আৰ. কে. নাৰায়ণ (ইংৰাজী: R. K. Narayan; ১০ অক্টোবৰ, ১৯০৬ – ১৩ মে, ২০০১)[1] এজন ভাৰতীয় সাহিত্যিক আছিল। দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুডিৰ পটভূমিত স্থাপন কৰা ৰচনাসমূহৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তেওঁৰ সম্পূৰ্ণ নাম ৰাচিপুৰম কৃষ্ণস্বামী আয়াৰ নাৰায়ণস্বামী। ইংৰাজী ভাষাত ভাৰতীয় সাহিত্যৰ প্ৰথম যুগৰ তিনিজন পুৰোহিত ব্যক্তিৰ ভিতৰত নাৰায়ণ অন্যতম আছিল (বাকী দুজন আছিল মুল্ক ৰাজ আনন্দ আৰু ৰাজা ৰাও)। তেওঁলোকেই ভাৰতীয় ইংৰাজী সাহিত্যক পৃথিৱীত সুপৰিচিত কৰি তুলিছিল।
আৰ. কে. নাৰায়ণ | |
---|---|
জন্ম | ১০ অক্টোবৰ, ১৯০৬ চেন্নাই, তামিল নাডু |
মৃত্যু | ১৩ মে, ২০০১ |
পেচা | সাহিত্যিক, ঔপন্যাসিক |
ভাষা | ইংৰাজী |
ৰাষ্ট্ৰীয়তা | ভাৰত |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখযোগ্য বঁটা | পদ্মবিভূষণ (২০০০),সাহিত্য অকাডেমি বঁটা |
১৯৬০ চনত ‘গাইড’ উপন্যাস ৰচনা কৰাৰ বাবে আৰ. কে. নাৰায়ণক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছত ১৯৮০ চনত তেওঁ 'ৰয়েল ছ’চাইটি অৱ লিটাৰেচাৰ'ৰ পৰা 'বেনচন মেডেল'[2](ইংৰাজী: Benson Medal) লাভ কৰে। তেওঁ বহুবাৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল যদিও বঁটা লাভ কৰা নাছিল। ২০০০ চনত মৃত্যুৰ পূৰ্বে ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণেৰে সন্মানিত কৰিছিল।