ইউক্ৰেইনৰ মহিলাসকলৰ (ইংৰাজী: Women in Ukraine)অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক ক্ষেত্ৰৰ লগতে পৰিয়ালৰ ক্ষেত্ৰতো পুৰুষৰ সমান সাংবিধানিক অধিকাৰ আছে।
তাৎপৰ্যপূৰ্ণভাৱে শাৰীৰিক, যৌন অথবা মানসিক হিংসাত ভোগা ইউক্ৰেইনৰ প্ৰায় ৪৫ শতাংশ জনসংখ্যা (৪.৫ কোটি)অধিকাংশই মহিলা। [1]
যোৱা দুটা শতিকাৰ ইউক্ৰেইনৰ ইতিহাস ৰাছিয়ান সাম্ৰাজ্য আৰু পিছলৈ ছোভিয়েট ইউনিয়নৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ১৯৯১ চনত ইউক্ৰেইনৰ স্বাধীনতা-প্ৰাপ্তি ঘটে আৰু বৰ্তমান ই ৪ কোটিতকৈ অধিক বাসিন্দা থকা এখন দেশ৷ ইয়াৰে অধিকাংশই খ্ৰীষ্টান অৰ্থডক্স আৰু ৭০% জনসংখ্যাই চহৰীয়া।[2]
ইউৰোপৰ অন্যতম বৃহৎ নাৰীবাদী সংগঠন ১৯২০ চনৰ সময়ছোৱাত আধুনিক পশ্চিম ইউক্ৰেইন বা গালিচিয়াত প্ৰতিষ্ঠা কৰা হৈছিল।[3]এই সংস্থাটোৰ নাম আছিল ইউক্ৰেইনৰ মহিলা সংঘ আৰু ইয়াৰ নেতৃত্বত আছিল মিলেনা ৰুডনিটস্কা।[4]ছোভিয়েট যুগত নাৰীবাদক বুৰ্জোৱা মতাদৰ্শ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল, সেয়েহে ই প্ৰতিবিপ্লৱী আৰু ছোভিয়েট বিৰোধী।[5] ১৯৯১ চনত ইউক্ৰেইনে স্বাধীনতা লাভ কৰাৰ পিছত নাৰীবাদী আন্দোলনে শিপাবলৈ আৰম্ভ কৰে।[5]
২০১০ চনৰ হিচাপত ইউক্ৰেইনত কেইবাটাও মহিলা অধিকাৰ সংগঠন সক্ৰিয় হৈ আছে,[6][7][8]য'ত নাৰীবাদী অফেনজিভা[9] আৰু ইউক্ৰেইনৰ মহিলা সংঘ অন্তৰ্ভুক্ত।[10] কিয়ভৰ আটাইতকৈ সক্ৰিয় মহিলা অধিকাৰ সংগঠন FEMENক ২০১৩ চনত আনুষ্ঠানিকভাৱে বন্ধ কৰা হৈছিল।[11][12][13]
ইউক্ৰেইনৰ জনসংখ্যাৰ ৫৪% আৰু শ্ৰমিক শক্তিৰ ৪৭.৪% মহিলা।[14]ইউক্ৰেইনৰ মহিলাগোটৰ ৬০% তকৈ অধিকে উচ্চ শিক্ষা লাভ কৰিছে (কলেজ পৰ্যায় আৰু তাৰ ওপৰৰ)। কিন্তু একে শিক্ষাৰ পটভূমিৰ পুৰুষৰ তুলনাত মহিলাৰ নিবনুৱাৰ হাৰ অতি বেছি (ইউক্ৰেইনৰ নিবনুৱাৰ প্ৰায় ৮০% মহিলা)৷ [15]শ্ৰম আইনসমূহে সমান কামৰ বাবে সমান দৰমহাৰ উপৰি পুৰুষ আৰু মহিলাৰ অন্যান্য আইনী সমতা স্থাপন কৰে। কিন্তু মহিলা শ্ৰমিকৰ আধিপত্য থকা উদ্যোগসমূহৰ আপেক্ষিক মজুৰি আটাইতকৈ কম আৰু মজুৰি বকেয়াৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনাই আটাইতকৈ বেছি। অৱসৰৰ বয়স ক্ৰমান্বয়ে বৃদ্ধিৰ প্ৰক্ৰিয়া চলি আছে৷ ২০২১ চনৰ ভিতৰত মহিলাৰ বাবে ৬০ বছৰ আৰু পুৰুষ-অসামৰিক কৰ্মচাৰীৰ বাবে ৬২ বছৰলৈ কৰাৰ প্ৰস্তাৱ ৰখা হৈছিল৷ (আৰম্ভণিতে এই বয়স মহিলাৰ বাবে ৫৫ আৰু পুৰুষৰ বাবে ৬০ বছৰ আছিল)।[16] কিছুমান নিয়োগকৰ্তাই গৰ্ভৱতী হোৱাৰ কম সম্ভাৱনা থকা মহিলা বা ৩৫ বছৰৰ ওপৰৰ মহিলাক নিযুক্তি দিবলৈ অস্বীকাৰ কৰাৰ খবৰ ওলাইছিল।মহিলাসকলেও কম দৰমহা লাভ কৰিছিল আৰু কেৰিয়াৰৰ উন্নতিৰ ক্ষেত্ৰতো তেওঁলোকে কম সুযোগ লাভ কৰিছিল। চৰকাৰ বা চৰকাৰী বা ব্যক্তিগত উদ্যোগত শীৰ্ষ পৰিচালনাৰ পদত অধিষ্ঠিত মহিলা কমেইহে আছিল।[17][18][19][20]