ইকেবানা (生け花, 活け花) হৈছে জাপানী পুষ্পসজ্জাৰ কলা।[1][2] ইয়াক কাডো (華道, বুলিও কোৱা হয়। ইকেবানাৰ উৎপত্তিৰ বিষয়ে জাপানীসকলৰ প্ৰাচীন প্ৰথাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁলোকে চিৰসেউজ গছ স্থাপন কৰি দেৱতাক আমন্ত্ৰণ কৰিবলৈ যোৰিছিৰো (依代 ) হিচাপে ফুলেৰে সজাই তোলে।
পিছলৈ ইয়াৰ পৰিৱৰ্তে ফুলৰ সজ্জা ব্যৱহাৰ কৰি পৰম্পৰাগত জাপানী ঘৰৰ চৌহদত শোভা বঢ়াবলৈ আৰম্ভ কৰা হয়।।
ধূপ আৰু চাহ অনুষ্ঠানৰ বাবে সুগন্ধি সঞ্চাৰৰৰ সৈতে ইকেবানাক তিনিটা ধ্ৰুপদী জাপানী পৰিশোধনৰ কলাৰ অন্যতম হিচাপে গণ্য কৰা হয়।
ইকেবানা শব্দটো জাপানী ইকেৰু আৰু হানাৰ সংমিশ্ৰণৰ পৰা আহিছে।[3]
চাৰিটা ঋতুৰ ভিতৰত গছ-গছনি চোৱা আৰু ফুলৰ শলাগ লোৱাৰ পৰম্পৰাটো জাপানত আৰম্ভণিতে অভিজাত শ্ৰেণীৰ জৰিয়তে প্ৰতিষ্ঠা হৈছিল। ৱাকা কবিতা সংকলন যেনে হেইয়ান যুগৰ (৭৯৪–১১৮৫) মেনয়'শ্বু আৰু কোকিন ৱাকাশ্বুত ফুলৰ বিষয়ক বহুতো কবিতা অন্তৰ্ভুক্ত কৰা হৈছিল।[4] বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তনৰ লগে লগে, বৌদ্ধ বেদীত ফুল আগবঢ়োৱাটো সাধাৰণ হৈ পৰিল। যদিও বৌদ্ধ ধৰ্মৰ উৎপত্তিস্থল ভাৰতত পদুমৰ বহুল ব্যৱহাৰ হয়, জাপানত প্ৰতিটো ঋতুৰ বাবে অন্যান্য থলুৱা ফুল এই উদ্দেশ্যে বাছনি কৰা হৈছিল।[4]
ইকেবানা বা কাডোৰ অনুগামী আৰু অনুশীলনকাৰীসকলক কাডোকা বুলি জনা যায়। এজন কাডো শিক্ষকক ছেনছেই বোলা হয়।
জুনিচি কাকিজাকি, মকিচি ওকাডা আৰু ইউকি চুজিৰ উল্লেখযোগ্য জাপানী অনুশীলনকাৰীসকলৰ ভিতৰত আছে। ২০১৫ চনৰ মাৰ্চ মাহত শ্বিজুওকাৰ শ্বিমিজুত অনুষ্ঠিত হোৱা এটা TEDx ত চুজিয়ে সৌন্দৰ্য্যৰ সৈতে ইকেবানাৰ সম্পৰ্কৰ বিষয়ে বিশদভাৱে কয়।[5]
আৰম্ভণিতে ইকেবানা আছিল অতি সহজ, মাত্ৰ অতি কম সংখ্যক ফুলৰ ঠাৰি আৰু চিৰসেউজ ডালৰ পৰা ইয়াক নিৰ্মাণ কৰা হৈছিল। ইকেবানাৰ এই প্ৰথম ৰূপটোক কুগে (供華) বুলি কোৱা হৈছিল। পিছলৈ ইয়াৰ আৰ্হি আৰু শৈলীৰ বিকাশ ঘটিছিল আৰু ১৫ শতিকাৰ শেষৰ ফালে সজ্জাসমূহ সাধাৰণ মানুহেই প্ৰশংসা কৰিব পৰাকৈ সাধাৰণ হৈ পৰিছিল। ইকেবানাৰ শৈলীসমূহ সেই সময়ছোৱাত সলনি হৈছিল, যাৰ ফলত এই প্ৰথাক এক নিৰ্দিষ্ট কলা ৰূপলৈ ৰূপান্তৰিত হৈছিল। এই শিল্পৰ বিষয়ে কিতাপ লিখা হৈছিল, চেডেনশ্বো ইয়াৰে আটাইতকৈ পুৰণি কিতাপ য'ত ১৪৪৩ চনৰ পৰা ১৫৩৬ চনলৈকে সামৰি লোৱা হৈছিল।ইকেবানা পৰম্পৰাগত উৎসৱৰ এটা প্ৰধান অংশ হৈ পৰিছিল আৰু মাজে মাজে ইয়াৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।
প্ৰথম শৈলীবোৰৰ বৈশিষ্ট্য আছিল এডাল ওখ, উলম্ব কেন্দ্ৰীয় কাণ্ড আৰু তাৰ লগত দুডাল চুটি কাণ্ড। ১৫৬০–১৬০০ চনত মোমোয়ামা যুগত কেইবাটাও দুৰ্গ নিৰ্মাণ কৰা হৈছিল, সম্ভ্ৰান্ত লোক আৰু ৰাজকীয় ৰিটেইনাৰসকলে বৃহৎ, সজ্জাগত ৰিক্কা ফুলৰ সজ্জা কৰিছিল যিবোৰ দুৰ্গৰ বাবে উপযুক্ত সজ্জা বুলি গণ্য কৰা হৈছিল।
মোমোয়ামা যুগত দুৰ্গৰ সজ্জা< হিচাপে বহুতো ধুনীয়া ইকেবানা শৈলীৰ ব্যৱহাৰ কৰা হৈছিল।[6]
ৰিক্কা (立花)[7] শৈলী প্ৰকৃতিৰ প্ৰাকৃতিক দৃশ্যৰ সৌন্দৰ্য্যৰ বৌদ্ধ প্ৰকাশ হিচাপে বিকশিত কৰা হৈছিল। এই শৈলীৰ মূল চাবিকাঠি হৈছে নটা শাখা যিয়ে প্ৰকৃতিৰ উপাদানসমূহক প্ৰতিনিধিত্ব কৰে।[8] ৰিক্কা শৈলীৰ এটাক সুনা-নো-মনো (砂の物) বোলা হয়।[9] চাহ অনুষ্ঠানৰ উন্মেষ ঘটাৰ লগে লগে চাবানা নামৰ আন এটা শৈলী চাহ অনুষ্ঠান কক্ষৰ বাবে প্ৰৱৰ্তন কৰা হ’ল। এই শৈলী মোমোয়ামা শৈলীৰ বিপৰীত আৰু ইয়াত গাঁৱলীয়া সৰলতাক গুৰুত্ব দিয়া হৈছে। চাবানাৰ সৰলতাই পাছলৈ নাগেইৰেবানা বা ‘শৈলী সৃষ্টি কৰাত সহায় কৰিছিল।
নাগেইৰেবানা (投入花) হৈছে এটা সজ্জা যি ছেইকা বা শ্বোকা শৈলীৰ বিকাশৰ সূচনা কৰিছিল। ইয়াৰ বৈশিষ্ট্য হৈছে কাণ্ডৰ এটা কঠিন গোট যি ত্ৰিকোণীয় তিনিটা শাখাযুক্ত অসমতাপূৰ্ণ সজ্জা গঠন কৰে যিটো ধ্ৰুপদী বুলি গণ্য কৰা হৈছিল। ইয়াক চুটি ৰূপ নাগেইৰেৰ দ্বাৰাও জনা যায়।
ফুলৰ সজ্জাত ব্যৱহাৰ কৰা পাত্ৰ বা ফুলদানিবোৰ বহু ধৰণৰ। পৰম্পৰাগতভাৱে ইহঁতক কেৱল আকৃতি, সামগ্ৰী আৰু সজ্জাত ধুনীয়া বুলি গণ্য কৰা নহয়। ইয়াক ব্যৱহাৰৰ লগত খাপ খোৱাকৈ তৈয়াৰ কৰা হয়, যাতে ফুল এপাহ সদায় উপযুক্ত পাত্ৰত ৰাখিব পাৰি।[10]