৱা কেইবছৰমান তেওঁ পেপছিৰ বাবে আতিফ আচলমৰ সৈতে সহযোগিতামূলক বাণিজ্যিক অনুষ্ঠান পৰিৱেশন কৰিছে।
আবিদা পাৰবীনক পৃথিৱীৰ অন্যতম ৰহস্যময় গায়কসকলৰ এগৰাকী বুলি প্ৰায়ে উল্লেখ কৰা হয়।[7] তেওঁ প্ৰধানকৈ গজল, থুমৰি, খেয়াল, কাৱালী, ৰাগ, চুফী ৰক, শাস্ত্ৰীয় আৰু অৰ্ধ-শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰে। পাৰকাচ্ন আৰু হাৰমনিয়ামৰ সৈতে চুফী সংগীতৰ এক একক ধাৰা কাফী পৰিৱেশন কৰা তেওঁৰ বিশেষত্ব; চুফী কবিসকলৰ কবিতাক তেওঁ গীতৰ ৰূপ দিয়ে।[8] পাৰবীনে উৰ্দু, সিন্ধি, পাঞ্জাৱী, আৰবী আৰু পাৰ্চী ভাষাত গান গায়।[9][10][11] নেপালৰ কাঠমাণ্ডুৰ এটি কনচাৰ্টত পাৰবিনে নেপালী গায়িকা তাৰা দেৱীৰ দ্বাৰা লিখিত এটি নেপালী সংগীত পৰিৱেশন কৰিছিল। ২০১৭ চনত তেওঁ চাৰ্কৰ (SAARC) শান্তি দূত ৰূপে মনোনীত হৈছিল।
পাৰবীনক তেওঁৰ উচ্চ স্বৰ আৰু আৱেগিক পৰিৱেশনৰ বাবে জনা যায়, বিশেষকৈ ৰক্স-এ-বিছমিল এলবামৰ ‘য়াৰ ক’ হামনে’ আৰু ‘তেৰে ইশ্ক নচায়া’ গীত দুটি উল্লেখযোগ্য। দুয়োটা গীতেই বুলে শ্বাহৰ কবিতাৰ উপস্থাপন।[12] তেওঁক ২০১২ চনত পাকিস্তানৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা ‘হিলাল-ই-ইমতিয়াজ’[13] আৰু ২০২১ চনৰ মাৰ্চ মাহত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সৰ্বোচ্চ অসামৰিক বঁটা ‘নিশান-ই-ইমতিয়াজ’ প্ৰদান কৰে।[14]