![]() | |
অন্য নাম | അവിയല്, அவியல் |
---|---|
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | কেৰালা, তামিলনাডু |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | কেৰালাৰ ৰন্ধনশৈলী, তামিল ৰন্ধনশৈলী |
মুখ্য উপাদান | শাক-পাচলি, নাৰিকল, দৈ |
আভিয়ল (মালায়ালম: അവിയൽ, তামিল: அவியல்) হৈছে ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যত উৎপত্তি আৰু প্ৰচলিত এবিধ ভাৰতীয় খাদ্য।[1] ই সাধাৰণতে পশ্চিম ঘাটত পোৱা ১৩ বিধ শাক-পাচলিৰ আৰু নাৰিকলেৰে প্ৰস্তুত কৰা, নাৰিকল তেল আৰু ধনীয়া পাতেৰে জুতি বৃদ্ধি কৰা এবিধ ডাঠ তৰকাৰী। আভিয়লক কেৰালাৰ মূল খাদ্যৰ এক অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰা হয় আৰু দক্ষিণ ভাৰততো ইয়াক এক সুস্বাদু খাদ্য হিচাপে পৰিবেশন কৰা হয়।[2]
দক্ষিণ ভাৰতৰ অন্য অঞ্চলৰ তুলনাত মধ্য ট্ৰেভানকোৰত আভিয়ল অলপ পাতলীয়াকৈ প্ৰস্তুত কৰা হয়।
সাধাৰণতে আভিয়লত কেৱল সতেজ শাক-পাচলিহে ব্যৱহাৰ কৰা হয়। শেহতীয়াকৈ আভিয়ল প্ৰস্তুত কৰোতে ব্যৱহৃত সাধাৰণ শাক-পাচলিসমূহ হৈছে ওলকচু, ৰন্ধনযোগ্য কল, চাল কোমোৰা, গাজৰ, বীন, বেঙেনা, তিয়ঁহ, চজিনা, ধুন্দুলী আৰু পথৰুৱা মাহ আদি, আনহাতে কোজিকোড অঞ্চলত আভিয়ল প্ৰস্তুত কৰোতে তিতা কেৰেলাও ব্যৱহাৰ কৰা হয়। কোল্লাম অঞ্চলত আভিয়ল প্ৰস্তুত কৰোতে অন্যান্য শাক-পাচলিৰ লগতে বিলাহীও অন্তৰ্ভুক্ত কৰা হয়। কিছুমান লোকে দৈ সলনি কেঁচা আম বা তেতেলীৰ গুড়ি ব্যৱহাৰ কৰাটো পছন্দ কৰে। এই খাদ্যবিধ ডাঠ বা কিছু পাতলকৈও প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে ভাতৰ লগত তৰকাৰী হিচাপে খোৱা হয়। "আভিয়ল" শব্দটো 'উতলা' বা 'পানীত সিজোৱা' বুজাবলৈও ব্যৱহাৰ কৰা হয় — এই অৰ্থটো খাদ্যবিধ প্ৰস্তুত কৰা প্ৰণালী পৰাই উদ্ভৱ হৈছে।
পাণ্ডু ৰজাৰ দ্বিতীয় পুত্ৰ ভীমে নিৰ্বাসনৰ সময়ত আভিয়লৰ আৱিষ্কাৰ কৰা বুলি ধাৰণা কৰা হয়। কিংবদন্তি অনুসৰি বল্লভ (ভীমৰ অন্য নাম) যেতিয়া বিৰাটৰ পাকঘৰত ৰান্ধনীৰ দায়িত্ব গ্ৰহণ কৰিছিল তেতিয়া তেওঁ ৰান্ধিব নাজানিছিল। প্ৰথমতে তেওঁ কৰা এটা কাম আছিল বহুতো ভিন্ন শাক-পাচলি কাটি একেলগে উতলাই তাৰ ওপৰত কুটি লোৱা নাৰিকল দি দিছিল।[3][4] এই পৌৰাণিক কাহিনীৰ প্ৰকাৰভেদো পোৱা যায়। বিৰাট ৰজাৰ কোনো বিশেষ অতিথিৰ বাবে খাদ্য পৰিবেশন কৰোতে ভীমে আভিয়ল প্ৰস্তুত কৰিছিল বুলি কোৱা হয়। সেই সময়ত কোনো নিৰ্দিষ্ট খাদ্য তৰকাৰী ৰান্ধিবলৈ ভীমৰ ওচৰত পৰ্যাপ্ত শাক-পাচলি নাছিল, গতিকে ভীমে যি শাক-পাচলি কাষত পালে সেইখিনিকে ব্যৱহাৰ কৰি এবিধ নতুন ব্যঞ্জন প্ৰস্তুত কৰিলে, সেই ব্যঞ্জনবিধেই আভিয়ল নামেৰে পৰিচিত হ’ল।
আন এক শ্ৰুতিকথা মতে কৌৰৱসকলে ভীমক হত্যা কৰাৰ প্ৰচেষ্টাৰ লগত আভিয়লক সম্পৰ্কিত কৰা হয়। এবাৰ কৌৰৱসকলে ভীমক বিষ খুৱাই অচেতন কৰি ৰছীৰে বান্ধি পানীত পেলাই দিয়ে। কৌৰৱসকলে ভীম পানীত উটি গৈ মৃত্যু হোৱা বুলি প্ৰচাৰ কৰিলে। শোকৰ দিন সমাপ্ত হোৱাৰ লগে লগে অন্ত্যেষ্টিক্ৰিয়াৰ ভোজৰ পৰিকল্পনা কৰি প্ৰস্তুতি আৰম্ভ কৰা হ’ল। আনহাতে নাগসকলে ভীমক পানীৰ পৰা উদ্ধাৰ কৰি দেহৰ বিষ নাশ কৰি ঘৰলৈ পঠিয়াই দিয়ে। ভীম ঘূৰি অহাৰ লগে লগে ভোজৰ প্ৰস্তুতি বাতিল কৰা হয়। কিন্তু এই সিদ্ধান্তত ভীম অসন্তুষ্ট হয় আৰু সকলো শাক-পাচলি মিহলাই এবিধ নতুন খাদ্য প্ৰস্তুত কৰে, যিটো পিছলৈ আভিয়ল নামেৰে জনপ্ৰিয় হৈ পৰে।
আন এটা জনপ্ৰিয় শ্ৰুতিকথা মতে কেৰালাৰ ট্ৰাভাংকুৰ ৰাজ্যৰ ৰজাই এবাৰ এটা বৃহৎ ভোজ অনুষ্ঠিত কৰিছিল। ৰাজ্যৰ সকলো প্ৰজা এই ভোজ খাবলৈ আহিছিল গতিকে তৰকাৰীৰ অভাৱ হৈছিল। কিন্তু পাকঘৰতো তৰকাৰী প্ৰস্তুত কৰিবলৈ পৰ্যাপ্ত শাক-পাচলি নাছিল। ৰজাই পাকঘৰলৈ গৈ দেখিলে যে শাক-পাচলিৰ বাকলি কটাৰ বাবে বহুত অপচয় হৈছে। ৰজাই ৰান্ধনীক এই বাকলিখিনিৰ লগত আন কিছুমান সামগ্ৰী মিহলাই তৰকাৰী প্ৰস্তুত কৰিবলৈ আদেশ দিলে আৰু এনেদৰেই আভিয়লৰ জন্ম হ’ল।[5][6][7]