আলেক্সান্দ্ৰা কনষ্টাণ্টিনভনা কষ্টেনিউক (ৰাছিয়ান: Александра Константиновна Костенюк; জন্ম ২৩ এপ্ৰিল ১৯৮৪) এগৰাকী ৰাছিয়ান আৰু ছুইছ দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ ২০০৮ৰ পৰা ২০১০ চনলৈ মহিলা বিশ্ব দবা চেম্পিয়নৰ উপাধি আৰু ২০২১ চনত মহিলা বিশ্ব দ্ৰুত (ৰেপিড )দবা চেম্পিয়নৰ উপাধি লাভ কৰে। কষ্টেনিউকে ২০০৪ চনত ইউৰোপীয় মহিলা চেম্পিয়নৰ খিতাপ আৰু দুবাৰ (২০০৫ আৰু ২০১৬) ৰাছিয়াৰ মহিলা দবা চেম্পিয়নৰ খিতাপ জয় কৰে।
কষ্টেনিউকে ৰাছিয়াৰ হৈ মহিলা দবা অলিম্পিয়াডত ২০১০, ২০১২ আৰু ২০১৪ চনত দলীয় স্বৰ্ণপদক লাভ কৰে। তেওঁ ২০১৭ চনত মহিলা বিশ্ব দলীয় দবা চেম্পিয়নশ্বিপ আৰু ২০০৭, ২০০৯, ২০১১, ২০১৫ আৰু ২০১৭ চনৰ মহিলা ইউৰোপীয় দলীয় দবা চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভ কৰে। তেওঁ ২০২১ চনত মহিলা দবা বিশ্ব কাপো জয় কৰে।
কষ্টেনিউকে জাৰ্মানীৰ ড্ৰেছডেনত অনুষ্ঠিত টুৰ্ণামেণ্টত বিজয়ী হৈ ইউৰোপীয় মহিলা চেম্পিয়নৰ উপাধি লাভ কৰে।[7] এই প্ৰতিযোগিতাত তেওঁৰ প্ৰদৰ্শন ৰেটিং ২৬০০ৰ ওপৰত আছিল, যাৰ ফলত তেওঁ ২০০৪ চনৰ নৱেম্বৰত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰে আৰু বিশ্ব দবা ফেডাৰেচন (FIDE)ৰ পৰা এই উচ্চতম উপাধি লাভ কৰা দশম মহিলা হয়।[8][9] তাৰ পূৰ্বে, তেওঁ ১৯৯৮ চনত মহিলা গ্ৰেণ্ড মাষ্টাৰ আৰু ২০০০ চনত ইণ্টাৰনেচনেল মাষ্টাৰ উপাধি লাভ কৰিছিল।[10]
২০০৫ চনত তেওঁ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ জয় কৰে[11]
আগষ্ট ২০০৬ চনত, তেওঁ প্ৰথমবাৰ দবা ৯৬০ৰ মহিলা বিশ্ব চেম্পিয়ন হয়, জাৰ্মানীৰ শীৰ্ষ মহিলা খেলুৱৈ এলিছাবেথ প্যাহত্জক ৫½–২½ ব্যৱধানত পৰাস্ত কৰি। ২০০৮ চনত তেওঁ ক্যাটেৰিনা লাহ্নোক ২½–১½ ব্যৱধানত পৰাস্ত কৰি এই উপাধি ৰক্ষা কৰে।[12]
তেওঁৰ আটাইতকৈ বৃহৎ সাফল্য আছিল ২০০৮ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয়, য'ত ফাইনেলত চীনৰ প্ৰতিভাবান খেলুৱৈ হৌ ইফানক ২½–১½ ব্যৱধানত পৰাস্ত কৰে।[13][14] সেই বছৰৰ শেষত তেওঁ বেইজিঙত অনুষ্ঠিত বিশ্ব মাইণ্ড স্পৰ্টছ গেমছত মহিলাৰ ব্যক্তিগত ব্লিট্জ শাখাৰ বিজয়ী হয়।[15]
২০১০ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপত, কষ্টেনিউক তৃতীয় ৰাউণ্ডত ৰুৱান লুফেইৰ বিপক্ষে পৰাস্ত হয় আৰু খিতাপ হেৰুৱায়।
২০১৩ চনত, কষ্টেনিউক পুৰুষৰ( অৰ্থাৎ পুৰুষ মহিলা সকলোৰে বাবে মুকলি )লুইছ দবা চেম্পিয়নশ্বিপত বিজয়ী হৈ এই উপাধি জয় কৰা প্ৰথম মহিলা হয়।[16]তেওঁ মহিলাৰ ছুইচ চেম্পিয়নৰ উপাধিও লাভ কৰে।
২০১৪ চনত, তেওঁ মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত কেটেৰিনা লাগ্নোৰ সৈতে যুটীয়াকৈ প্ৰথম স্থানত থকা অৱস্থাত টাইব্ৰেকৰ ফলত ৰূপৰ পদক লাভ কৰে।[17]
২০১৫ চনত, তেওঁ ইউৰোপীয়–ACP মহিলা ৰেপিড চেম্পিয়নশ্বিপ কুটাইছিত জয় কৰে। সেই বছৰৰ জুলাইত তেওঁ ছুইচ চেম্পিয়নশ্বিপৰ প্লে-অফত ভাদিম মিল'ভৰ হাতত পৰাস্ত হয় যদিও মহিলা ছুইচ চেম্পিয়নৰ উপাধি লাভ কৰে। কষ্টেনিউকে পুনৰ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ জয় কৰে।[18][19][11]
২০১৭ চনত তেওঁ মণ্টে কাৰ্ল'ত অনুষ্ঠিত ইউৰোপীয় ACP মহিলা ব্লিট্জ চেম্পিয়নশ্বিপ জয় কৰে।[20]
নৱেম্বৰত, তেওঁ মোনাক'ত অনুষ্ঠিত ইউৰোপীয় মহিলা ৰেপিড আৰু ব্লিট্জ চেম্পিয়নশ্বিপ জয় কৰে।[23]
ডিচেম্বৰত, তেওঁ FIDE মহিলা গ্ৰাঁ প্ৰি ২০১৯–২০ৰ দ্বিতীয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰে। সেই মাহতেই, তেওঁ বেল্ট এণ্ড ৰোড(Belt and Road) বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপত হৌ ইফানৰ পিছত দ্বিতীয় স্থান লাভ কৰে।[24]
আগষ্ট ২০২০ চনত, কষ্টেনিউকে ৰাছিয়ান দলৰ অংশ হিচাপে অনলাইন দবা অলিম্পিয়াডত ভাৰতৰ সৈতে স্বৰ্ণপদক ভগাই লয়। তেওঁ এই ফলাফলত অসন্তুষ্ট আছিল আৰু ইয়াৰ বিষয়ে মন্তব্য কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল।[25][26]
২০২১ চনৰ জুলাই-আগষ্টত, তেওঁ মহিলা দবা বিশ্ব কাপত অংশগ্ৰহণ কৰে আৰু ক্লাচিকেল মেচবোৰত টাইব্ৰেক নোহোৱাকৈ বিজয়ী হয়। ফাইনেলত তেওঁ আলেক্সান্দ্ৰা গৰিয়াচ্চকিনাক ১.৫ - ০.৫ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ে তেওঁক $৫০,০০০ পুৰস্কাৰ, ৪৩ ৰেটিং পইণ্ট, আৰু ২০২২ মহিলা কেণ্ডিডেটস্ টুৰ্ণামেণ্টৰ বাবে যোগ্যতা প্ৰদান কৰে।[27]
তেওঁ ২০২১ চন শেষ কৰে ৱাৰ্শ'ত অনুষ্ঠিত মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত বিজয়ী হৈ, তেওঁ ১১ ৰাউণ্ডত ৯ পইণ্ট লাভ কৰে। ব্লিট্জ চেম্পিয়নশ্বিপত, তেওঁ আই এম বিবিচাৰা আছাউবায়েভাৰ পিছত দ্বিতীয় স্থান লাভ কৰে।[28]