আহমদ আলি | |
---|---|
ইণ্টাৰনেটত উপলব্ধ আহমদ আলিৰ স্থিৰ চিত্ৰ | |
জন্ম | ১ জুলাই, ১৯১০ দিল্লী, ব্ৰিটিছ ভাৰত[1] |
মৃত্যু | ১৪ জানুৱাৰী, ১৯৯৪ (৮৩ বছৰ) কৰাছী, পাকিস্তান[1] |
পেচা | লেখক |
জনা যায় | প্ৰগতিশীল লেখক আন্দোলনৰ এগৰাকী হোতা |
আহমদ আলি (ইংৰাজী: Ahmed Ali; ১ জুলাই ১৯১০ দিল্লীত – ১৪ জানুৱাৰী ১৯৯৪) এগৰাকী পাকিস্তানী ঔপন্যাসিক, কবি, সমালোচক, অনুবাদক, কূটনীতিবিদ আৰু পণ্ডিত আছিল। আধুনিক উৰ্দু চুটি গল্পৰ তেওঁ আছিল এগৰাকী পথপ্ৰদৰ্শক। বিভিন্ন সময়ত প্ৰকাশ পোৱা তেওঁৰ চুটি গল্প সংকলনসমূহ হৈছে; অংগাৰে (এম্বাৰচ), ১৯৩২; হামাৰি গলি (আৱাৰ লেন), ১৯৪০; কৈয়েদ খানা (দ্য প্ৰিজন-হাউচ), ১৯৪২; আৰু মৌথ চে পেহলে (বিফ’ৰ ডেথ), ১৯৪৫। আলিৰ অন্যান্য লেখনিসমূহৰ ভিতৰত টুইলাইট ইন দেল্হি (১৯৪০) ইংৰাজী ভাষাত প্ৰকাশিত তেওঁৰ প্ৰথমখন উপন্যাস।[1]
ব্ৰিটিছ ভাৰতৰ দিল্লীত জন্মগ্ৰহণ কৰা আহমদ আলিয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰি বিশ্ববিদ্যালয়ৰ সকলো পুৰণি ৰেকৰ্ড ভংগ কৰিছিল।[2] ১৯৩২ চনৰ পৰা ১৯৪৬ চনলৈ তেওঁ এলাহাবাদ বিশ্ববিদ্যালয় আৰু তেওঁৰ মাতৃশিক্ষায়তন লক্ষ্ণৌ বিশ্ববিদ্যালয়কে ধৰি আগশাৰীৰ ভাৰতীয় বিশ্ববিদ্যালয়সমূহত অধ্যাপনা কৰিছিল। কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ অধ্যাপক তথা ইংৰাজী বিভাগৰ মূৰব্বী ৰূপে তেওঁ বেংগল চিনিয়ৰ এডুকেশ্যনেল চাৰ্ভিচত যোগদান কৰিছিল। ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আহমদ আলি ভাৰতত বিবিচিৰ প্ৰতিনিধি আৰু সঞ্চালক আছিল।[3] তাৰ পিছত, ভাৰতত শাসনাধিষ্ঠ ব্ৰিটিছ চৰকাৰে তেওঁক ব্ৰিটিছ কাউন্সিলৰ অতিথি অধ্যাপক ৰূপে নানজিং বিশ্ববিদ্যালয়ত নিযুক্তি দিয়ে। ১৯৪৮ চনত, ভাৰত বিভাজনৰ পিছত তেওঁ যেতিয়া দেশলৈ উভতি আহিবলৈ চেষ্টা কৰিছিল, চীনৰ ভাৰতীয় ৰাষ্ট্ৰদূত কে পি এচ মেননে তেওঁক ইয়াৰ অনুমতি দিয়া নাছিল, কিয়নো ভাৰতলৈ আহিব নে পাকিস্তানলৈ যাব, এই লৈ আলিয়ে চৰকাৰী কৰ্মচাৰী ৰূপে তেওঁৰ পছন্দ উল্লেখ কৰা নাছিল। ফলস্বৰূপে, পাকিস্তানলৈ গুচি যাবলৈ তেওঁক জোৰ কৰা হৈছিল।[4]
১৯৪৮ চনত আলি কৰাছীলৈ গুচি যায়।[5] পিছত তেওঁ পাকিস্তান চৰকাৰৰ বাবে বৈদেশিক প্ৰচাৰৰ সঞ্চালক হিচাপে নিযুক্ত হয়। প্ৰধানমন্ত্ৰী লিয়াকত আলী খানৰ নিৰ্দেশত ১৯৫০ চনত তেওঁ পাকিস্তানৰ বৈদেশিক সেৱাত যোগদান কৰে। পাকিস্তানৰ প্ৰথম ৰাষ্ট্ৰদূত হিচাপে তেওঁ নিউ পিপলচ্ ৰিপাব্লিক, চীনত নিযুক্ত হয়। সেই বছৰেই তেওঁ আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল। মৰক্কোত এটা পাকিস্তানী দূতাবাস স্থাপন কৰাত তেওঁ সহায় কৰিছিল।
আহমদ আলিয়ে কম বয়সতে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল আৰু ১৯৩২ চনত তেওঁ গল্প সংকলন অংগাৰে প্ৰকাশৰ দ্বাৰা ঘনিষ্ঠ সংস্পৰ্শলৈ অহা লেখক চাজ্জাদ জাহিৰৰ সৈতে সৰ্বভাৰতীয় প্ৰগতিশীল লেখক আন্দোলনৰ সহ-প্ৰতিষ্ঠা কৰিছিল। অংগাৰে হৈছে উৰ্দু ভাষাৰ এটি চুটি গল্পৰ সংকলন; য’ত ব্ৰিটিছ ভাৰতৰ মধ্যবিত্ত মুছলমান মূল্যবোধৰ এক তিক্ত সমালোচনা আছিল।[1][6] আলিৰ বাহিৰেও তেওঁৰ তিনিজন বন্ধু, ক্ৰমে, মাহমুদ আল-জাফৰ, চাজ্জাদ জাহিৰ আৰু ৰছিদ জাহানৰ গল্প ইয়াত অন্তৰ্ভুক্ত হৈছিল। এই কিতাপখন ১৯৩৩ চনৰ মাৰ্চ মাহত ব্ৰিটিছ ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল।[4] ইয়াৰ পিছতে আলি আৰু জাফৰে প্ৰগতিশীল লেখক লীগ গঠনৰ কথা ঘোষণা কৰে, যিটো পিছলৈ সম্প্ৰসাৰিত হৈ সৰ্বভাৰতীয় প্ৰগতিশীল লেখক সন্থাত পৰিণত হয়।[7] ১৯৩৬ চনত ইয়াৰ উদ্বোধনী সন্মিলনত আলিয়ে তেওঁৰ কাকত আৰ্ট কা তৰক্কি-পছন্দ নজৰিয়া প্ৰকাশৰ ঘোষণা কৰিছিল।
১৯৪০ চনত, লণ্ডনৰ হ’গাৰ্থ প্ৰেছৰ দ্বাৰা প্ৰকাশিত, আলিৰ প্ৰথমখন ইংৰাজী ভাষাৰ উপন্যাস টুইলাইট ইন দেল্হিয়ে আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰিছিল।[8] এই উপন্যাসখনে ইয়াৰ শিৰোনাম অনুসৰি বিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ অগ্ৰগতিৰ সৈতে মুছলমান আভিজাত্যৰ অৱনতি বৰ্ণনা কৰিছিল।[1]
প্ৰিন্সটন ইউনিভাৰ্চিটি প্ৰেছ, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ আৰু আক্ৰাছ পাব্লিচিং হাউচে প্ৰকাশ কৰা অল-কোৰান, আ কনটেম্পৰেৰি ট্ৰেন্সলেচন অনুবাদৰ ক্ষেত্ৰত আলিৰ আটাইতকৈ উল্লেখযোগ্য অৱদান বুলি গণ্য কৰা হৈছে। আৰবী আৰু উৰ্দুৰ উপৰিও তেওঁ ইণ্ডোনেচিয়ান আৰু চীনা ভাষাটো অনুবাদ কৰিছিল।[9]