আলজেমাৰ ৰোগ | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() এটা সাধাৰণ মগজু (বাঁও) আৰু এজন আলজেমাৰ ৰোগীৰ মগজুৰ (সোঁ) তুলনা। পাৰ্থক্য দেখুওৱা লক্ষণবোৰ প্ৰদৰ্শন কৰা হৈছে। | |
আই.চি.ডি.-10 | G30, F00 |
আই.চি.ডি.-9 | 331.0, 290.1 |
OMIM | 104300 |
ডিজিজেছ ডে'টাবে'ছ | 490 |
মেডলাইন প্লাছ | 000760 |
ইমেডিচিন | neuro/13 |
MeSH | D000544 |
আলজেমাৰ ৰোগ (ইংৰাজী: Alzheimer's disease; (AD), Alzheimer disease, বা চমুকৈ Alzheimer's বুলিও কোৱা হয়।) হৈছে এক প্ৰকাৰৰ স্নায়বিক ৰোগ।[1] ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ (তৎকালীন স্মৃতি) কৰাত অসুবিধা হোৱা।[1] ৰোগৰ প্ৰাৱল্য বৃদ্ধি হোৱাৰ লগে লগে ভাষাৰ সমস্যা, উৎসাহ হেৰাই যোৱা, আচৰণগত সমস্যা আদিয়েও দেখা দিয়ে।[1] ৰোগীৰ অৱস্থাৰ অধিক অৱনতি হ'লে, তেওঁলোকক প্ৰায়ে পৰিয়াল আৰু সমাজৰ পৰা বহিষ্কাৰ কৰা হয়।[1] ক্ৰমান্নয়ে, দৈহিক কাৰ্যকাৰিতা লুপ্ত হয় আৰু ৰোগীজন মৃত্যুমুখত পৰে।[2] যদিও ৰোগ বৃদ্ধিৰ হাৰ ভিন্ন, গড় হিতাপে ৰোগী নৰ পৰা দহ বছৰৰ ভিতৰত মৃত্যুমুখত পৰে।[3]
আলজেমাৰ ৰোগৰ কাৰকসমূহ সম্পূৰ্ণৰূপে বুজা গৈছে।[1] প্ৰায় ৭০% ৰোগৰ কাৰণ বংশগত বুলি বিশ্বাস কৰা হয়; সাধাৰণতে বহুতো জিন জড়িত হৈ থাকে।[4] অন্যান্য কাৰকবোৰ হৈছে মূৰৰ আঘাত, অৱসাদ, বা দুশ্চিন্তা।[1] এই ৰোগ মগজুৰ plaques আৰু tanglesৰ লগত জড়িত।[4] ৰোগৰ ইতিহাস আৰু মেডিকেল ইমেজিং আৰু ৰক্ত পৰীক্ষাৰ দ্বাৰা অন্য সম্ভাৱনীয় কাৰক নিৰ্ধাৰণৰ সংজ্ঞানাত্মক অভীক্ষা ভিত্তিত ইয়াৰ চিকিৎসা কৰা হয়।[5] মগজুৰ কলা পৰীক্ষা কৰি ৰোগ নিৰ্ধাৰণ কৰা হয়।[4] নিয়মিত মানসিক আৰু শাৰীৰিক ব্যায়াম কৰিলে আৰু মেদবহুলতাৰ পৰা আঁতৰত থাকিলে এই ৰোগৰ সম্ভাৱনা বহু হ্ৰাস পায়।[4]
বৰ্গীকৰণ | |
---|---|
বাহ্যিক সমল |