![]() ১৯৬৮ চনৰ এটা ডাকটিকেটত ইউজেবিউৰ ছবি | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
সম্পূৰ্ণ নাম | ইউজেবিউ ডা ছিলভা ফিৰাইইৰা (Eusébio da Silva Ferreira) | ||
জন্ম | ২৫ জানুৱাৰী, ১৯৪২ | ||
জন্মস্থান | মাপুট', পৰ্তুগীজ মোজাম্বিক | ||
মৃত্যু | ৫ জানুৱাৰী, ২০১৪ (৭১ বছৰ) | ||
মৃত্যুস্থান | লিছবন, পৰ্তুগাল | ||
উচ্চতা | ১.৭৫ মিটাৰ (U=ft}}) | ||
খেলা স্থান | ফৰৱাৰ্ড | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
১৯৫৭-১৯৬০ | স্পৰ্টিং ডে লউৰেঙ্ক' মাৰ্কুৱেজ | ৪২ | (৭৭) |
১৯৬০-১৯৭৫ | বেনফিকা | ৩০১ | (৩১৭) |
১৯৭৫ | ব'ষ্ট'ন মিনিটমেন | ৭ | (২) |
১৯৭৫ | মণ্টেৰী | ১০ | (১) |
১৯৭৫-৭৬ | ট'ৰ'ণ্ট' মেট্ৰ'জ, ক্ৰ'ৱেচিয়া | ২৫ | (১৮) |
১৯৭৬ | বেইৰা-মাৰ | ১২ | (৩) |
১৯৭৬-১৯৭৭ | লাছ ভেগাছ কুইক্ছিলভাৰ্ছ | ১৭ | (২) |
১৯৭৭-৭৮ | উনিঅ' ডে ট'মাৰ | ১২ | (৩) |
১৯৭৮-৭৯ | নিউ জাৰ্ছী আমেৰিকান্ছ | ৪ | (৫) |
মুঠ | ৪৩০ | (৪২৮) | |
ৰাষ্ট্ৰীয় দল | |||
১৯৬১-১৯৭৩ | পৰ্তুগাল[1] | ৬৪ | (৪১) |
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে। |
ইউজেবিউ ডা ছিলভা ফিৰাইৰা, GCIH, GCM (পৰ্তুগীজ উচ্চাৰণ: [ewˈzɛbiu ðɐ ˈsiɫvɐ fɨˈʁɐjɾɐ]; উচ্চাৰণভেদে ইউছেবিঅ', ২৫ জানুৱাৰী ১৯৪২ – ৫ জানুৱাৰী ২০১৪) এজন মোজাম্বিকত জন্মগ্ৰহণ কৰা পৰ্তুগীজ ষ্ট্ৰাইকাৰ। তেওঁক সৰ্বকালৰ মহান ফুটবলাৰসকলৰ এজন বুলি গণ্য কৰা হয়।[2][3] পেছাদাৰী কেৰিয়াৰত তেওঁ মাত্ৰ ৭৪৫খন খেলত ৭৩৩টা গ'ল দিছিল।[3]
ক'লা চিতা (Black Panther), ক'লা মুকুতা (Black Pearl),[4] বা অ' ৰেই (o Rei, ৰজা)[5][6] উপনামেৰে জনাজাত ইউছবিঅ' তেওঁৰ গতি, কৌশল আৰু সোঁভৰিৰ সবল নিখুঁত শ্বটৰ বাবে বিখ্যাত আছিল। তেওঁক বেনফিকা আৰু পৰ্তুগাল জাতীয় দলৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়। বিশ্বমানৰ আফ্ৰিকান ষ্ট্ৰাইকাৰসকলৰ ভিতৰত তেওঁ আছিল আগৰণুৱা। মোজাম্বিকত জন্মগ্ৰহণ কৰিলেও এংগ'লীজ লোকৰ সন্তান ইউজেবিউই কেৱল পৰ্তুগীজ দলতহে খেলিব পাৰিছিল কাৰণ সেই সময়ত দুয়োখন আফ্ৰিকান দেশেই পৰ্তুগীজ উপনিৱেশ আছিল আৰু তাৰ অধিবাসীসকলক পৰ্তুগীজ বুলি ধৰি লোৱা হৈছিল।
তেওঁ পৰ্তুগালক ১৯৬৬ বিশ্বকাপত তৃতীয় স্থান দখল কৰাত সহায় কৰিছিল। প্ৰতিযোগিতাখনত দিয়া নটা গ'লেৰে (উত্তৰ কোৰিয়া দলৰ বিৰুদ্ধে এখন মেছতে চাৰিটাসহ)[4] তেওঁ গ'ল্ডেন বুট আৰু ব্ৰ'ঞ্জ বল বঁটা লাভ কৰিছিল। তেওঁ ১৯৬৫ চনত শ্ৰেষ্ঠ ইউৰোপীয় ফুটবলাৰৰ বেলন ডিঅ'ৰ বঁটা লাভ কৰিছিল আৰু ১৯৬২, ১৯৬৬ চনত ৰানাৰ্ছ আপ হৈছিল। ২২ বছৰীয়া ফুটবল কেৰিয়াৰৰ ১৫ বছৰেই তেওঁ বেনফিকা ক্লাবৰ হৈ খেলিছিল। সেই ক্লাবত ৬১৪খন আনুষ্ঠানিক খেলত ৬৩৮টা গ'লেৰে তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ স্ক'ৰাৰ। তাত তেওঁ এঘাৰটা প্ৰাইমেইৰা লীগা খিতাপ, পাঁচটা টাচা ডি পৰ্তুগাল খিতাপ, এটা ইউৰোপীয়ান কাপ (১৯৬১-৬২) জয় কৰিছিল আৰু আন তিনিবাৰ ইউৰোপীয়ান কাপৰ ফাইনেলত উপনীত হৈছিল (১৯৬৩, ১৯৬৫, ১৯৬৮)। ইউৰোপীয়ান কাপৰ অষ্টম সৰ্বোচ্চ গ'লস্ক'ৰাৰ আৰু প্ৰাক-চেম্পিয়ন্ছ লীগ যুগত আলফ্ৰেড' ডি ষ্টিফান'ৰ পিছত ৪৮টা গ'লেৰে দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। তেওঁ ১৯৬৪-৬৫, ১৯৬৫-৬৬ আৰু ১৯৬৭-৬৮ৰ ইউৰোপীয়ান কাপত সৰ্বোচ্চ গ'ল কৰিছিল। তেওঁ ব'লা ডি প্ৰাটা (প্ৰাইমেইৰা লীগৰ সৰ্বোচ্চ স্ক'ৰাৰ) বঁটাও অভিলেখ সংখ্যক সাতবাৰকৈ লাভ কৰিছিল। ১৯৬৮ চনত ইউৰোপীয়ান গ'ল্ডেন বুট লাভ কৰা তেওঁ প্ৰথমগৰাকী খেলুৱৈ আছিল আৰু ১৯৭৩ চনত তেওঁ পুনৰ সেই বঁটা লাভ কৰে।
ফুটবলৰ সমালোচক আৰু অনুৰাগীয়ে কৰা সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈৰ তালিকাত ইউজেবিউৰ নাম প্ৰায়েই দেখা যায়। IFFHS এ কৰা এটা সমীক্ষাত তেওঁক বিংশ শতিকাৰ নৱম শ্ৰেষ্ঠ ফুটবলাৰ আৰু ৱৰ্ল্ড ছকাৰ আলোচনীয়ে কৰা সমীক্ষাত বিংশ শতিকাৰ দশম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে নিৰ্বাচন কৰা হৈছিল।[2] ২০০৪ চনত প্ৰকাশ কৰা ফিফা ১০০ তালিকাত পেলেই ইউছবিঅ'ক ১২৫ জন শ্ৰেষ্ঠ জীৱিত ফুটবলাৰৰ মাজত স্থান দিছিল। অনলাইন উৱেফা গ'ল্ডেন জুবিলী সমীক্ষাত তেওঁ সপ্তম স্থান লাভ কৰিছিল। ২০০৩ চনৰ নৱেম্বৰত পৰ্তুগাল ফুটবল ফেডাৰেচনে তেওঁক যোৱা পঞ্চাছ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে স্বীকৃতি দিয়ে।[7] তেওঁক "আফ্ৰিকাৰ প্ৰথম মহান ফুটবলাৰ"[4] আৰু "আফ্ৰিকাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ" বুলিও অভিহিত কৰা হয়।[4]
অৱসৰ গ্ৰহণৰ পৰা মৃত্যু পৰ্যন্ত তেওঁ ফুটবলৰ প্ৰসাৰৰ বাবে কাম কৰি গৈছিল। ভাল খেল আৰু নম্ৰতাৰ বাবে তেওঁক প্ৰতিদ্বন্দ্ব্বীয়েও প্ৰায়েই প্ৰশংসা কৰিছিল। মৃত্যুৰ পিছত তেওঁ সন্মানাৰ্থে ফিফা, উৱেফা, পৰ্তুগীজ ফুটবল ফেডাৰেচন আৰু বেনফিকাই শোকপ্ৰস্তাৱ গ্ৰহণ কৰিছিল। বেনফিকা দলত তেওঁ প্ৰভাৱ সুঁৱৰি বেনফিকা আৰু পৰ্তুগালৰ সহখেলুৱৈ বন্ধু এণ্টনিঅ' ছিমছে কৈছিল: "With Eusébio maybe we could be European Champions, without him maybe we could win the League."
![]() |
ৱিকিমিডিয়া কমন্সত ইউজেবিউ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |