আলু পৰঠা

আলু পৰঠা

দৈ আৰু আচাৰৰ সৈতে আলু পৰঠা
অন্য নাম বাংলাআলুৰ পৰোটা
ওড়িয়াআলু পৰতা
নেপালীআলু কো পৰৌথা
গুজৰাটীবাটা না পৰোত্তা
তেলুগুত "পল্লেম ওগাবাট্টু"/"আলুগদ্দা কাৰা ওগাবট্টু"।
অঞ্চল পঞ্জাব,ভাৰতীয় উপমহাদেশ [1]
মুখ্য উপাদান আলু, আটা, মাইদা, মাখন বা ঘী
খাদ্য শক্তি
(প্ৰতি পৰিবেশন)
২৯০-৩৬০ কিলোকেলৰি

আলু পৰঠা (শব্দগত অৰ্থ: 'আলু পৰাঠা') হৈছে ভাৰতীয় উপমহাদেশৰ এক পৰম্পৰাগত খাদ্য, যিটো আলু ভৰাই চেপেতা কৰি ঘূৰণীয়াকৈ বেলি লৈ তৈয়াৰ কৰা হয়।[2][3]পৰম্পৰাগতভাৱে ইয়াক পুৱাবেলাৰ আহাৰ হিচাপে খোৱা হয়।[2][4]

ইয়াত ময়দা বা আটাগুৰি লোৱা হয়। আলু পিটিকা ৰ লগত, মছলাৰ মিশ্ৰণ (আমচুৰ, গৰম মছলা) ভালদৰে মিহলাই,ঘূৰণীয়া লাডুৰ ভিতৰত সাবধানে ভৰাই লোৱা হয়। এতিয়া বেলনীৰে বেলি তৈয়াৰ কৰা পৰঠা মাখন বা ঘিঁউৰ সৈতে গৰম তাৱাত ভাজি ৰন্ধা হয়।[5][6] আলু পৰঠা সাধাৰণতে মাখন, চাটনি, দৈ বা ভাৰতীয় আচাৰৰ সৈতে পৰিবেশন কৰা হয়।[7][8]

পৰঠাৰ গুণগত মানদণ্ড বেচি; আলু ভৰাই ভজা হ'লে ইয়াৰ কেলৰি (২৯০-৩৬০ কেলৰি) সাধাৰণ ৰ'টি (৬০ কেলৰি)তকৈ বেছি হয়।[6]

একবিংশ শতিকাত সময়ৰ অভাব, ব্যস্ত ৰুটিন, বৃদ্ধি পোৱা ঘৰুৱা আয়, সৰু পৰিয়াল আৰু সময়ৰ বাধাৰ বাবে চহৰীয়া ভাৰতীয়সকলৰ মাজত আলু পৰাঠাৰ প্ৰভাৱ কমি আহিছে। এই পৰিৱৰ্তনৰ ফলস্বৰূপে, পুৱাৰ নাস্তাত অধিক সুবিধাজনক খাদ্য যেনে চিৰিয়েলজাতীয় খাদ্যৰ প্ৰচলন বাঢ়িছে।[4]

ভিন্নতা

[সম্পাদনা কৰক]

জম্মু আলু আনৰদনা বা আলু ডাডুনি পৰঠা

[সম্পাদনা কৰক]

জম্মু ডাডুনি নামৰ স্থানীয় জাতৰ ডালিমৰ গুটিৰে ভৰাই প্ৰস্তুত কৰা আলু পৰঠাৰ বাবে জনাজাত। এই পৰঠাবোৰ সাধাৰণ ডোগ্ৰা ব্ৰেকফাষ্টৰ নিয়মীয়া অংশ আৰু শ্ৰী বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত যিকোনো ডগ্ৰী বৈষ্ণো ধাবাত সহজে উপলব্ধ।[9]

যোধপুৰী জয়ফলী আলু পলক পৰঠা

[সম্পাদনা কৰক]

ৰাজস্থানত যোধপুৰ জয়ফল (জাইফল) আৰু পালক (পালেং)ৰে ৰন্ধা আলুৰ বিশেষ ভৰ্তিৰে ভৰাই থোৱা আলু পৰঠাৰ বাবে জনাজাত।[10]

তেলেগু পল্লেম অব্বাট্টু বা আলুগদ্দা কাৰা অব্বাট্টু

[সম্পাদনা কৰক]

তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত পল্লেম অব্বাট্টু[11] বা আলুগদ্দা কাৰা অব্বাট্টু[12] আটাগুড়িৰ লগত টেঙা আলুৰ মিশ্ৰণ ভৰাই প্ৰস্তুত কৰা হয়। যিটো তাৰ পিছত অলপ তেল ব্যৱহাৰ কৰি গৰম তাৱাত ভজা হয়।[13] ইয়াক সকলো সময়ত সকলে উদ্দেশ্যত পৰিবেশন কৰাহয়।

লগতে চাওক

[সম্পাদনা কৰক]
  • ৰুটিৰ বাচনৰ তালিকা
  • পাকিস্তানী খাদ্য
  • ভাৰতীয় খাদ্য


তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Kumawat, Lovesh (2020) (en ভাষাত). Cuisine. NotionPress. পৃষ্ঠা. 103. ISBN 9781648501623. https://books.google.com/books?id=3OrkDwAAQBAJ. 
  2. 2.0 2.1 Benson, Heather L.; Helzer, Jennifer (January 2017). "Central Valley Culinary Landscapes: Ethnic Foodways of Sikh Transnationals". California Geographer খণ্ড 56: 55–95. 
  3. Al-Khusaibi, Mohammed; Rahman, Mohammad Shafiur (2019). "1. Traditional foods: overview". In Al-Khusaibi, Mohammed; Al-Habsi, Nasser; Rahman, Mohammad Shafiur (en ভাষাত). Traditional Foods: History, Preparation, Processing and Safety. প্ৰকাশক Switzerland: Springer. পৃষ্ঠা. 1–8. ISBN 978-3-030-24620-4. https://books.google.com/books?id=7MK3DwAAQBAJ&pg=PA1. 
  4. 4.0 4.1 Iyer, Lakshmi Shankar (8 June 2014). "A Study of Breakfast Habits of Urban Indian Consumers". The International Journal's Research Journal of Economics and Business Studies খণ্ড 3 (8): 107–118. ISSN 2251-1555. https://www.researchgate.net/publication/263593227. 
  5. Basak, Somnath; Chakraborty, Snehasis; Singhal, Rekha S. (1 January 2023). "Revisiting Indian traditional foods-A critical review of the engineering properties and process operations" (en ভাষাত). Food Control খণ্ড 143: 109286. doi:10.1016/j.foodcont.2022.109286. ISSN 0956-7135. https://www.sciencedirect.com/science/article/abs/pii/S0956713522004790. 
  6. 6.0 6.1 Padave, Chef Priya; Sawant, Chef Vijay; Salvi, Chef Swapnil (en ভাষাত). Indian Bread: Traditional and Innovative Indian Breads. Educreation Publishing. পৃষ্ঠা. 25–32. ISBN 978-93-5373-066-6. https://books.google.com/books?id=zW-aDwAAQBAJ&q=PA25. 
  7. Ananthanarayan, Laxmi; Dubey, Kirti Kumari; Muley, Abhijeet B.; Singhal, Rekha S. (2019). "6. Indian traditional foods: preparation, processing and nutrition". In Al-Khusaibi, Mohammed; Al-Habsi, Nasser; Rahman, Mohammad Shafiur (en ভাষাত). Traditional Foods: History, Preparation, Processing and Safety. প্ৰকাশক Switzerland: Springer. পৃষ্ঠা. 135. ISBN 978-3-030-24620-4. https://books.google.com/books?id=7MK3DwAAQBAJ&pg=PA135. 
  8. Sachdev, M; Misra, A (17 January 2022). "Heterogeneity of Dietary practices in India: current status and implications for the prevention and control of type 2 diabetes.". European Journal of Clinical Nutrition খণ্ড 77 (2): 145–155. doi:10.1038/s41430-021-01067-1. PMID 35039630. 
  9. Kapoor, Sanjeev. "How to make Jammu Ka Aloo Anardana Parantha, recipe by MasterChef Sanjeev Kapoor". sanjeev kapoor. https://www.sanjeevkapoor.com/Recipe/Jammu-Ka-Aloo-Anardana-Parantha-KhaanaKhazana.html। আহৰণ কৰা হৈছে: 2023-04-07. 
  10. "Aloo Palak Parantha (Jodhpuri Parantha) Recipe On Plattershare" (en-US ভাষাত). www.plattershare.com. 11 May 2022. https://www.plattershare.com/recipe/aloo-palak-parantha-jodhpuri-parantha/। আহৰণ কৰা হৈছে: 2023-05-03. 
  11. Srivalli (2020-07-24). "Pallem Obbattu ~ A to Z Indian Breakfast Dishes" (en ভাষাত). Spice your Life!. https://www.spicingyourlife.com/pallem-obbattu/। আহৰণ কৰা হৈছে: 2024-08-16. "Pallem Obbattu is a spicy aloo poli made with potato masala stuffed in maida. This can be served as a delicious breakfast or evening snack." 
  12. S R Setty's Kitchen (2019-02-05). ಆಲೂಗಡ್ಡೆಯ ಖಾರ ಒಬ್ಬಟ್ಟು / POTATO SPICY OBBATTU /Braekfast recipe / Lunch box recipe. Retrieved 2024-08-16 – via YouTube.