আৰিয়ানা ছয়ীদ | |
---|---|
![]() শুভ কামত সামাজিক মাধ্যমক আৰিয়ানাই কেনেকৈ ব্যৱহাৰ সেই সম্পৰ্কে বক্তৃতা প্ৰদান কৰিছে | |
প্ৰাথমিক তথ্য | |
জন্ম | ১৯৮৫ (বয়স ৩৯–৪০)[1] কাবুল, আফগানিস্তান |
মূল | আফগানিস্তান |
সংগীতৰ প্ৰকাৰ | পপ, হিপহপ, আফগানী লোক-সংগীত |
পেচা | কণ্ঠশিল্পী |
কাৰ্যকাল | ২০০৭-ৰ পৰা বৰ্তমানলৈ |
ৰেকৰ্ড লেবেল | শেৰজাদ এণ্টাৰটেইনমেণ্ট |
ৱেবছাইট | facebook.com/aryanamusic |
আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু: آريانا سعيد, ইংৰাজী: Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।[2][3] তেওঁ নিয়মীয়াকৈ আফগানিস্তান আৰু অন্য দেশৰ সংগীতানুষ্ঠানত তথা জনহিতৈষী মহোৎসৱত গীত পৰিবেশন কৰে। তেওঁ আফগানিস্তানৰ টিভি চেনেল- ৱান টিভি আৰু টোলোত সংগীতভিত্তিক অনুষ্ঠানৰ হোষ্টৰ দায়িত্বও পালন কৰিছে।
১৯৮৫ চনত আফগানিস্তানৰ কাবুলত জন্মগ্ৰহণ কৰা ছয়ীদৰ মাক আছিল দাৰিভাষী আৰু দেউতাক আছিল পাস্তুভাষী লোক।[4] চুইজাৰলেণ্ডত বসতি স্থাপন কৰাৰ পূৰ্বে তেওঁৰ মাক-দেউতাকে ছয়ীদৰ ৮ বছৰ বয়সত দেশ ত্যাগ কৰি পাকিস্তানৰ পেছোৱাৰত থাকিবলৈ লৈছিল।[1] ১২ বছৰ বয়সত ছয়ীদে এখন সংগীত বিদ্যালয়ত ভৰ্তি হয় আৰু তাত তেওঁ এদল সংগীত শিল্পীৰ সৈতে বিভিন্ন ঠাইত সংগীত পৰিবেশন কৰিছিল। তেওঁ এক সাক্ষাৎকাৰত কৈছিল, “যদিও এয়া দীঘলীয়া নাছিল, ক্ৰমশঃ ডাঙৰ হৈ অহাৰ লগেলগে মই কি হ’ব বিচাৰো, সেইটো বুজাত ই সহায় কৰিছিল।” [5]
ছয়ীদে ২০০৮ চনত প্ৰথম একক কণ্ঠত মাচাল্লাহ শীৰ্ষক গীতটো গায়, যদিও ২০১১ চনৰ আফগান পাচাৰক গীতটো তেওঁৰ সংগীত জীৱনৰ টাৰ্ণিং পইণ্ট সাব্যস্ত হৈছিল।[6] আৰিয়ানা ছৈয়ীদ আফগানিস্তানৰ বাহিৰৰ আফগান পৰিয়ালবোৰৰ এক ঘৰুৱা নামত পৰিণত হৈছিল আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা তেওঁলৈ সংগীত পৰিবেশনৰ আমন্ত্ৰণ আহিছিল। [7] সফলতাৰ চূড়াত থকা অৱস্থাতে ছৈয়ীদে আফগানিস্তানলৈ ঘূৰি অহাৰ আৰু স্বদেশত সংগীতানুষ্ঠান পৰিবেশন কৰাৰ সিদ্ধান্ত লয়। তাত তেওঁ পুৰণি ধ্ৰুপদী আফগানী গীত গুলে সেব-এৰে যশস্যা লাভ কৰে। আফগানিস্তানৰ আৰম্ভণিৰ দিনবোৰতে তেওঁ তেওঁৰ পৰৱৰ্তী গীত দিলম টাং অস্তৰ চিত্ৰায়ণ কৰে। গীতটোৰ সফলতাই তেওঁক আফগানিস্তানৰ এটা শীৰ্ষস্থানীয় বিনোদনমূলক চেনেলত হোষ্ট ৰূপে নতুন এক কৰ্মজীৱনৰ সুবিধা প্ৰদান কৰে।[8] ২০১৭ চনত তেওঁ আফগান আইকন বঁটা লাভ কৰে আৰু তেওঁক ২০১৭ৰ আফগানিস্তানৰ শ্ৰেষ্ঠ মহিলা শিল্পী অভিধাৰে ভূষিত কৰা হয়। [9] তেওঁ আফগানিস্তান ৰাষ্ট্ৰীয় দূৰদৰ্শন আৰু অনাতাঁৰ নেটৱৰ্কৰ পৰা ভয়েচ অফ আফগানিস্তান বঁটা পোৱাৰ উপৰিও বছৰটোৰ শ্ৰেষ্ট গীত, বছৰটোৰ শ্ৰেষ্ঠ ভিডিঅ’ আৰু সাহসিকতাৰ বঁটাও পাইছে।[9]
ছৈয়ীদ লালেহ ওচমানীয়ে নেতৃত্ব দিয়া হুৱেৰ ইজ মাই নেম কেম্পেইনৰ সমৰ্থক, যি কেম্পেইনে মহিলাৰ নামো যাতে পৰিচয় পত্ৰত লিপিবদ্ধ হয়, তাৰবাবে আফগান আইনত পৰিবৰ্তন আনিবলৈ সক্ষম হৈছিল।[10] তেওঁ আফগানিস্তান আৰু ভাৰতৰ বন্ধুত্বক সঁচা বন্ধু বুলি আখ্যা দিছিল।[11][12]
২০১৮ চনত ছৈয়ীদে তেওঁৰ প্ৰবন্ধক হাবিব ছৈয়দক বাকদান কৰে।[13] ২০২১ চনত কাবুল তালিবানৰ হস্তগত হোৱাত তেওঁ প্ৰথমে কাটাৰৰ দোহালৈ আৰু তাৰপৰা তুৰস্কৰ ইস্তানবুল চহৰলৈ আঁতৰি যায়।[14]
![]() |
ৱিকিমিডিয়া কমন্সত আৰিয়ানা ছয়ীদ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |