১৯৬২ চনৰ আলজেৰিয়াৰ স্বাধীনতা যুদ্ধৰ সময়ত আলজেৰিয়াৰ মহিলাসকলে পুৰুষৰ সমকক্ষ হিচাপে অৱতীৰ্ণ হৈছিল। এইদৰে তেওঁলোকে নিজৰ পৰিচয়ৰ নতুন অনুভূতি আৰু পুৰুষৰ পৰা কিছু পৰিমাণে গ্ৰহণযোগ্যতা লাভ কৰে।[1]কিন্তু যুদ্ধৰ পিছত মহিলাসকলে নিজৰ মুক্তিকামী সত্তা বজাই ৰাখিব পৰা নাছিল৷ আলজেৰিয়া যুদ্ধৰ অন্তত ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোক পূৰ্বৰদৰে নিয়োজিত নহৈছিল৷ আলজেৰিয়াৰ সংবিধানে লিংগৰ মাজত সমতাৰ নিশ্চয়তা দিছিল, য’ত মহিলাসকলে ভোটদান কৰিব পাৰে আৰু ৰাজনৈতিক পদবীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কিন্তু বাস্তৱিকতে সেইয়া কাৰ্যকৰী কৰাটো অধিক কঠিন হৈ পৰিছিল।[2]
বিবাহৰ আইনী বয়স পুৰুষ আৰু মহিলাৰ উভয়ৰ বাবে ঊনৈশ।[3]আলজেৰিয়ান মহিলাই ফৰাচী শাসনৰ সময়তকৈ এতিয়া বেছি বয়সতে বিয়া হৈ পৰিয়াল গঢ়ি তুলিছে। শিক্ষা, কৰ্মৰ প্ৰতি দায়বদ্ধতা, পৰিৱৰ্তিত সামাজিক মনোভাৱ আদিয়েই এই পৰিৱৰ্তনৰ কাৰণ। ২০১০ চনত মুঠ প্ৰজননৰ হাৰ আছিল ১.৭৬ টা শিশু/মহিলা। ২০০৯ চনত এই হাৰ আছিল ২.৪১ আৰু ১৯৭০ চনত ফ্ৰান্সৰ পৰা আলজেৰিয়াৰ স্বাধীনতা যুদ্ধৰ ঠিক পিছতেই পূৰ্বৰ ৭.১২ৰ পৰা এই হাৰ হ্ৰাস পাইছে।
ফৰাচী উপনিৱেশিকসকলে তেওঁলোকৰ ধৰ্মনিৰপেক্ষ সাৰ্বভৌম সংবিধান আৰু লেইচিটেৰ ধাৰণাটোৰ বাবেই ওৰণি লোৱাৰ বিৰোধিতা কৰিছিল। ফৰাচী ধৰ্মনিৰপেক্ষ সংবিধানৰ ভিত্তি হৈছে ১৭৮৯ চনৰ পুৰুষ আৰু নাগৰিকৰ অধিকাৰ ঘোষণা।
দেশখনৰ স্বাধীনতাৰ পূৰ্বে অতি কম সংখ্যক স্থানীয় আলজেৰিয়ান মহিলাই পঢ়িব আৰু লিখিব পাৰিছিল। এইয়া হৈছিল ফ্ৰান্সে আলজেৰিয়াৰ সমগ্ৰ থলুৱা জনসাধাৰণৰ বাবে ইছলামিক শিক্ষাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত। যাৰ ফলত বহু বিদ্যালয়ও বন্ধ হৈ পৰিছিল, যেতিয়ালৈকে দেশৰ প্ৰয়োজনীয়তা অনুসৰি বিদ্যালয় প্ৰায়েই নাছিল।[4] ১৯৯০ চনত স্বাধীনতাৰ পিছত "৬ৰ পৰা ১৫ বছৰৰ ভিতৰৰ ৯৩% ল'ৰা আৰু ৮৩% ছোৱালী বিদ্যালয়লৈ গৈছে৷ স্নাতক পৰীক্ষাত প্ৰৱেশ কৰা সকলো ছাত্ৰ-ছাত্ৰীৰ ৪৯% আৰু সকলো বিশ্ববিদ্যালয়ৰ ৪০% শিক্ষাৰ্থী হৈছে ছাত্ৰী"।[5] ৰাষ্ট্ৰসংঘ মহিলাৰ মতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৮১.৪ শতাংশ হোৱাৰ বিপৰীতে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭৫.৩%।[6]
স্বাধীনতাৰ পিছত উত্তৰ আফ্ৰিকা আৰু আলজেৰিয়াৰ মহিলাসকলে চুবুৰীয়া আৰু অন্যান্য আফ্ৰিকান দেশতকৈ অধিক মানৱ অধিকাৰ লাভ কৰে। আলজেৰিয়াৰ মহিলাসকল সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব পাৰে, বিবাহ বিচ্ছেদ লাভ কৰিব পাৰে, তথা সন্তানৰ তত্ত্বাৱধান ৰাখিব পাৰে, শিক্ষা লাভ কৰিব পাৰে আৰু সমাজৰ বহু খণ্ডত কাম কৰিব পাৰে।[2]আলজেৰিয়াৰ অধিবক্তাৰ ৭০ শতাংশ আৰু ন্যায়াধীশৰ ৬০ শতাংশ মহিলা।[2] চিকিৎসা, স্বাস্থ্যসেৱা আৰু বিজ্ঞানৰ ক্ষেত্ৰতো তেওঁলোকে আধিপত্য বিস্তাৰ কৰে।[2] ক্ৰমান্বয়ে পুৰুষতকৈ মহিলাসকলে পৰিয়ালৰ আয়ত অধিক অৰিহণা যোগায়।[2] ২০০৭ চনলৈকে বিশ্ববিদ্যালয়ৰ পঁয়ষষ্ঠি শতাংশ শিক্ষাৰ্থী মহিলা, ৮০%তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে স্নাতক হোৱাৰ পিছত কৰ্মশক্তিত যোগদান কৰে।[2] পৰিয়ালৰ সদস্যসকলে তেওঁলোকক শিক্ষিত হ’বলৈ আৰু আলজেৰিয়াৰ সমাজত অৰিহণা যোগাবলৈ উৎসাহিত কৰে। উত্তৰ আফ্ৰিকাৰ প্ৰথম টেক্সি আৰু বাছ চালক হিচাপেও আলজেৰিয়াৰ মহিলাসকলে অগ্ৰগতি লাভ কৰিছে৷[2]আৰক্ষী বাহিনী আৰু নিৰাপত্তাৰক্ষীৰ পদতো তেওঁলোকৰ সংখ্যা বৃদ্ধি পাইছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত ইউনেস্ক’ৰ প্ৰতিবেদন অনুসৰি ৰেচ এগেইনষ্ট টাইম ফৰ স্মাৰ্ট ডেভেলপমেণ্ট শীৰ্ষক প্ৰতিবেদন অনুসৰি আলজেৰিয়াত মহিলা অভিযন্তা আৰু স্নাতকৰ অনুপাত ৪৮.৫%। ইয়াৰ পৰা দেখা যায় যে কেনেকৈ আলজেৰিয়াৰ মহিলাসকলে পেছাদাৰিত্ব আৰু পাৰদৰ্শিতা দাবী নকৰা পৰম্পৰাগত চাকৰিৰ মাজত নিজকে সীমাবদ্ধ নাৰাখিছিল৷[7]