আমিনা আহমেদ আহুজা | |
---|---|
জন্ম | ভাৰত |
শিক্ষানুষ্ঠান | শ্লেড স্কুল অফ আৰ্ট, লণ্ডন |
পেচা | চিত্ৰশিল্পী কেলিগ্ৰাফাৰ ভাষাবিদ সাহিত্যিক |
জনা যায় | কেলিগ্ৰাফিক চিত্ৰ |
দাম্পত্যসঙ্গী | বিষ্ণু অহুজা |
পিতৃ-মাতৃ | নুৰুদ্দিন আহমেদ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী, ২০০৯ |
ৱেবছাইট | |
www |
আমিনা আহমেদ আহুজা (ইংৰাজী: Ameena Ahmad Ahuja) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, কেলিগ্ৰাফাৰ, ভাষাবিদ আৰু সাহিত্যিক। তেওঁৰ উৰ্দু কবিতা অনুপ্ৰাণিত কলাৰ বাবে বিশেষভাৱে জনাজাত। ভাৰত চৰকাৰে কলাক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ২০০৯ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[1]
আমিনা আহমেদ আহুজাৰ মাতৃ এগৰাকী ব্ৰিটিছ মহিলা আৰু পিতৃ মুছলমান সম্প্ৰদায়ৰ আছিল। তেওঁৰ পিতৃ বেৰিষ্টাৰ আৰু সাহিত্যিক নুৰুদ্দিন আহমেদ। তেওঁৰ পিতৃ এজন পাৰ্চী আৰু আৰবী পণ্ডিত আছিল আৰু তেওঁ আমিনাক কেলিগ্ৰাফী শিকাইছিল। আমিনাৰ জন্ম ভাৰতত হৈছিল। তেওঁ লণ্ডনৰ শ্লেড স্কুল অফ আৰ্টত কলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[2] তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ৰুছ ভাষা বিভাগৰ অনুষদৰ প্ৰাক্তন সদস্য আছিল।[2] তেওঁ ৰুছ ভাষাৰ উপৰিও, তেওঁ পাৰ্চী, জাৰ্মান, ফৰাচী, হিন্দী আৰু ইংৰাজীৰ দৰে ভাষাত দক্ষ।[1] কলম্বিয়া বিশ্ববিদ্যালয়ত কবিতাৰ প্ৰবক্তা হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ হৈছিল। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আৱাসিক শিল্পী আছিল। তেওঁ মস্কো, টকিঅ', ভেনিজুৱেলা, কলম্বিয়া আৰু নিউয়ৰ্ককে ধৰি ভাৰত[3] আৰু বিদেশত তেওঁৰ কলা প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে।[4] তেওঁ এলেক্সি কোচিজিন, নিকোলাই বুলগানিন, নিকিতা খ্ৰুশ্চেভ আৰু লিওনিড ব্ৰেজনেভকে ধৰি ছোভিয়েট বিশিষ্ট ব্যক্তিসকলৰ ভাৰত ভ্ৰমণৰ সময়ত আনুষ্ঠানিক অনুবাদক হিচাপে কাম কৰিছিল।[1]
তেওঁ ছোভিয়েট সংঘৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু কূটনীতিবিদ বিষ্ণু আহুজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ স্বামীৰ সৈতে বহুতো দেশ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছিল।[1]
তেওঁ কেলিগ্ৰাফীত চৰাই আৰু জীৱ-জন্তুৰ কলাকৃতি আৰু কবিতা প্ৰকাশ কৰে। বিশেষকৈ উৰ্দু কবিতাৰ মহান কবি যেনে গালিব আৰু ইকবাল আৰু আতাৰ আৰু ৰুমিৰ দৰে চুফী সাধক আৰু হাফিজ আৰু সাদিৰ দৰে মহান পাৰ্চী কবি সকলৰ কবিতাসমূহ কেলিগ্ৰাফীত প্ৰকাশ কৰে।
তেওঁ কোজিক, নাষ্টলিক, শিকাষ্টে আৰু চিৰিলিকৰ দৰে বহুতো কেলিগ্ৰাফিক শৈলী ব্যৱহাৰ কৰে। তেওঁ আৰবী, পাৰ্চী, উৰ্দুত পূৰ্বৰ শাস্ত্ৰীয় কবিতাৰ দৰে বিভিন্ন উৎসৰ লগতে পুষ্কিন, টাইৎশ্বেভ অন্ন অখমাটোভা আৰু মায়াকোভস্কিৰ দৰে ৰাছিয়ান লেখকসকলৰ কবিতাক কেলিগ্ৰাফীৰ উৎস হিচাপে ব্যৱহাৰ কৰে।[4]
তেওঁৰ বেছিভাগ চিত্ৰকলাত কলা আৰু বগা ৰং ব্যৱহাৰ কৰে। অৱশ্যে আমিনাৰ ক্ষুদ্ৰ চিত্ৰবোৰ ৰঙীন আৰু জীৱন্ত। তেওঁ ভাৰতৰ বিশেষ হস্তনিৰ্মিত চাউলৰ কাগজ আৰু জাপানৰ পৰা আমদানি কৰা প্ৰাচীন কলম বা ৰীড পেন ব্যৱহাৰ কৰে।[1]
২০০৯ চনত তেওঁৰ উৰ্দু ভাষাৰ 'কেলিগ্ৰাফী ইন ইছলাম' নামৰ গ্ৰন্থখন প্ৰকাশিত হয়। তেওঁৰ উৰ্দু কবিতা অনুপ্ৰাণিত কলাৰ বাবে কিতাপখন বিশেষভাৱে সমাদৃত। কিতাপখন পেংগুইন ইণ্ডিয়ায়ে প্ৰকাশ কৰিছিল।[5]
ভাৰত চৰকাৰে কলাক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ২০০৯ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[6]