আলিবৰ্দি খান (১৬৭১ – ৯ এপ্ৰিল ১৭৫৬) ১৭৪০ চনৰ পৰা ১৭৫৬ চনলৈকে বংগৰ নবাব আছিল। তেওঁ ১৭৪০ চনত নবাবৰ নাচিৰি বংশক ওফোৰাই সৰফৰাজ খানক পৰাস্ত কৰে আৰু নিজে ক্ষমতা দখল কৰে।
আলিবৰ্দিৰ ৰাজত্বকালৰ বেছিভাগ সময় তেওঁ সঘনাই ৰঘুজী ভোঁছলেৰ অধীনত হোৱা মাৰাঠা আক্ৰমণৰ সম্মুখীন হ’ব লগা হয়, যাৰ ফলত ১৭৫১ চনত হোৱা এক শান্তিচুক্তি মতে উৰিষ্যা প্ৰদেশ এৰি দিবলগীয়া হয়। তদুপৰি তেওঁ বিহাৰৰ বিচ্ছিন্নতাবাদী বিদ্ৰোহৰ লগতে নাতি ছিৰাজ উদ-দৌল্লাৰ বিদ্ৰোহৰো সম্মুখীন হ’বলগীয়া হৈছিল যদিও এইবোৰ দমন কৰা হৈছিল।
আলিবৰ্দি খানে তেওঁৰ ৰাজত্বকালৰ শেষ সময়খিনি বংগদেশ পুনৰ নিৰ্মাণৰ কামত ব্যস্ত থাকে। তেওঁ কলাৰ পৃষ্ঠপোষক আছিল আৰু মুৰ্ছিদ কুলী খানৰ নীতি পুনৰ আৰম্ভ কৰিছিল। উপমহাদেশখনৰ ইউৰোপীয় শক্তিসমূহৰ সৈতে তেওঁ ৰাজনৈতিকভাৱে নিৰপেক্ষ স্থিতি বজাই ৰাখিছিল আৰু তেওঁৰ শাসনাধীন এলেকাত তেওঁলোকৰ মাজত সকলো অন্তৰ্যুদ্ধ ৰোধ কৰিছিল। তেওঁৰ পিছত ১৭৫৬ চনত ছিৰাজ উদ-দৌল্লা ৰাজপাটত বহে।
আলিবৰ্দি খানৰ আচল নাম আছিল মিৰ্জা বাণ্ডে বা মিৰ্জা মহম্মদ আলী। তেওঁ ডেক্কানী লোক আছিল আৰু জন্ম হৈছিল ১৬৭৬ চনত।[1][2][3] তেওঁৰ পিতৃ, মোগল সম্ৰাট ঔৰংজেৱৰ এজন তোলনীয়া ভাতৃৰ পুত্ৰ মিৰ্জা মহম্মদ মাদানীয়ে নিজেই পিছৰজন পুত্ৰ আজম শ্বাহৰ অধীনত এজন বিষয়া হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।[4] মহম্মদ আলীৰ মাতৃ আছিল ইৰাণৰ তুৰ্কমেন আফশ্বাৰ জনগোষ্ঠী খোৰাছানৰ বংশৰ এগৰাকী ডেক্কানী মুছলমান। তেওঁৰ পৰাই মহম্মদ আলিৰ ছুজা-উদ্-দিন মহম্মদ খান নামৰ এজন ভতিজা সম্পৰ্কীয় ভায়েক আছিল, যি মিৰ্জা ডেক্কানী নামেৰে পৰিচিত৷[3][5] পিতৃৰ দৰেই তেওঁ আৰু তেওঁৰ ডাঙৰ ভাতৃ মিৰ্জা আহমেদ (পিছলৈ হাজী আহমেদ নামেৰে পৰিচিত) আজম শ্বাহৰ সহানুভূতি লাভ কৰিছিল। মহম্মদ আলীক ফিলখানা (হাতী-শাল)ৰ অধীক্ষক হিচাপে নিযুক্তি দিয়াৰ লগতে জৰ্ডোজখানা(এম্ব্ৰয়ডাৰী কাপোৰ বিভাগ)ৰ দায়িত্বও দিয়া হৈছিল। কিন্তু ১৭০৭ চনত আজম শ্বাহৰ মৃত্যুৰ পিছত পৰিয়ালটো দৰিদ্ৰতাত পৰিল। তেতিয়া তেওঁলোকৰ আত্মীয় উপ-ৰাজ্যপাল ছুজা-উদ্-দিনৰ অধীনত উৰিষ্যাৰ কটকলৈ প্ৰব্ৰজন কৰে। কৰ্মসংস্থাপন বিচাৰি পোৱাৰ পিছত মহম্মদ আলী আৰু মিৰ্জা আহমেদে চৰকাৰক সমৰ্থন কৰাত নিজকে সক্ষম বুলি প্ৰমাণ কৰে, পিছলৈ আনকি ছুজা-উদ্-দিনক বংগৰ নবাব হোৱাতো সহায় কৰে।[6]
১৭২৮ চনত ছুজা-উদ্-দিনে মহম্মদ আলীক ৰাজমহলৰ ফৌজদাৰ(জেনেৰেল) পদলৈ পদোন্নতি দিয়ে আৰু তেওঁক আলিবৰ্দি খান উপাধি প্ৰদান কৰে।[7] ১৭৩৩ চনত তেওঁক বিহাৰৰ নাইব নাজিম (ডেপুটি চুবেদাৰ) হিচাপে নিযুক্তি দিয়া হয়। এবছৰৰ পাছত ছুজা-উদ। -দিনৰ দ্বাৰা তেওঁ ছুজা উল-মুলক (দেশৰ নায়ক), হাচেম উদ্-দৌলা(ৰাজ্যৰ সশস্ত্ৰ শক্তি) আৰু মহাবাত জং (যুদ্ধত আতংক) উপাধি আৰু পাঁচ হাজাৰী মনচবদাৰ (৫০০০ৰ পদবীধাৰী) পদবী লাভ কৰে আৰু আজিমাবাদলৈ উভতি যায়।
আলিবৰ্দিয়ে ইয়াতকৈয়ো ডাঙৰ কৰ্তৃত্বৰ আকাংক্ষা কৰিছিল। ১৭৪০ চনৰ ১০ এপ্ৰিলত গিৰিয়া যুদ্ধত তেওঁ ছুজা উদ্-দিনৰ উত্তৰাধিকাৰী চৰফৰাজ খানক পৰাস্ত কৰি হত্যা কৰে।[7] এইদৰে তেওঁ বংগ আৰু বিহাৰক নিজৰ হাতৰ মুঠিলৈ আনিলে। তাৰ পিছত ১৭৪১ চনৰ ৩ মাৰ্চত উৰিষ্যাৰ উপ-ৰাজ্যপাল তথা সৰফৰাজ খানৰ আত্মীয় ৰুস্তম জঙক ফুলৱাৰিয়ান যুদ্ধত পৰাস্ত কৰে।[7] এইদৰে, উৰিষ্যাও আলিবৰ্দিৰ নিয়ন্ত্ৰণলৈ আহিল। আলিবৰ্দি খানে মিৰ্জা বাকিৰ খানৰ নেতৃত্বত উৰিষ্যাত হোৱা বিদ্ৰোহক পৰাস্ত কৰে আৰু দ্বিতীয়বাৰ উৰিষ্যা আক্ৰমণ কৰি বৰহা ছৈয়ীদসকলক অতি কষ্টেৰে বশ কৰে,[8] আৰু এজন সাহসী যোদ্ধা শ্বেইখ মাছুমক শাসনকৰ্তা হিচাপে নিযুক্তি দিয়ে।[9]