আবদুল্লাহ আবু সায়ীদ | |
---|---|
২০১৪ চনত ছায়েদ | |
জন্ম | ২৫ জুলাই, ১৯৩৯ (৮৫ বছৰ) পাৰ্ক চাৰ্কাছ, কলকাতা, ব্ৰিটিছ ভাৰত (এতিয়া ভাৰত) |
পেচা | শিক্ষক, লেখক, টেলিভিছন উপস্থাপক, কৰ্মী |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
শিক্ষা |
|
মাতৃশিক্ষায়তন | |
উল্লেখযোগ্য বঁটা |
|
স্বাক্ষৰ |
আব্দুল্লা আবু ছাইদ (ইংৰাজী: Abdullah Abu Sayeed, জন্ম ২৫ জুলাই ১৯৩৯) এজন বাংলাদেশী শিক্ষাবিদ, লেখক, টেলিভিছন উপস্থাপক আৰু কৰ্মী। তেওঁ সাহিত্যৰ অধ্যয়ন, পঠন অভ্যাস আৰু প্ৰগতিশীল ধাৰণাক প্ৰসাৰিত কৰা অ-লাভজনক সংস্থা বিশ্ব সাহিত্য কেন্দ্ৰৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেওঁ ২০০৪ চনত ৰমন মেগছেছে বঁটা লাভ কৰিছিল৷
১৯৩৯ চনৰ ২৫ জুলাইত কলিকতাৰ পাৰ্ক চাৰ্কাছৰ এটা বঙালী মুছলমান পৰিয়ালত ছাইদৰ জন্ম হৈছিল।[1][2]তেওঁৰ পিতৃ আছিল ইংৰাজী আৰু বাংলা সাহিত্যৰ শিক্ষক আৰু নাট্যকাৰ আজিমুদ্দিন আহমেদ।[3][4] তেওঁলোকৰ পূৰ্বপুৰুষৰ ঘৰ আছিল বাগেৰহাট জিলাৰ কমৰগটিত।[5]১৯৫৫ চনত পাবনাৰ আৰ এম একাডেমীৰ পৰা মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৭ চনত বাগেৰহাটৰ প্ৰফুল্ল চন্দ্ৰ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ ক্ৰমে১৯৬০ আৰু ১৯৬১ চনত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষাত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3] ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ অন্যান্যসকলৰ লগতে ন'বেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰিছিল।[6]
ছায়েদে মুনছিগঞ্জৰ চৰকাৰী হাৰগাংগা মহাবিদ্যালয়ত অতিথি শিক্ষক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পিছত কিছুদিন চিলেট উইমেন কলেজত অধ্যাপনা কৰিছিল। ১৯৬২ চনত তেওঁ ৰাজশাহী মহাবিদ্যালয়ত পূৰ্ণকালীন শিক্ষক হিচাপে যোগদান কৰে। ৫ মাহৰ পাছত তেওঁ ঢাকাৰ চৰকাৰী বিজ্ঞান মহাবিদ্যালয়ত যোগদান কৰে। মাত্ৰ ২৩ বছৰ বয়সতে ২ বছৰৰ বাবে তেওঁ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদতো আছিল। তেওঁ বাংলাদেশ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (BUET) ত অংশকালীন প্ৰবক্তা হিচাপেও বাংলা ভাষা শিকাইছিল। ১৯৯২ চনৰ এপ্ৰিল মাহত তেওঁ অধ্যাপক হিচাপে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।[7]
পৰৱৰ্তী সময়ত সায়ীদে সহকাৰী অধ্যাপক পদৰ বাবে সাক্ষাৎকাৰ দিলে। সায়ীদৰ মেধা আৰু ব্যক্তিত্বত আপ্লুত হৈ ঢাকা কলেজৰ প্ৰখ্যাত অধ্যক্ষ জালালুদ্দিন আহমেদে তেওঁক ঢাকা কলেজলৈ নিমন্ত্ৰণ জনায়। পিছলৈ সায়ীদ ঢাকা কলেজৰ বাংলা ভাষাৰ বিভাগীয় মুৰব্বী হয়।[8] ছাত্ৰ-ছাত্ৰীৰ মাজত তেওঁ অতি জনপ্ৰিয় আছিল। কোৱা হয় যে, আন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও তেওঁৰ ক্লাছত অংশগ্ৰহণ কৰিবলৈ আহিছিল। তেওঁ নিজৰ শিক্ষক জীৱনৰ আধাৰত নিশফলা মাথেৰ কৃষক (উৰ্বৰ মাটিৰ খেতিয়ক) নামৰ এখন গ্ৰন্থ লিখিছিল। ১৯৬০ চনত তেওঁ সাহিত্য আলোচনী কান্তশৰ (The Voice) সম্পাদনা কৰে যি বাংলাদেশী সাহিত্যৰ এক নতুন ধাৰাক প্ৰসাৰিত কৰে।[1][2]
১৯৬৬ চনৰ পৰা সায়ীযদে টিভি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। প্ৰথমতে তেওঁ শিশুৰ অনুষ্ঠান আৰু কুইজ অনুষ্ঠানৰ উপস্থাপক আছিল।[9] ১৯৭০ চনৰ মাজভাগত তেওঁ বাংলাদেশ টেলিভিছনত সপ্তবৰ্ণ (সাত ৰং) নামৰ এটা টিভি শ্ব' উপস্থাপন কৰিবলৈ আৰম্ভ কৰে। সপ্তবৰ্ণক সপ্তাহত এবাৰ সম্প্ৰচাৰ কৰা হৈছিল। এয়া এক ৯০ মিনিটৰ অনুষ্ঠান আছিল। কুৰি শতিকাত সত্তৰ আৰু আশীৰ দশকত তেওঁ টিভি শ্ব’ ঈদ আনাদামেলাও উপস্থাপন কৰিছিল। ১৯৭৭ চনত তেওঁ ৰাষ্ট্ৰীয় টেলিভিছন বঁটা লাভ কৰে।[10]
১৯৭৮ চনত তেওঁ "বিশ্ব সাহিত্য কেন্দ্ৰ" প্ৰতিষ্ঠা কৰে। বাংলাদেশ পৰিবেশ আন্দোলন (BAPA) আৰু ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল বাংলাদেশ’ (TIB)ৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে।[11]
সায়ীদে ৫০খনতকৈও অধিক গ্ৰন্থ লিখিছে আৰু সম্পাদনা কৰিছে।[12]