আমাণ্ডা পামাৰ ২০১৬ চনত আমাণ্ডা পামাৰ প্ৰাথমিক তথ্য জন্মৰ নাম
আমাণ্ডা মেককিনন পামাৰ আন নাম
আমাণ্ডা ফাকিং পামাৰ[ 1] [ 2] জন্ম
৩০ এপ্ৰিল , ১৯৭৬ (৪৮ বছৰ) নিউ ইয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰমূল
বষ্টন, আমেৰিকা যুক্তৰাষ্ট্ৰ সংগীতৰ প্ৰকাৰ
বিকল্প ৰক ডাৰ্ক কাবাৰেট লোকগীত পেচা
গায়িকা-গীতিকাৰ সংগীতজ্ঞ পৰিবেশন শিল্পী লেখিকা কাৰ্যকাল
১৯৯৯–বৰ্তমান ৱেবছাইট
AmandaPalmer.net
আমাণ্ডা মেককিনন পামাৰ (ইংৰাজী : Amanda MacKinnon Palmer; জন্ম: ৩০ এপ্ৰিল ১৯৭৬) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ, সংগীতজ্ঞ আৰু পৰিবেশন শিল্পী। তেওঁ ড্ৰেছডেন ডলছ যুটিৰ মুখ্য কণ্ঠশিল্পী, পিয়ানোবাদক আৰু গীতিকাৰ।[ 3] তেওঁ একক শিল্পী হিচাপে গীত পৰিবেশন কৰে আৰু ইভেলিন ইভেলিন নামৰ যুটিৰ সদস্য আৰু আমাণ্ডা পামাৰ (Amanda Palmer) আৰু গ্ৰেণ্ড থেফ্ট অৰ্কেষ্ট্ৰাৰ (Grand Theft Orchestra) মুখ্য গায়িকা আৰু গীতিকাৰ আছিল।[ 4] তেওঁক গীতৰ অসংখ্য অনুৰাগী আছে আৰু তেওঁক সামাজিক অনুদান গ্ৰহণৰ বাবে ৱেবছাইটৰ ব্যৱহাৰ জনপ্ৰিয় কৰা প্ৰথম সংগীত শিল্পীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[ 5]
আমাণ্ডা মেককিনন পামাৰৰ জন্ম হৈছিল নিউয়ৰ্ক চহৰৰ মাউণ্ট চিনাই হাস্পতালত,[ 6] আৰু ডাঙৰ-দীঘল হৈছিল মেছাচুচেটছৰ লেক্সিংটনত।[ 7] তেওঁৰ পিতৃ এজন পদাৰ্থবিজ্ঞানী আৰু মাক আছিল এগৰাকী কম্পিউটাৰ প্ৰগ্ৰেমাৰ।[ 8] এবছৰ বয়সত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল আৰু সৰুতে তেওঁ দেউতাকক খুব কমেইহে দেখা পাইছিল।[ 9] পামাৰে তেওঁৰ পিতৃ-মাতৃক "মধ্য-উচ্চ শ্ৰেণী" বুলি বৰ্ণনা কৰিছে।[ 10]
লেক্সিংটন হাইস্কুলত পঢ়ি নাটক বিভাগৰ সৈতে জড়িত আছিল[ 11] আৰু পিছলৈ ৱেছলিয়ান বিশ্ববিদ্যালয়ত[ 12] নাট্য বিষয়ত অধ্যয়ন কৰিছিল আৰু ইক্লেক্টিক ছ'চাইটিৰ সদস্য আছিল।[ 13] ১৯৯৯ চনত পামাৰে ষ্ট্ৰীট থিয়েটাৰ (বাটৰ নাট) আৰু থিয়েটাৰ শ্ব' প্ৰদৰ্শনৰ প্ৰতি নিয়োজিত এটা পৰিবেশন গোট শ্বেড'বক্স কালেকটিভ প্ৰতিষ্ঠা কৰে।
১৯৯৮ চনত ৱেছলিয়ান বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা পামাৰে কেইবাবছৰ ধৰি মেছাচুচেটছৰ কেম্ব্ৰিজ, এডিনবাৰ্গ; বাৰ্লিন; মেলবৰ্ণ আদি ঠাইত এইট ফীট ব্ৰাইড নামৰ এটা জীৱন্ত মূৰ্তি হিচাপে বাস্কিং (পদপথৰ অভিনয়) কৰিছিল।[ 14]
↑ Spitznagel, Eric (October 9, 2012). "Amanda Palmer Is Comfortable Wearing Her Own Blood" . MTV Hive . Archived from the original on October 16, 2015. https://web.archive.org/web/20151016004715/http://www.mtvhive.com/2012/09/10/amanda-palmer-interview-theatre-is-evil/ । আহৰণ কৰা হৈছে: August 22, 2014 .
↑ Fawn Heun; The Battered Suitcase (June 1, 2009). "An Interview with Amanda Palmer" . The Battered Suitcase Summer 2009 (Vagabondage Press LLC) খণ্ড 2 (1): 46. ISBN 978-1-4524-6181-6 . ISSN 1942-0846 . https://books.google.com/books?id=tNN07flHnncC&pg=PA46 । আহৰণ কৰা হৈছে: August 22, 2014 . "Amanda (Fucking) Palmer is one of ...".
↑ Chris Arnold (January 17, 2007). "Band Tries to Make It Big Without Going Broke" . All Things Considered . National Public Radio. The web page also has audio and a transcript of the interview, and links to several of their songs.
↑ "my earth-shattering news, by amanda fucking palmer." (en-US ভাষাত). Amanda Palmer Blog . February 9, 2012. http://blog.amandapalmer.net/my-earth-shattering-news-by-amanda-fucking-palmer/ .
↑ "The crowdfunded cult of Amanda Palmer" . Engadget. December 13, 2019. https://www.engadget.com/2019-12-13-amanda-palmer-patreon-kickstarter-social-media.html । আহৰণ কৰা হৈছে: July 6, 2022 .
↑ Starfucking with Kevin Smith, Chapter 1 – The Neil/Amanda Interview , November 23, 2010, archived from the original on December 8, 2010, https://web.archive.org/web/20101208232837/http://starfucking.smodcast.com/ , আহৰণ কৰা হৈছে: March 3, 2025
↑ Perry, Jonathan (September 16, 2008). "On 'Who Killed,' Palmer looks behind the veil" . The Boston Globe . http://www.boston.com/ae/music/cd_reviews/articles/2008/09/16/on_who_killed_palmer_looks_behind_the_veil/ .
↑ "Amanda Palmer: visionary or egotist?" (en ভাষাত). the Guardian. June 22, 2013. http://www.theguardian.com/music/2013/jun/22/amanda-palmer-visionary-egotist-interview । আহৰণ কৰা হৈছে: March 19, 2022 .
↑ Boilen, Bob (July 18, 2016). "All Songs +1: Amanda Palmer And Her Dad Discover Each Other In Song" . NPR . https://www.npr.org/sections/allsongs/2016/07/18/486455790/all-songs-1-amanda-palmer-and-her-dad-discover-each-other-in-song .
↑ "The Most Important Thing I Learned In 2011, by Amanda Fucking Palmer" . AmandaPalmer.net. https://blog.amandapalmer.net/the-most-important-thing-i-learned-in-2011-by-amanda/ । আহৰণ কৰা হৈছে: 2024-02-12 .
↑ Shanahan, Mark; Goldstein, Meredith (May 11, 2009). "Palmer hangs out in Lexington" . The Boston Globe . http://www.boston.com/ae/celebrity/articles/2009/05/11/palmer_hangs_out_in_lexington .
↑ Sless-Kitain, Areif (December 3, 2008). "Amanda Palmer" . Time Out (company) . http://chicago.timeout.com/articles/music/69160/amanda-palmer-metro-live-show .
↑ Bell, Sean (August 16, 2009). "A piece of my mind" . The Herald (Glasgow) . http://www.heraldscotland.com/a-piece-of-my-mind-1.835933 । আহৰণ কৰা হৈছে: February 19, 2010 .
↑ Chernov, Sergey (August 4, 2009), "Controversial Musician Prepares for Local Debut" , St. Petersburg Times , http://www.sptimes.ru/index.php?action_id=2&story_id=29563 , আহৰণ কৰা হৈছে: February 19, 2010