আলিছা চিনাই | |
---|---|
![]() ২০০৯ চনত চিনাই | |
প্ৰাথমিক তথ্য | |
জন্ম | ১৮ মাৰ্চ, ১৯৬৫ (৬০ বছৰ)[1] আহমদাবাদ, গুজৰাট, ভাৰত |
সংগীতৰ প্ৰকাৰ |
|
পেচা | কণ্ঠশিল্পী |
কাৰ্যকাল | ১৯৮৫-২০১৭ |
আলিছা চিনাই (ইংৰাজী: Alisha Chinai; জন্ম: ১৮ মাৰ্চ ১৯৬৫)[1] এগৰাকী ভাৰতীয় পপ গায়িকা, যি তেওঁৰ ইণ্ডি-পপ এলবামৰ লগতে হিন্দী চলচ্চিত্ৰৰ নেপথ্য গায়কীৰ বাবেও পৰিচিত।[2] ১৯৮৫ চনত যাদু এলবামৰ জৰিয়তে তেওঁৰ গায়কী জীৱন আৰম্ভ হয় আৰু ১৯৯০ চনৰ ভিতৰত তেওঁ ইণ্ডি-পপৰ ৰাণী অভিধা অৰ্জন কৰে।[3] নব্বৈৰ দশকৰ সময়ছোৱাত অনু মালিক আৰু বিদ্দুৰ প্ৰযোজনাত তেওঁৰ আটাইতকৈ পৰিচিত গীতসমূহ সৃষ্টি হৈছিল। তেওঁৰ আটাইতকৈ পৰিচিত তথা জনপ্ৰিয় গীতটো হৈছে মেড ইন ইণ্ডিয়া।
চিনাইৰ প্ৰাৰম্ভিক এলবামসমূহৰ ভিতৰত আছে যাদু, বেবীড’ল, আহ... আলিছা, মেডোনা, কামসূত্ৰ, আলিছা – মেডোনা অফ ইণ্ডিয়া আৰু “মেড ইন ইণ্ডিয়া”।[2] আলিছাক হিন্দী চলচ্চিত্ৰ সংগীতৰ সৈতে পৰিচয় কৰাই দিছিল প্ৰবীণ সংগীত পৰিচালক তথা সুৰকাৰ বাপ্পী লাহিৰীয়ে। আশীৰ দশকত এডভেঞ্চাৰছ অৱ টাৰ্জান, ডান্স ডান্স, কমাণ্ডো, গুৰু, লাভ লাভ লাভ আদি বহু ছবিত দুয়ো একেলগে বহুতো হিট ডিস্কো গীতৰ সৃষ্টি কৰিছিল। সাংগীতিক জীৱনৰ আৰম্ভণিতে তেওঁ কৰিশ্মা কাপুৰ, স্মিতা পাটিল, মন্দাকিনী, শ্ৰীদেৱী, জুহি চাওলা, মাধুৰী দীক্ষিত, দিব্যা ভাৰতী আদি শীৰ্ষস্থানীয় অভিনেত্ৰীৰ বাবে নেপথ্য কণ্ঠ দিছিল। ১৯৮৫ চনত আলিছাই ৰেমো ফাৰ্নাণ্ডেছৰ সৈতে কোংকণী ভাষাত ওল্ড গোৱান গোল্ড এলবামৰ বাবে দুটা গীত গায়। আনন্দ–মিলিন্দৰ সুৰত পংকুজ পৰাশৰৰ ছবি জালৱাৰ (১৯৮৭) বাবেও তেওঁ এটা গীত ৰেকৰ্ডিং কৰে। আশীৰ দশকৰ ভিতৰত তেওঁৰ অন্যতম হিট গীত আছিল “কাঁটে নেহী কাটথে” (মিষ্টাৰ ইণ্ডিয়া)। এই গীতটো তেওঁ ১৯৮৭ চনত কিশোৰ কুমাৰৰ সৈতে লক্ষ্মীকান্ত–প্যাৰেলালৰ সংগীত পৰিচালনাত ৰেকৰ্ডিং কৰিছিল। ১৯৮৯ চনৰ আন এটা সফল গীত আছিল ত্ৰিদেৱ ছবিৰ “ৰাত ভৰ জাম ছে”, যিটো গীতত কল্যাণজী-আনন্দজী আৰু বিজু শ্বাহে সংগীত দিছিল।[4]
চিনায়ে লেছল লুইছৰ সৈতে বম্বে গাৰ্ল নামেৰে এটা এলবাম বাণীবদ্ধ কৰে, য'ত ১৯৯৪ চনত মুক্তি পোৱা হিট গীত দে দেও আছিল। সমান্তৰালভাবে তেওঁ এগৰাকী পপ গায়িকা হিচাপে বাণীবদ্ধ কৰা বহুতো একক গীত আৰু লগতে এলবামো মুক্তি পায়। ১৯৯৫ চনত বিদ্দুৰ সুৰত নিৰ্মিত “মেড ইন ইণ্ডিয়া'” শীৰ্ষক হিট গীতটো আৰু একে নামৰ এলবামটোৱে বিক্ৰিৰ ক্ষেত্ৰত অভিলেখৰ সৃষ্টি কৰিছিল আৰুচিনাইক খ্যাতিৰ শীৰ্ষলৈ লৈ গৈছিল। যাৰ ফলত আলিছা এটা ঘৰুৱা নাম হৈ পৰিছিল। এলবামটোত “আজা মেৰে দিল মেই'”, “এক বাৰ দো বাৰ”, “শুন ও মেৰী ধড়কন'”, “তু কাহাঁ”, “উঃ লা লা”, “তু জো মিলা”, “ধোখা দিয়া হ্যায় ৰে তুনে মেৰে দিল” আৰু “লাভাৰ গাৰ্ল” আদি সুপৰিচিত গীত সন্নিবিষ্ট হৈছিল। এলবামটোৰ সফলতাৰ লগে লগে চিনায়ে নেপথ্য গায়কীৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰে আৰু কেৱল ব্যক্তিগত পপ এলবামত মনোনিৱেশ কৰিব বিচাৰে। অৱশ্যে তেওঁৰ পৰৱৰ্তী প্ৰযোজনাবোৰ সিমান সফল নহ’ল। এনেকুৱা সময়তে কেইবাটাও হিট গীত বাণীবদ্ধ অনু মালিকৰ সৈতেও বিতৰ্কত জড়িত হৈ পৰে। মেড ইন ইণ্ডিয়া মুক্তিৰ সময়ত চিনায়ে অনু মালিকে তেওঁক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছত দুয়োজনে বহু বছৰ একেলগে কাম কৰা নাছিল; মাথোঁ ২০০৩ চনত ইছক্ ৱিছক্ ছবিখনৰ যোগেদি দুয়ে পুনৰ মিলিত হয়।
|