ইউনিকৰ্ণ

ইউনিকৰ্ণ

ইউনিকৰ্ণ বশ কৰা এগৰাকী কুমাৰী[1]
শ্ৰেণী শ্ৰুতিকথা
সম্পৰ্কীয় জীৱ চীলিন, ৰে'ম, ইণ্ড্ৰিক, ছাধাৱাৰ, কামাহোৱেটু, কাৰ্কাডান
লোকগাথা বিশ্বজুৰি
অন্য নাম এশিঙীয়া
১৭ শতিকাৰ এটি ইউনিকৰ্ণৰ কাঠৰ ভাস্কৰ্য্য

ইউনিকৰ্ণ হৈছে এবিধ কিংবদন্তিমূলক জীৱ। প্ৰাচীন কালৰ পৰাই পোৱা বৰ্ণনা মতে ই হৈছে কপালৰ মাজ অংশত এটা ডাঙৰ, জোঙা, আৰু সৰ্পিল আকৃতিৰ শিং ওলাই থকা এবিধ জন্তু। ইউৰোপীয় সাহিত্য আৰু সংস্কৃতিত যোৱা হাজাৰ বছৰজুৰি ইউনিকৰ্ণক এবিধ বগা ঘোঁৰা বা ছাগলীৰ দৰে প্ৰাণী হিচাপে চিত্ৰিত কৰা হৈছে, ইয়াৰ এটা দীঘল, পোন, ঘূৰণীয়া খাঁজ থকা শিং, বিভাজিত খুৰা আৰু কেতিয়াবা ছাগলীৰ দৰে দাড়িও থাকে। মধ্যযুগ আৰু নৱজাগৰণৰ সময়ত ইয়াক সাধাৰণতে অতি বিৰল বন্য জীৱ হিচাপে বৰ্ণনা কৰা হৈছিল আৰু বিশুদ্ধতা আৰু কৃপাৰ প্ৰতীক বুলি গন্য কৰা হৈছিল, যাক কেৱল এগৰাকী কুমাৰীয়েহে কৰায়ত্ত কৰিব পাৰে। বিশ্বকোষৰ মতে ইয়াৰ শিংটোৱে বিষাক্ত পানীকো খাব পৰা কৰি তুলিব পাৰিছিল আৰু ইয়াৰ ৰোগ নিৰাময় কৰাৰ ক্ষমতা থকা বুলি বৰ্ণনা কৰা হৈছিল। মধ্যযুগ আৰু নৱজাগৰণৰ সময়ত নাওৱাল নামৰ এবিধ তিমিৰ দাঁতকেই ইউনিকৰ্ণৰ শিং বুলি বিক্ৰী কৰা হৈছিল।

ব্ৰঞ্জ যুগৰ সিন্ধু উপত্যকা সভ্যতাৰ মোহৰত এবিধ গৰু-সদৃশ ইউনিকৰ্ণৰ চিত্ৰ খোদিত কৰা বুলি কিছু পণ্ডিতে মত পোষণ কৰে, যদিও ইয়াৰ ব্যাখ্যা বিতৰ্কিত হৈয়ে আছে। ঘোঁৰা-সদৃশ ইউনিকৰ্ণৰ বিষয়ে চেচিয়াছ, ষ্ট্ৰেবো, প্লিনিয়াছ, এলিয়ান[2], আৰু কচমাছ ইণ্ডিক'প্লেউষ্টেছ[3] আদি প্ৰাচীন গ্ৰীক লেখকসকলৰ বিভিন্ন প্ৰাকৃতিক ইতিহাসৰ বিৱৰণীত উল্লেখ পোৱা যায়। বাইবেলতো ৰে'ম নামৰ এটা প্ৰাণীৰ বিষয়ে বৰ্ণনা কৰিছে, যাক কিছুমান অনুবাদত ইউনিকৰ্ণ বুলি অনুবাদ কৰা হৈছে।[2]

জনপ্ৰিয় সংস্কৃতিতো ইউনিকৰ্ণে স্থান লাভ কৰিছে। ইয়াক প্ৰায়ে কল্পনা বা বিৰলতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।[4] একবিংশ শতিকাত ই এলজিবিটিৰ প্ৰতীক হিচাপেও পৰিণত হৈছে।

সিন্ধু উপত্যকা সভ্যতাৰ ব্ৰঞ্জ যুগৰ খ্ৰীষ্টপূৰ্ব ২০০০ শতিকাৰ আশে-পাশে পোৱা কিছুমান শিলত খোদিত ডাকটিকটৰ মোহৰত ইউনিকৰ্ণৰ দৰে এটা শিং থকা এবিধ জীৱৰ চিত্ৰ দেখা পোৱা গৈছে। ইয়াৰ শৰীৰটো দেখিবলৈ ঘোঁৰাতকৈ গৰুৰ সৈতেহে মিলে আৰু এটা বক্ৰ শিঙটো প্ৰথমে আগলৈ গৈ তাৰ পিছত ওপৰমুৱা হৈ পৰে। সাধাৰণতে পিঠিৰ সন্মুখৰ ফালে তললৈ ওলমি থকা এটা ৰহস্যজনক বৈশিষ্ট্য দেখা পোৱা যায়; ই হয়তো এটা সাজ বা অন্য আৱৰণক প্ৰতিনিধিত্ব কৰিব পাৰে। সাধাৰণতে ইউনিকৰ্ণটোৱে কমেও দুটা খলপ থকা এটা উলম্ব বস্তুৰ ফালে মুখ কৰি থাকে; এই বস্তুটো "লোকাচাৰৰ ওচৰ্গা দণ্ড", ধূপ জ্বলোৱা বা খাদ্য খোৱা পাত্ৰ আদি বিভিন্ন ধৰণে বৰ্ণনা কৰা হয়। সিন্ধু মোহৰত থকা এই প্ৰাণীটোৰ দুটা শিং আছে, এটাই আনটো লুকুৱাই ৰাখে বুলি কোৱা তত্ত্বটোক খেলনা-সদৃশ সৰু টেৰাকোটা ইউনিকৰ্ণ আৰু দুয়োটা শিং স্পষ্টকৈ দেখুওৱা ম'হৰ চিত্ৰণে অসত্য বুলি প্ৰমাণ কৰে। এই ইউনিকৰ্ণ কোনো শক্তিশালী “গোত্ৰ বা বণিক সম্প্ৰদায়”ৰ প্ৰতীক আছিল বুলি ভবা হয়, কিন্তু ইয়াৰ কিছু ধৰ্মীয় তাৎপৰ্য্যও থাকিব পাৰে।

দক্ষিণ এছিয়াত ইউনিকৰ্ণ কেৱল সিন্ধু উপত্যাকা সভ্যতাৰ যুগতহে দেখা পোৱা যায়, আৰু ইয়াৰ পিছৰ সংস্কৃতিত ইয়াক দেখা পোৱা নাযায়। জনাথন মাৰ্ক কেন'য়াৰে কয় যে সিন্ধু উপত্যাকা সভ্যতাৰ “ইউনিকৰ্ণ”ৰ পিছৰ পৰ্যায়ত বিশ্বৰ বিভিন্ন প্ৰান্তত পোৱা ইউনিকৰ্ণৰ মাজত কোনো “প্ৰত্যক্ষ সম্পৰ্ক” নাই; তথাপিও সম্ভৱতঃ সিন্ধু উপত্যাকা সভ্যতাৰ ইউনিকৰ্ণে পশ্চিম এছিয়াৰ কিংবদন্তীমূলক একশিংযুক্ত কাল্পনিক জীৱৰ শ্ৰুতিকথাত অৰিহণা যোগাইছিল।[5]

গ্ৰীকৰ পৌৰাণিক কাহিনীত ইউনিকৰ্ণ সম্পৰ্কে উল্লেখ পোৱা নাযায়, বৰঞ্চ প্ৰাকৃতিক ইতিহাসৰ বিৱৰণীতহে পোৱা যায়, কাৰণ গ্ৰীক ইতিহাসবিদসকলে ইউনিকৰ্ণ বাস্তৱিক অস্তিত্ব আছিল বুলি পতিয়ন গৈছিল, তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকৰ বাবে বহুদূৰ আৰু কল্পনাতীত ক্ষেত্ৰ ভাৰতত ইউনিকৰ্ণ বসবাস কৰে। প্ৰাচীন গ্ৰীক লেখক চেচিয়াছে তেওঁৰ ইণ্ডিকা নামৰ গ্ৰন্থত ইউনিকৰ্ণ সম্পৰ্কে বৰ্ণনা কৰি লিখিছে যে ই হৈছে বহল ঠেংযুক্ত, এটা ডেৰ হাত (৭০০ মিলিমিটাৰ, ২৮ ইঞ্চি) দীঘল শিং থকা আৰু বগা, ৰঙা আৰু ক'লা ৰঙৰ এবিধ বনৰীয়া গাধ।[6] ইউনিকৰ্ণৰ মাংস খাবলৈ বৰ তিতা বুলিও তেঁও উল্লেখ কৰিছে।[7]

পাৰ্ছিয়াত বাস কৰা সময়ত চেচিয়াছে এই তথ্যসমূহ আহৰণ কৰিছিল। ইৰাণৰ প্ৰাচীন পাৰ্চী ৰাজধানী পাৰ্চেপলিছৰ ৰিলিফ ভাস্কৰ্যত ইউনিকৰ্ণ বা সম্ভৱতঃ পাখিযুক্ত ম'হ দেখা পোৱা যায়।[8] এৰিষ্টটলে দুটা একশিংযুক্ত প্ৰাণী, অৰিক্স আৰু তথাকথিত “ভাৰতীয় গাধ”ৰ কথা উল্লেখ কৰাৰ পৰা তেঁও যে চেচিয়াছক অনুসৰণ কৰিছিল সেয়া অনুমান কৰিব পাৰি।[9][10] কেৰিষ্টাছৰ এণ্টিগনাছেও এটা শিংযুক্ত “ভাৰতীয় গাধ”ৰ বিষয়ে লিখি গৈছে।[11] ষ্ট্ৰেবোৱে ককেছাছত হাঁহৰ দৰে মূৰ থকা এটা শিংযুক্ত ঘোঁৰা আছিল বুলি উল্লেখ কৰিছে।[12] প্লিনি দ্যা এল্ডাৰ অৰিক্স আৰু এটা শিং থকা ভাৰতীয় ম'হ (হয়তো এটা ডাঙৰ এশিঙীয়া গঁড়) বিষয়ে আৰু “মনোচেৰছ নামৰ হৰিণৰ দৰে মূৰ, হাতীৰ দৰে ভৰি, আৰু গাহৰিৰ দৰে নেজ, আনহাতে বাকী শৰীৰ ঘোঁৰাৰ দৰে, কপালৰ মাজৰ পৰা দুহাতমান দীঘল ক'লা শিং থকা আৰু নিম্ন স্বৰৰ শব্দ কৰা এটা অতি উগ্ৰ প্ৰাণী”ৰ বিষয়ে উল্লেখ কৰিছে।[13] “অন দ্য নেচাৰ অৱ এনিমেলছ” গ্ৰন্থত এলিয়ানে চেচিয়াছে উদ্ধৃতি উল্লেখ কৰিছিল যে ভাৰতত এটা শিংযুক্ত ঘোঁৰাও পোৱা গৈছিল[14][15][16] আৰু মনোচেৰছক কেতিয়াবা কাৰ্টাজোনোছ বুলিও কোৱা হৈছিল, যিটো আৰবী কাৰ্কাডান অৰ্থাৎ ‘গঁড়’ৰ এটা ৰূপ হ'ব পাৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Zampieri Domenico, Madonna e unicorno". Fondazione Federico Zeri, University of Bologna. http://catalogo.fondazionezeri.unibo.it/scheda.v2.jsp?tipo_scheda=OA&id=58897. 
  2. 2.0 2.1 Phillips, Catherine Beatrice (1911). "Unicorn". In Chisholm, Hugh. Encyclopædia Britannica. 27 (11th ed.). Cambridge University Press. pp. 581–582. 
  3. "Cosmas Indicopleustis - Christiana Topographia (MPG 088 0051 0476) [0500-0600 Full Text at Documenta Catholica Omnia"]. www.documentacatholicaomnia.eu. http://www.documentacatholicaomnia.eu/04z/z_0500-0600__Cosmas_Indicopleustis__Christiana_Topographia_(MPG_088_0051_0476)__GM.pdf.html. 
  4. Unicorn, Merriam-Webster Dictionary.
  5. Kenoyer, J.M., catalogue entry in Aruz, Joan (ed), Art of the First Cities: The Third Millennium B.C. from the Mediterranean to the Indus, p. 404 (quoted) and 390 (terracotta), 2003, Metropolitan Museum of Art (New York, N.Y.), google books; Metropolitan Museum, "Stamp seal and modern impression: unicorn and incense burner (?)" ca. 2600–1900 B.C.", for harness. "Iconography of the Indus Unicorn: Origins and Legacy", in Connections and Complexity:New Approaches to the Archaeology of South Asia, 2013, Left Coast Press, আই.এচ.বি.এন. 9781598746860, Google Books
  6. Ctesias (390 BC). "45". Indica (Τα Ἰνδικά). Archived from the original on 2012-07-16. https://web.archive.org/web/20120716183321/http://www.livius.org/ct-cz/ctesias/photius_indica.html। আহৰণ কৰা হৈছে: 2020-03-26.  (quoted by Photius)
  7. Bhairav, J. Furcifer; Khanna, Rakesh (2021) (English ভাষাত). Ghosts, Monsters, and Demons of India. প্ৰকাশক India: Blaft Publications Pvt. Ltd.. পৃষ্ঠা. 395. ISBN 9789380636467. 
  8. Hamilton, John (2010). Unicorns and Other Magical Creatures. ABDO Publishing Company. ISBN 978-1617842818. 
  9. Aristotle. "Book 3. Chapter 2.". On the Parts of Animals (Περι ζώων μορίων). trans. William Ogle. http://etext.library.adelaide.edu.au/a/aristotle/parts/. 
  10. Aristotle. "Book 2. Chapter 1.". History of Animals (Περί ζώων ιστορίας). trans. D'Arcy Wentworth Thompson. http://etext.library.adelaide.edu.au/a/aristotle/history/. 
  11. Antigonus, Compilation of Marvellous Accounts, 66
  12. Strabo. "Book 15. Chapter 1. Section 56.". Geography. https://penelope.uchicago.edu/Thayer/E/Roman/Texts/Strabo/15A3*.html. 
  13. Pliny. "Book 8, Chapter 31". Natural History. trans. John Bostock. https://www.perseus.tufts.edu/hopper/text?doc=Perseus%3Atext%3A1999.02.0137%3Abook%3D8%3Achapter%3D31.  Also Book 8, Chapter 30, and Book 11, Chapter 106.
  14. Aelian (220). "Book 3. Chapter 41.". On the Nature of Animals (Περὶ Ζῴων Ἰδιότητος, De natura animalium). trans. A.F.Scholfield. http://www.attalus.org/translate/animals3.html#41. 
  15. Aelian (220). "Book 4. Chapter 52.". On the Nature of Animals (Περὶ Ζῴων Ἰδιότητος, De natura animalium). trans. A.F.Scholfield. http://www.attalus.org/translate/animals4.html#52. 
  16. Aelian (220). "Book 16. Chapter 20.". On the Nature of Animals (Περὶ Ζῴων Ἰδιότητος, De natura animalium). trans. A.F.Scholfield. http://www.attalus.org/translate/animals16.html#20.