আমিৰ খান | |
---|---|
![]() | |
জন্ম | মহম্মদ আমিৰ হুচেইন খান
১৪ মাৰ্চ, ১৯৬৫ (৫৯ বছৰ) বম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | Narsee Monjee College of Commerce and Economics |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৭৩–বৰ্তমান |
দাম্পত্যসঙ্গী |
|
পিতৃ-মাতৃ | তাহিৰ হুছেইন পিতৃ) জিনত হুছেইন (মাতৃ) |
সন্তান | ৩ |
ৱেবছাইট | |
www |
মহম্মদ আমিৰ হুচেইন খান (হিন্দী: आमिर खान; জন্ম: ১৪ মাৰ্চ ১৯৬৫)[1] হ'ল এজন বিখ্যাত ভাৰতীয় অভিনেতা। হিন্দী ছবিত ত্ৰিছ বছৰৰো বেছি সময় ধৰি তেওঁৰ কেৰিয়াৰত খানে নিজকে ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে।
১৯৬৫ চনৰ ১৪ মাৰ্চত ভাৰতৰ মুম্বাইৰ বান্দ্ৰা হলি ফেমেলি হস্পিটেলত মুছলমান সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য আমিৰ খানৰ জন্ম হৈছিল; তেওঁৰ সম্পূৰ্ণ নাম আছিল আমিৰ হুছেইন খান। দশক দশক ধৰি তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁৰ পিতৃ তাহিৰ হুছেইন এজন চলচ্চিত্ৰ পৰিচালক আৰু ককাক নাছিৰ হুছেইন আছিল এজন চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা।[2] তেওঁৰ পৰিয়ালটো ভাৰতীয় চিনেমাৰ সৈতে দশক দশক ধৰি জড়িত হৈ আছে। আমিৰ খানৰ মাতৃৰ নাম জিনাত হোছেইন।[3][4][5] তেওঁৰ ভাই-ভনী হৈছে "ফাইছাল খান", "ফাৰহাট খান" আৰু "নিখাত খান।" ইমৰাণ খান আমিৰ খানৰ ভাগিন।
আমিৰ খানৰ পূৰ্বপুৰুষ আফগানিস্তানৰ স্থানীয় লোক আছিল। আমিৰ খান বিখ্যাত ৰাজনীতিবিদ আবুল কালাম আজাদ (মৌলানা আবুল কালাম আজাদ)ৰ বংশধৰ। আমিৰ খানৰ উচ্চতা মাত্ৰ পাঁচ ফুট পাঁচ ইঞ্চি।[6]
১৯৮৬ চনৰ ১৮ এপ্ৰিলত আমিৰে কায়ামত সে কায়ামত টক ছবিৰ এটা গীতত চমুকৈ অভিনয় কৰা ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ জুনাইদ নামৰ এজন পুত্ৰ আৰু ইৰা নামৰ এগৰাকী কন্যা সন্তান আছে। আমিৰৰ লগান ছবিৰ প্ৰযোজক হিচাপে কাম কৰিছিল ৰীনাই। ২০০২ চনৰ ডিচেম্বৰ মাহত আমিৰে ৰীনাক তালাক দিয়ে আৰু ৰীনাই জুনাইদ আৰু ইৰাৰ দায়িত্ব লয়।[7]
২০০৫ চনৰ ২৮ ডিচেম্বৰত আমিৰৰ লগান বোলছবিখনৰ পৰিচালক আশুতোষ গোৱাৰিকাৰৰ সহকাৰী পৰিচালক হিচাপে কাম কৰা কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[8] ২০২১ চনৰ ৩ জুলাইত আমিৰ খানৰ পত্নী কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদ হয়।
আঠ বছৰ বয়সৰ পৰাই আমিৰ খানে য়াদো কি বাৰাত (১৯৭৩) আৰু মদহুছ (১৯৭৪) ছবিত শিশু অভিনেতা হিচাপে কাম আৰম্ভ কৰে। প্ৰাপ্তবয়স্ক অভিনেতা হিচাপে ১১ বছৰ পিছত কেতন মেহতাৰ হোলী (১৯৮৪)ত অভিনয় কৰে যদিও ছবিখনে বিশেষ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয়। প্ৰথমখন উল্লেখযোগ্য ছবি আছিল মনছুৰ খানৰ পৰিচালনাত ১৯৮৮ চনত কায়ামত ছে কায়ামত টক। ছবিখনে বিপুল সফলতা লাভ কৰাৰ লগতে মুখ্য চৰিত্ৰত জনপ্ৰিয় হৈ পৰে আমিৰ খান। চকলেট হিৰো লুকৰ বাবে আমিৰক "টিন আইডল" বুলি জনা যায়। আমিৰে ৰাখ নামৰ ছবিখনৰ বাবে বিশেষ জুৰী শাখাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ৮০ৰ দশকৰ শেষৰ ফালে আৰু ৯০ৰ দশকৰ আৰম্ভণিতে আমিৰে কেইবাখনো চিনেমাত অভিনয় কৰিছিল যেনে, দিল (১৯৯০), দিল হায় কে মানতা নেহি (১৯৯১), জো জীতা ওহি চিকন্দৰ (১৯৯২), হম হায় ৰহী প্যায়াৰ কে (১৯৯৩) (যিখনৰ তেওঁ চিত্ৰনাট্যও লিখিছিল), আৰু ৰংগিলা (১৯৯৫)। সকলো ছবিয়েই সমালোচনাত্মক আৰু ব্যৱসায়িক সফলতা লাভ কৰিছিল। সাতবাৰ মনোনীত হোৱাৰ পিছত ৰাজা হিন্দুস্তানীৰ বাবে আমিৰে প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০১ চনত তেওঁ ‘লগান’ ছবিত ‘ভুৱন’ৰ চৰিত্ৰত অভিনয় কৰি আমাক এটা আচৰিত কাহিনী দিছিল যিয়ে ২০০১ চনৰ নেটৱেষ্ট ছিৰিজ আৰু ২০০৩ চনৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলটোক অনুপ্ৰাণিত কৰিছিল। লগানে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল আৰু ৭৪ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে মনোনীত হৈছিল। ২০০৬ চনত আমিৰে ৰং দে বসন্তীৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ (সমালোচকৰ পছন্দ) ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০৬ চনৰ সৰ্বশ্ৰেষ্ঠ ব্যৱসায়িক সফলতা লাভ কৰা এই ছবিখনে বিদেশী চলচ্চিত্ৰ শাখাত অস্কাৰৰ বাবে মনোনীত হৈছিল। ২০০৭ চনত আমিৰে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি আমালৈ লৈ আহিছিল ডিছলেক্সিয়া শিশুৰ কাহিনী, চিনেমাখনৰ নাম আছিল তাৰে জামিন পৰ। ২০০৮ চনত আমিৰে নিজকে সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰি দক্ষিণৰ ছবি গজনীৰ পুনৰ্নিৰ্মাণ অভিনয় কৰিছিল, যিখন ছবিয়ে বিপুল সফলতা লাভ কৰিছিল। ২০০৯ চনত আমিৰে বলীউডৰ ইতিহাসৰ এতিয়ালৈকে জনপ্ৰিয় ছবি থ্ৰী ইডিয়টছত ‘ৰাঞ্চো’ৰ চৰিত্ৰত অভিনয় কৰিছিল। আমিৰ অভিনীত পি কে চিনেমাখন ২০১৪ চনত মুক্তি পাইছিল। বলীউডৰ এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত আছে আমিৰৰ পি কে। কেৱল ভাৰততে ৩০০ কোটি টকাৰ মাইলৰ খুঁটি স্পৰ্শ কৰা প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ‘পিকে’।
আমিৰ খানক কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০৩ চনত পদ্মশ্ৰী আৰু ২০১০ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে।[9] ২০১৩ চনৰ এপ্ৰিল মাহত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত তালিকাভুক্ত কৰিছিল।[10]
শিৰোনাম | বছৰ | Credited as | Notes | Ref. | |||
---|---|---|---|---|---|---|---|
অভিনেতা | প্ৰযোজক | অন্য | চৰিত্ৰ | ||||
য়াদো কি বাৰাত | 1973 | হয় | শিশু ৰতন[II] | Minor role | [11] | ||
মধহোষ | 1974 | হয় | শিশু ৰাজ[III] | Minor role | [11] | ||
পৰনয়া | 1983 | হয় | সহঃ পৰিচালক | Unknown | Short film | [12][13] | |
মঞ্জিল মঞ্জিল | 1984 | সহঃ পৰিচালক | [14] | ||||
হ'লি | 1984 | হয় | মদন শৰ্মা | [12] | |||
জবৰদস্ত | 1985 | সহঃ পৰিচালক | [14] | ||||
কয়ামত চে কয়ামত তক | 1988 | হয় | সহঃ লেখক | ৰাজ |
|
[15][16][17] | |
ৰাখ | 1989 | হয় | আমিৰ হুছেইন |
|
[16][18] | ||
লভ লভ লভ | 1989 | হয় | অমিত | [19] | |||
অৱল নম্বৰ | 1990 | হয় | ছানী | [19] | |||
তুম মেৰে হ' | 1990 | হয় | শিৱা | [19] | |||
ডিল | 1990 | হয় | ৰাজা | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [16][20][21] | ||
দিৱানা মুজ্চা নহি | 1990 | হয় | অজয় শৰ্মা | [19] | |||
জৱানী জিণ্ডাবাদ | 1990 | হয় | শশী শৰ্মা | [19] | |||
আফচানা প্যাৰ কা | 1991 | হয় | ৰাজ | [22] | |||
দিল হে কে মানতা নেহি | 1991 | হয় | ৰঘু জেটলী | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [16][23] | ||
ইচি কা নাম জিণ্ডগি | 1992 | হয় | চটু | [24] | |||
ডাউলট কি জঙ্গ | 1992 | হয় | ৰাজেশ চৌধুৰী | [25] | |||
জো জিতা ৱহি ছিকন্দৰ | 1992 | হয় | সঞ্জয় লাল শৰ্মা | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [16][26] | ||
পহলা নচা | 1993 | হয় | Himself | Cameo appearance | [27] | ||
পৰম্পৰা | 1993 | হয় | ৰনবীৰ পৃথ্বী সিং | [28] | |||
দামিনী | 1993 | হয় | Himself | Cameo appearance | [29] | ||
হম হ্যায় ৰাহি প্যাৰ কে | 1993 | হয় | চিত্ৰনাট্যকাৰ | ৰাহুল মালহোত্ৰা | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [30][16] | |
আন্দাজ আপনা আপনা | 1994 | হয় | অমৰ মনোহৰ | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [31][32] | ||
বাজী | 1995 | হয় | Amar Damjee | [33] | |||
আতংক হি আতংক | 1995 | হয় | ৰোহন | [34] | |||
ৰঙগীলা | 1995 | হয় | মুন্না | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [35] | ||
অকেলে হম অকেলে তুম | 1995 | হয় | ৰোহিত কুমাৰ | [16] | |||
ৰাজা হিন্দুস্তানী | 1996 | হয় | ৰাজা হিণ্ডুস্তানী | ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [36][16] | ||
ইশ্ক | 1997 | হয় | ৰাজা আহলাৱট | [37] | |||
গুলাম | 1998 | হয় | নেপথ্য গায়ক | সিদ্ধাৰ্থ মাৰাথে |
|
[16][38] | |
আৰ্থ্ | 1998 | হয় | Dil Navaz | Canadian-Indian film
Released in India as 1947: Earth |
[39] | ||
চৰফাৰোচ | 1999 | হয় | অজয় সিং ৰাথোৰ | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [16][40] | ||
মন | 1999 | হয় | দেৱ কৰণ সিং | [41] | |||
মেলা | 2000 | হয় | নেপথ্য গায়ক | কিশন প্যাৰে | [42] | ||
লগান | 2001 | হয় | হয় | ভুৱন |
|
[43][44][16] | |
দিল চাহ্তা হ্যায় | 2001 | হয় | আকাশ মালহোত্ৰা | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [16][45] | ||
Madness in the Desert | 2004 | হয় | হয় | Himself | Documentary filmAlso known as Chale Chalo: The Lunacy of Film Making | [46][47] | |
মঙ্গল পাণ্ডে: দ্যা ৰাইজিং | 2005 | হয় | নেপথ্য গায়ক | মঙ্গল পাণ্ডে | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [16][48] | |
ৰং দে বসন্তি | 2006 | হয় | নেপথ্য গায়ক | দলজিত সিং/
চন্দ্ৰশেখৰ আজাদ[IV] |
|
[16][49] | |
ফানা | 2006 | হয় | ৰেহান কাডৰী | [50] | |||
তাৰে জমিন পৰ | 2007 | হয় | হয় | পৰিচালক
নেপথ্য গায়ক |
ৰাম শংকৰ নিকুম্ভ |
|
[51][16][52][53] |
জানে টু য়া জানে না | 2008 | হয় | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [54][55] | |||
গজনী | 2008 | হয় | সহযোগী লেখক | সঞ্জয় সিংহানীয়া | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [16][56][57] | |
লাক বাই চাঞ্চ | 2009 | হয় | Himself | Cameo appearance | [58] | ||
থ্ৰী ইডিয়টচ্ | 2009 | হয় | ৰনচ'ৰ দাস শ্যামল দাস চাঞ্চৰ/ ফুনচুখ ৱাংগৰু[V] | মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | [59][60] | ||
পিপলি লাইফ | 2010 | হয় | Nominated—Filmfare Award for Best Film | [61][62] | |||
ধোবি ঘাট | 2011 | হয় | হয় | অৰুণ | [63] | ||
Big in Bollywood | 2011 | হয় | Himself | Documentary film | [64] | ||
দেল্হী বেলি | 2011 | হয় | হয় | Disco Fighter | Special appearance in song "I Hate You (Like I Love You)"
Nominated—Filmfare Award for Best Film |
[65][66] | |
তালাশ: দ্যা এঞ্চৱাৰ লাইচ ৱিডিন | 2012 | হয় | হয় | সুৰ্জন সিং শ্বেখাৱত | [67] | ||
বম্বে টকিচ্ | 2013 | হয় | Himself | Special appearance in song "Apna Bombay Talkies" | [68] | ||
Ru-Ba-Ru | 2013 | হয় | হয় | Himself | Documentary film | [69] | |
ধুম ৩ | 2013 | হয় | শ্বাহিৰ খান/সমৰ খান[VI] | [70] | |||
পিকে | 2014 | হয় | Nominated—Filmfare Award for Best Actor | [71][72] | |||
ডিল ধডকনে দো | 2015 | হয় | প্লুট' | Voice role | [73] | ||
দংগল | 2016 | হয় | হয় | নেপথ্য গায়ক | মহাবীৰ সিং ফোগাট | Filmfare Award for Best Actor | [74][75] |
চিক্ৰেট চুপাৰস্তাৰ | 2017 | হয় | হয় | শক্তি কুমাৰ | Nominated—Filmfare Award for Best Supporting Actor
Nominated—Filmfare Award for Best Film |
[76][77] | |
ঠাগছ অব্ হিণ্ডুস্তান | 2018 | হয় | ফিৰঙ্গী মাল্লাহ | [78] |
<ref>
টেগ;
ad
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
britannica
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
lagaan
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
Ebert2004
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
welfare
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই