আৰ্যভট্ট (আনুমানিক ৯২০ – ১০০০)[1] যাক আৰ্য দিয়া জাংকি বুলিও জনা যায়, এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰু মহা-সিদ্ধান্তৰ ৰচক। তেওঁৰ পূৰ্বৰ আৰু অধিক প্ৰভাৱশালী আৰ্যভট্ট প্ৰথমৰ পৰা পৃথক কৰিবলৈ আৰ্যভট্ট(দ্বিতীয়) বুলি উল্লেখ কৰা হৈছে। তেওঁৰ জন্ম কেতিয়া হৈছিল সেই বিষয়ে পণ্ডিতসকলে নিশ্চিত নহয় যদিও ডেভিদ পিংগ্ৰীয়ে তেওঁৰ মূল প্ৰকাশনৰ তাৰিখ ৯৫০–১১০০ চনৰ ভিতৰত বুলি কয়।[1][2] তেওঁৰ মহা-সিদ্ধান্তৰ পাণ্ডুলিপি গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু বংগৰ পৰা আৱিষ্কাৰ কৰা হৈছে, গতিকে তেওঁ সম্ভৱতঃ উত্তৰ ভাৰতত বাস কৰিছিল।[2]
১৮টা অধ্যায় থকা সংস্কৃত ভাষাৰ গ্ৰন্থ মহা-সিদ্ধান্ত, যাক আৰ্য-সিদ্ধান্ত বুলিও কোৱা হয় আৰ্যভট্টই ৰচনা কৰিছিল। ইয়াত পৰাশৰৰ বুলি কোৱা এখন হেৰাই যোৱা গ্ৰন্থৰ সাৰাংশ দিয়া হৈছে আৰু সম্ভৱতঃ শ্ৰীধৰৰ ৰচনাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে।[2]
প্ৰাৰম্ভিক বাৰটা অধ্যায়ত গাণিতিক জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হৈছে আৰু সেই সময়ৰ ভাৰতীয় গণিতজ্ঞসকলে ইতিমধ্যে কাম কৰা বিষয়সমূহ ইয়াত সামৰি লোৱা হৈছে। এই বাৰটা অধ্যায়ত যিবোৰ বিভিন্ন বিষয় সন্নিবিষ্ট কৰা হৈছে সেইবোৰ হ’ল- গ্ৰহৰ দ্ৰাঘিমাংশ, চন্দ্ৰ আৰু সূৰ্যগ্ৰহণ, গ্ৰহণৰ অনুমান, চন্দ্ৰ অৰ্ধচন্দ্ৰ, গ্ৰহৰ উত্থান আৰু অস্ত যোৱা, গ্ৰহবোৰৰ ইটোৱে সিটোৰ লগত আৰু তৰাবোৰৰ লগত সম্পৰ্ক।
গ্ৰন্থখনৰ পৰৱৰ্তী ছটা অধ্যায়ত জ্যামিতি, ভূগোল আৰু বীজগণিত আদি বিষয় সন্নিবিষ্ট কৰা হৈছে, যিবোৰ প্ৰয়োগ কৰি গ্ৰহসমূহৰ দ্ৰাঘিমাংশ গণনা কৰা হৈছিল। গ্ৰন্থখনৰ প্ৰায় বিশটা পদত তেওঁ অনিৰ্দিষ্ট সমীকৰণটো সমাধানৰ বাবে বিশদ নিয়ম দিছে: by = ax + c. এই নিয়মসমূহ কেইবাটাও ভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে যেনে c ৰ ধনাত্মক মান, c ৰ ঋণাত্মক মান, ভাগফলৰ সংখ্যা যুগ্ম সংখ্যা, এই ভাগফলৰ সংখ্যা অযুগ্ম সংখ্যা ইত্যাদি।
দ্বিতীয় আৰ্যভট্টই সংখ্যা এটাৰ ঘনমূল গণনাৰ পদ্ধতি এটা অনুমান কৰিছিল যদিও তেওঁৰ পদ্ধতিটো প্ৰথম আৰ্যভট্টই ইতিমধ্যে বহু বছৰৰ আগতে দিছিল৷ ভাৰতীয় গণিতজ্ঞসকলে সঠিক চাইন টেবুল দিবলৈ অতি আগ্ৰহী আছিল, কাৰণ ইয়াৰ দ্বাৰা গ্ৰহৰ অৱস্থান যিমান পাৰি সঠিকভাৱে গণনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছিল। দ্বিতীয় আৰ্যভট্টই পাঁচ দশমিক স্থানলৈকে সঠিক হোৱা চাইন টেবুল নিৰ্মাণ কৰি ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।