এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
মৌলানা আবুল কালাম আজাদ | |
---|---|
![]() | |
শিক্ষামন্ত্ৰী | |
কাৰ্যকাল ১৫ আগষ্ট ১৯৪৭ – ২ ফেব্ৰুৱাৰী ১৯৫৮ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
ব্যক্তিগত তথ্য | |
জন্ম | ১১ নৱেম্বৰ, ১৮৮৮ মক্কা, হেজাজ বিলায়ত, অট্টমান সাম্ৰাজ্য (বৰ্তমানৰ চৌদি আৰৱ) |
মৃত্যু | ২২ ফেব্ৰুৱাৰী, ১৯৫৮ (৬৯ বছৰ) দিল্লী, ভাৰত |
স্বাক্ষৰ | ![]() |
মৌলানা আবুল কালাম আজাদ (সম্পূৰ্ণ নাম: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ; ⓘ; ইংৰাজী: Abul Kalam Muhiyuddin Ahmed Azad; উৰ্দু: ابو الکلام محی الدین احمد آزاد) চমুকৈ Maulana Abul Kalam Azad; জন্ম: ১৮৮৮ - মৃত্যু: ১৯৫৮) এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰমুখ নেতা হিচাপে জনাজাত। ১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰিছিল[1]। স্বাধীনোত্তৰ কালত তেওঁ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।[2][3] ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী আছিল।
মৌলানা আবুল কালাম আজাদৰ জন্ম হয় ১৮৮৮ চনৰ ১১ নৱেম্বৰ তাৰিখে মক্কাত। তেওঁৰ পিতাকৰ নাম মহম্মদ খইৰুদ্দিন। মহম্মদ খইৰুদ্দিনে মক্কাৰ প্ৰখ্যাত পণ্ডিত শেখ মহম্মদ জাহিৰ ওৱাত্ৰিৰ কন্যাক বিয়া কৰাইছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ফলত দেশত ঘটা এক অভাৱনীয় পৰিস্থিতিত পৰি বহুলোক প্ৰাণৰ ভয়ত বিদেশলৈ পলায়ন কৰিবলগীয়া হৈছিল। আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিনো এইঘটনাৰ বলি হৈ বহুদিন আত্মগোপন কৰি থকাৰ পিছত, মক্কালৈ গুচি যায় আৰু তাত বস-বাস কৰি থাকিবলৈ লয়। মহম্মদ খইৰুদ্দিন এগৰাকী সম্ভ্ৰান্ত মুছলমান বংশৰ লোক আছিল। তেওঁলোকৰ পূৰ্বপুৰুষৰ কেইবাজনো লোকে মোগল ৰাজত্ব কালত পণ্ডিতৰ খিতাপ লাভ কৰিছিল। মোগল ৰাজত্ব কালত আজাদৰ ককাদেউতাকক জ্ঞানৰ স্তম্ভৰূপে ৰকণ-উল-মাদ্ৰাচিম সন্মানেৰে সন্মানিত কৰা হৈছিল। আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিনো এজন প্ৰখ্যাত লেখক আছিল। তেওঁ আৰবী আৰু পাৰ্ছী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।[2]
মৌলানা আবুল কালাম আজাদৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা মক্কাতে আৰম্ভ হয়। কিন্তু পিতাক খইৰুদ্দিনে মক্কাত স্থায়ীভাবে জীৱন নিৰ্বাহ কৰাৰ কথা নেভাবিলে। তেওঁ আকৌ ভাৰতলৈ আহি কলকাতাত স্থায়ীভাবে বস-বাস কৰিবলৈ লয়। আজাদৰ পিতাকে তেওঁক কোনো স্কুললৈ নপঠিয়াই ঘৰতে নিজে উৰ্দু ভাষাৰ উপৰিও ন্যায়, দৰ্শন, ভূগোল, অংক শাস্ত্ৰ, ইতিহাস আদি আৰবী আৰু পাৰ্ছী ভাষাত শিকাইছিল। ১৯০৫ চনত তেওঁ মিছৰৰ আল-আজ-হাৰ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তাতে তেওঁ দুবছৰকাল অধ্যয়ন কৰাৰ পিছত ১৯০৭ চনত ভাৰতলৈ উভতি আহে। পিতাকে তেওঁক ইংৰাজী শিকিবলৈ মানা কৰিছিল যদিও ভাষাটোৰ গুৰুত্ব উপলদ্ধি কৰি এজন বন্ধুৰ ওচৰত তেওঁ ইংৰাজী ভাষা শিকি, কমদিনতে ইংৰাজী ভাষাত তেওঁ ব্যুত্পত্তি লাভ কৰিছিল।[2]
কুৰি বছৰ বয়সৰ পৰা মৌলনা আবুল কালাম আজাদে সাংবাদিকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিলে। আলহিলাল নামৰ এখন নতুন চিন্তাধাৰাৰ উৰ্দু কাকত প্ৰকাশ কৰি সমাজত এক আলোড়ন আনিবলৈ সক্ষম হয়। মৌলানা মহম্মদ আলী, জাকিৰ হুছেইন প্ৰমুখ্যে বিজ্ঞসকলে আল-হিলালৰ ভূমিকাত উচ্চ প্ৰশংসা কৰিছিল। কাকতখনে মুছলমানসকলক জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ কৰিছিল, কিন্তু মুছলিম লীগৰ সাম্প্ৰদায়িক নীতিৰ সদায় বিৰোধিতা কৰিছিল। এই কাকত খনৰ প্ৰতি চৰকাৰৰ ভাল ভাব নাছিল আৰু সেয়ে প্ৰথম মহাযুদ্ধৰ সময়ত চৰকাৰে কাকতখন বন্ধ কৰি দিয়ে। কিন্তু ১৯২৭ চনত কাকত খনৰ পুনৰ প্ৰকাশ আৰম্ভ হয়।[2]
মৌলানা আবুল কালাম আজাদৰ কাম-কাজৰ প্ৰতি বেঙ্গল চৰকাৰ ৰুষ্ট হয় আৰু সেই মৰ্মে ১৯১৬ চনৰ ২২ মাৰ্চ তাৰিখে এক ঘোষণা জাৰি কৰি, আজাদক বংগ প্ৰদেশ এৰি যাবলৈ এক কঠোৰ নিৰ্দেশ দিয়ে। আজাদে সেই নিৰ্দেশ মানি ৩০ মাৰ্চত কলকাতা এৰি ৰাঁছীলৈ গুচি যায়। ৰাঁচীৰ মৰহাবাদী নামৰ এখন জনজাতী গাঁৱত তেওঁ বস-বাস কৰিবলৈ লয়। তেওঁ ৰাঁচীত থকা কালছোৱাত ওৰাং, কোল, মুণ্ডা আদি জনজাতিসকলৰ লগত মিলি পৰম সুখৰে দিন কটাইছিল। ১৯২০ চনৰ জানুৱাৰী মাহত আজাদৰ ওপৰত থকা অন্তৰীণ বন্দীৰ আদেশ চৰকাৰে উঠাই লয়। তেওঁ তেতিয়া ৰাঁচীৰ পৰা কলকাতালৈ উভতি আহে। আজাদ কলকাতালৈ আহি এইবাৰ সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰে। ১৯২০ চনৰ ১৮ জানুৱাৰীত তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে। কলকাতা আৰু নাগপুৰত বহা কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীয়ে আগবঢ়োৱা অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱলৈ মৌলনা আবুল কালাম আজাদ আৰু হাকিম আজমল খানে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। ১৯২১ চনত মৌলানা আজাদে কলকাতাৰ পৰা পয়গম নামেৰে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল। ১৯২১ চনৰ ১০ ডিচেম্বৰত মৌলানা আজাদ গ্ৰেপ্তাৰ হয় আৰু এবছৰ কাৰাবৰণ খাটিব লগা হয়। ১৯২৩ চনত দিল্লীত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিবেশনত মৌলানা আজাদক সভাপতি নিৰ্বাচিত কৰা হয়। ১৯৪০ চনত ৰামগড়ত বহা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকি, তেওঁ দেশৰ গুৰুদায়িত্ব পালন কৰিছিল। ১৯৪২ চনৰ ২৯ মাৰ্চত ক্ৰীপচৰ লগত হোৱা আলোচনাত মৌলানা আবুল কালাম আজাদে যোগদান দিছিল। ১৯৪২ চনৰ ৮ আগষ্টত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত-ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত, ৯ আগষ্টত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সৰুজিনী নাইডু, মৌলানা আবুল কালাম আজাদক আটক কৰে। ১৯৪৫ চনৰ মে মাহত ব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিবলৈ চিমলাত এখন সন্মিলন পাতে। এই সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সভাপতি মৌলানা আবুল কালাম আজাদক অধিকাৰ দিছিল। ১৯৪৭ চনৰ ১৫ জুলাইত মৌলানা আবুল কালাম আজাদে অন্তৰ্ৱতী চৰকাৰত শিক্ষা মন্ত্ৰী হিচাপে যোগদান কৰিছিল।[2]
ভাৰত-ৰত্ন বঁটা, (১৯৯২)[4]
১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰী দিনা মৌলানা আবুল কালাম আজাদৰ মৃত্যু হয়।
![]() |
ৱিকিমিডিয়া কমন্সত মৌলানা আব্দুল কালাম আজাদ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|