আব্ৰাহাম থ'মাছ কুভুৰ | |
---|---|
![]() ডা. আব্ৰাহাম থ'মাছ কুভুৰ | |
জন্ম | ১০ এপ্ৰিল, ১৮৯৮ থিৰুভাল্লা, ট্ৰাভাংকোৰ |
মৃত্যু | ১৮ ছেপ্টেম্বৰ, ১৯৭৮ (৮০ বছৰ) কলম্বো, শ্ৰী লংকা |
আব্ৰাহাম থ'মাছ কুভুৰ (১০ এপ্ৰিল ১৮৯৮– ১৮ ছেপ্টেম্বৰ ১৯৭৮) আছিল এগৰাকী ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী। অৱসৰৰ পাছত তেখেতে এক অভিনৱ অভিযান আৰম্ভ কৰিছিল, য'ত তেখেতে শ্ৰীলংকা আৰু ভাৰতৰ স্বয়ম্ভু ঈশ্বৰ, গডমেন আৰু তথাকথিত অতিপ্ৰাকৃতিক পৰিঘটনাৰ আঁৰৰ ৰহস্য ফাদিল কৰিছিল। পৰিণতিস্বৰূপে তেখেতৰ খ্যাতি বাঢ়িছিল। আধ্যাত্মিকতাবাদী ঠগবাজ আৰু সুসংগঠিত ধৰ্মৰ বিৰুদ্ধে তেখেতে আগবঢ়োৱা পোনপটীয়া, আৰু তীক্ষ্ণ সমালোচনাই ৰাইজক আকৰ্ষিত কৰিছিল। প্ৰধানকৈ শ্ৰী লংকা আৰু ভাৰতবৰ্ষৰ যুক্তিবাদী আন্দোলনক তেখেতে এক নতুন গতিশীলতা প্ৰদান কৰিছিল।[1][2]
আব্ৰাহাম কুভুৰৰ জন্ম হৈছিল কেৰালাৰ থিৰুভাল্লা, ১৮৯৮ চনৰ ১০ এপ্ৰিলত। তেওঁৰ জন্ম হৈছিল এটা "ছেইণ্ট থ'মাছ খ্ৰীষ্টিয়ান" পৰিয়ালত হৈছিল। কেৰালা আৰু কলিকতাত তেখেতে শিক্ষাগ্ৰহণ কৰিছিল। কলিকতাৰ বেংগাবাছি কলেজত তেখেতে অধ্যয়ন কৰিছিল। কেৰালাত কনিষ্ঠ অধ্যাপক হিচাপে কাম কৰাৰ পাছত তেখেতে জীৱনৰ বাকীখিনি সময় শ্ৰী লংকাতে কটায়। শ্ৰী লংকাত তেখেতে উদ্ভিদ বিজ্ঞান পঢ়াই ১৯৫৯ চনত কলম্বোৰ থাৰ্ষ্টন কলেজৰ পৰা অৱসৰ লয়।[3] খ্ৰীষ্টীয়ান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল যদিও তেখেতে কৈশোৰ কালতে খ্ৰীষ্টানধৰ্মীয় ৰীতি ত্যাগ কৰে আৰু যুক্তিবাদী হৈ পৰে। কাৰণ, তেওঁ "সৰ্বজ্ঞ ঈশ্বৰৰ বাইবেলক গ্ৰহণ কৰিব পৰা নাছিল। " কুভুৰে শ্ৰী লংকালৈ গৈছিল কিয়নো- "শ্ৰী লংকাৰ অধিকাংশই গৌতম বুদ্ধৰ অনুগামী আছিল, যিয়ে অইন ধৰ্মৰ প্ৰতিষ্ঠাতাসকলৰ তুলনাত অধিক যুক্তিবাদ আৰু সহনশীল দৰ্শন শিকাইছিল। "[4][2]
চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতে যুক্তিবাদী আন্দোলনলৈ জীৱন সমৰ্পিত কৰে। "ছেইলন যুক্তিবাদী সংঘ" প্ৰতিষ্ঠা কৰাত তেখেতে জীৱনৰ অধিকাংশ সময় খৰচ কৰে। ১৯৬০ চনৰ পৰা মৃত্যুলৈকে তেখেত এই সংঘৰ সভাপতি হৈ থাকে। তেখেতে সংঘৰ বাৰ্ষিক পত্ৰিকাখনো সম্পাদনা কৰিছিল। যাৰ নাম আছিল- The Ceylon Rationalist Ambassador.(। )[3]
১৯৬১ চনত তেখেতে ইউৰোপ ভ্ৰমণ কৰে আৰু পৃথিৱীৰ মুক্তিচিন্তাবাদী সন্মিলনৰ সান্নিধ্যলৈ আহে। নাৰ্চিচাচ ছদ্মনাম লৈ তেখেতে বাতৰি কাকত, আলোচনী আদিত প্ৰবন্ধ-পাতি লিখিবলৈ আৰম্ভ কৰে। এইবোৰ প্ৰবন্ধৰ মূল ভেটি আছিল অতিপ্ৰাকৃতিক অভিজ্ঞতা। প্ৰবন্ধবোৰ অনূদিত হৈ ভাৰততো প্ৰকাশিত হৈছিল। প্ৰথমতে মালায়ালম ভাষাত আৰু পাছলৈ অইন ভাৰতীয় ভাষাত। ১৯৬০ আৰু ১৯৭০ৰ মাজত তেখেত কেইবাবাৰো ভাৰতলৈ আহিছিল আৰু একাধিক সভাত ভাগ লৈছিল। তেখেতৰ বিজ্ঞানমুখিতা আৰু যুক্তিবাদী চিন্তাৰে সমৃদ্ধ হৈ থকা বক্তৃতাবোৰে ভাৰতৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চল উভয়তে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। কুভুৰৰ চমৎকাৰ-ফাদিলৰ চাৰিওটা বক্তৃতা-যাত্ৰা ভাৰতীয় যুক্তিবাদী সংঘই উদ্যোগত হৈছিল। তাৰপাছত কুভুৰে ঈশ্বৰ-মানৱসকলক প্ৰত্যাহ্বান কৰিছিল। ১৯৭৬ চনৰ অন্তিমটো ভাৰত যাত্ৰাত তেখেতে সাই বাবাৰ আশ্ৰমলৈ গৈছিল আৰু তেখেতেক এটা প্ৰত্যাহ্বানৰ বাবে নিমন্ত্ৰণ কৰিছিল। কিন্তু বাবাই সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল।[3]
লেখা-মেলা আৰু বক্তৃতা প্ৰদান কৰাৰ পাছতো কুভুৰে উপলব্ধি কৰিলে যে- তথাকথিত গডমেন, জ্যোতিষী, যোগীৰ বিৰুদ্ধে তেওঁ আৰম্ভ কৰা সমালোচনাই সমাজত এতিয়াও আশানুৰূপ প্ৰভাৱ পেলোৱা নাই। এই বিশেষ চিন্তাটোৰ দ্বাৰা পৰিচালিত হৈয়েই কুভুৰে এটা প্ৰত্যাহ্বান দিলে। ১৯৬৩ চনৰ ১৭ জুনত "ছেইলন ডেইলি মিৰৰ"ত সেই প্ৰত্যাহ্বানটো প্ৰকাশিত হৈছিল। "নিজৰ চমৎকাৰী শক্তি ব্যৱহাৰ কৰি যিয়েই লেফাফাৰ ভিতৰত সুমুৱাই ৰখা এটা দহটকীয়া নোটৰ ক্ৰমিক নম্বৰটো জনাব পাৰিব, তেওঁ আৰ্থিক পুৰস্কাৰ আগবঢ়াব। " সেই পুৰস্কাৰটো প্ৰথমাৱস্থাত ১,০০০-২৫,০০০ টকাৰ ভিতৰত আছিল। পৰৱৰ্তী সময়ত এই ধনৰ পৰিমাণ ১,০০,০০০ টকা বৃদ্ধি পায় আৰু প্ৰত্যাহ্বান হিচাপে আগবঢ়োৱা চমৎকাৰৰ তালিকাত ২৩টা কাৰ্য সন্নিৱিষ্ট হয়। তেওঁৰ মৃত্যুৰ সময়লৈকে কোনো ব্যক্তিয়েই প্ৰত্যাহ্বান সফলভাৱে গ্ৰহণ কৰিব নোৱাৰিলে।[2]
১৯৭৮ চনৰ ১৮ ছেপ্টেম্বৰ তাৰিখে শ্ৰী লংকাৰ কলম্বোত তেখেতৰ দেহাৱহান ঘটে। তেওঁৰ জীৱনকাল আছিল ৮০ বছৰ।[2]