জন্ম | ৪ মে’, ১৯৩৯ জেৰুছালেম, পেলেষ্টাইন |
---|---|
মৃত্যু | ২৮ ডিচেম্বৰ, ২০১৮ পেটাহ টিকভা, ইজৰাইল |
পেচা | ঔপন্যাসিক, সাংবাদিক, অধ্যাপক |
ৰাষ্ট্ৰীয়তা | ইজৰাইল |
দাম্পত্যসংগী | নিলি জুকাৰমেন |
সন্তান | ৩ |
আমোছ অজ (৪ মে' ১৯৩৯ – ২৮ ডিচেম্বৰ ২০১৮) [1] আছিল এজন ইজৰাইলী লেখক, ঔপন্যাসিক, সাংবাদিক আৰু বুদ্ধিজীৱী। তেখেতে নেগেভৰ বেন-গুৰিয়ান বিশ্ববিদ্যালয়ৰ হিব্ৰু সাহিত্যৰ অধ্যাপক আছিল। উপন্যাস, চুটিগল্প সংকলন, শিশু গ্ৰন্থকে ধৰি ৪০খন গ্ৰন্থৰ লেখক হিচাপে তেওঁৰ ৰচনা বৰ্তমানলৈকে ৪৫টা ভাষাত প্ৰকাশিত হৈছে৷ পাইছে, তেখেতে বহুতো সন্মান আৰু বঁটা লাভ কৰিছে, ইয়াৰ ভিতৰত ফ্ৰিডেন্সপ্ৰাইছ ডেছ ডয়চেন বুচহেণ্ডেলছ, লিজিয়ন অৱ অনাৰ অৱ ফ্ৰান্স, ইজৰাইল বঁটা, গ'থে বঁটা, প্ৰিন্স অৱ আষ্টুৰিয়াছ বঁটা, সাহিত্যত হাইনৰিখ হাইন বঁটা, আৰু ফ্ৰান্স কাফকা আদি অন্যতম৷ তেখেতক ইজৰাইলৰ আটাইতকৈ উৎকৃষ্ট লেখক আৰু সন্মানীয় বুদ্ধিজীৱীৰ ভিতৰৰ এজন হিচাপে গণ্য কৰা হয়।[2]
১৯৩৯ চনত পেলেষ্টাইনত জন্মগ্ৰহণ কৰা এমোছ ক্লাউছনাৰৰ (পিছলৈ অজ)ৰ জন্ম হৈছিল কেৰেম আভ্ৰাহাম চুবুৰীৰ ১৮ নং এমোছ ষ্ট্ৰীটত । তেখেতে জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত লগ পোৱা মেণ্ডেটৰী পেলেষ্টাইনলৈ অনুপ্ৰৱেশ কৰা ফানিয়া (মুছমান) আৰু য়েহুদা আৰিয়েহ ক্লাউছনাৰৰ একমাত্ৰ সন্তান আছিল । তেখেতৰ পিতৃৰ পৰিয়ালটো লিথুৱেনিয়াৰ আছিল, য'ত তেওঁলোকে ভিলনিয়াছৰ ওচৰত গৰু-ম'হ আৰু শাক-পাচলিৰ ব্যৱসায় কৰিছিল ।[3] তেওঁৰ পিতৃয়ে ভিলনিয়াছত ইতিহাস আৰু সাহিত্য অধ্যয়ন কৰিছিল আৰু তুলনামূলক সাহিত্যৰ অধ্যাপক হোৱাৰ আশা কৰিছিল যদিও শৈক্ষিক জগতত কেতিয়াও অগ্ৰগতি লাভ কৰা নাছিল। জীৱনৰ বেছিভাগ সময় তেওঁ ইহুদী ৰাষ্ট্ৰীয় আৰু বিশ্ববিদ্যালয় পুথিভঁৰালত লাইব্ৰেৰিয়ান হিচাপে কাম কৰিছিল । [4] অজৰ পিতৃ-মাতৃ বহুভাষিক আছিল (তেওঁৰ পিতৃয়ে দাবী কৰিছিল যে তেওঁ ১৬ বা ১৭টা ভাষাত পঢ়িব পাৰে, আনহাতে মাকে চাৰি-পাঁচটা ভাষা ক’ব পাৰে, কিন্তু সাত-আঠটা ভাষাত পঢ়িব পাৰে) কিন্তু দুয়োজনৰে এজনেও হিব্ৰু ভাষাত কথা ক’ব পৰা নাছিল, যিটো ভাষা ইজৰাইলত চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। তেওঁলোকে ইজনে সিজনৰ লগত ৰাছিয়ান বা পোলেণ্ড ভাষাত কথা পাতিছিল [5] কিন্তু তেওঁলোকে অজক শিকিবলৈ দিয়া একমাত্ৰ ভাষাটো আছিল হিব্ৰু। ১৯৫২ চনৰ জানুৱাৰী মাহত অজৰ বয়স ১২ বছৰ হওেত তেওঁৰ মাতৃয়ে আত্মহত্যা কৰে। [6] পিছলৈ অজে তেওঁৰ স্মৃতিগ্ৰন্থ ‘এ টেল অৱ লাভ এণ্ড ডাৰ্কনেছ’ত এই পৰিঘটনাৰ বিষয়ে বহলাই লিখিছে৷ তেওঁ এসময়ত ছিৰিয়াৰ সৈতে সীমান্ত সংঘৰ্ষত অংশগ্ৰহণ কৰি নাহাল ব্ৰিগেডত ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ সেৱা কৰিছিল । তিনি বছৰীয়া বাধ্যতামূলক নিয়মীয়া সেনা সেৱা সমাপ্ত কৰাৰ পিছত তেওঁক তেওঁৰ কিবুটজৰ দ্বাৰা জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়লৈ পঠিওৱা হয়, য'ত তেওঁ দৰ্শন আৰু হিব্ৰু সাহিত্য অধ্যয়ন কৰে। ১৯৬৩ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু কিবুটজ হাইস্কুলত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে, একে সময়তে তেওঁ লিখা-মেলাও আৰম্ভ কৰে। [7]
১৯৬০ চনত অজে নিলি জুকাৰমেনক বিয়া কৰায় আৰু তেওঁলোকৰ তিনিটা সন্তান জন্ম হয়। [8] ১৯৮৬ চনলৈকে তেওঁলোকৰ পৰিয়ালটোৱে হুল্ডা অঞ্চলত বাস কৰিছিল৷ অজ ১৯৮৭ চনৰ পৰা ২০১৪ চনলৈকে নেগেভৰ বেন-গুৰিয়ান বিশ্ববিদ্যালয়ত হিব্ৰু সাহিত্যৰ পূৰ্ণ অধ্যাপক আছিল। তেওঁ বিদেশৰ বিশ্ববিদ্যালয়সমূহত আৱাসিকভাৱে লেখক আৰু অতিথি পণ্ডিত হিচাপেও কাম কৰিছিল।২০১৪ চনত তেওঁলোকৰ পৰিয়ালটো টেল আভিভলৈ গুচি যায় । ২০১৮ চনৰ ২৮ ডিচেম্বৰত ৰাবিন মেডিকেল চেণ্টাৰ, পেটাহ টিকভাত কৰ্কট ৰোগত আক্ৰান্ত হৈ অজৰ মৃত্যু হয় তেওঁক কিবুটজ হুল্ডাত সমাধিস্থ কৰা হয়। [9]
১৯৬৫ চনত অজে তেওঁৰ প্ৰথমখন গ্ৰন্থ ‘Where the Jackals Howl’ শীৰ্ষক চুটিগল্প সংকলন প্ৰকাশ কৰে । হিষ্টাড্ৰুট প্ৰেছ আম অভেডৰ সৈতে অজে প্ৰতি বছৰে গড়ে এখন কিতাপ লিখিছিল৷ অজে সৰ্বমুঠ ৪০ খন গ্ৰন্থ ৰচনা কৰিছল৷ ইয়াৰে ১৪ খন উপন্যাস, পাঁচখন গল্প আৰু উপন্যাস সংকলন, দুখন শিশু গ্ৰন্থ, আৰু বাৰখন প্ৰবন্ধ গ্ৰন্থ আছিল৷ তদুপৰি তোওঁ প্ৰায় ৪৫০ টা মান প্ৰবন্ধ প্ৰকাশ কৰিছিল৷ তেওঁৰ ৰচনাসমূহ বৰ্তমান প্ৰায় ৪৫টা ভাষালৈ অনুবাদ কৰা হৈছে, যিটো আন যিকোনো ইজৰাইলী লেখকতকৈ অধিক। ২০০৭ চনত চীনা অনুবাদৰ পৰা নিৰ্বাচিত ‘এ টেল অৱ লাভ এণ্ড ডাৰ্কনেছ’ আধুনিক হিব্ৰু সাহিত্যৰ প্ৰথমখন গ্ৰন্থ আছিল যিখন চীনৰ চৰকাৰী পাঠ্যপুথি হিচাপেে স্বীকৃতি পাইছিল।[10]
অজৰ ৰাজনৈতিক ধাৰাভাষ্য আৰু সাহিত্য সমালোচনা আদিবোৰ ‘হিস্তাদৰুট’ কাকত ‘ডাভাৰ’ আৰু ‘য়েদিয়থ আহ্ৰ'নথ’ কাকতত প্ৰকাশ পাইছে । তেওঁৰ ৰচনাসমূহৰ অনুবাদ নিউয়ৰ্ক ৰিভিউ অৱ বুকছত প্ৰকাশ পাইছে । নেগেভৰ বেন-গুৰিয়ান বিশ্ববিদ্যালয়ে তেওঁৰ ৰচনাৰ আৰ্কাইভ সংৰক্ষণ কৰিছে।[11]
অজ, আমোছ (২২ জানুৱাৰী ২০০৭) অজ, আমোছ (৮ ডিচেম্বৰ ২০০৮) অজ, আমোছ (১৭ জানুৱাৰী ২০১১)