ইডিপাছ কমপ্লেক্স (ইংৰাজী: Oedipus complex) ধাৰণাটো মনোবিজ্ঞানৰ অৰ্থাৎ মনোবিশ্লষণৰ এটি অন্যতম ধাৰণা। ইয়াৰ অৰ্থ হ'ল পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এক ধৰণৰ অৱচেতন অনুৰাগ বা আসক্তি।[1][2] বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েডৰ মতবাদ অনুসৰি শৈশৱ কালতেই পুত্ৰ সন্তানসকলৰ মাতৃৰ প্ৰতি এক ধৰণৰ অনুৰাগ অথবা আকৰ্ষণ গঢ় লৈ উঠে আৰু এই অনুৰাগ গঢ় লয় সন্তানৰ অকালজাত যৌন চেতনাৰ প্ৰভাৱৰ ফলত। ইয়াৰ সমান্তৰালভাৱে পুত্ৰসন্তানসকলৰ মনত পিতৃৰ প্ৰতি এক ধৰণৰ বিৰাগ বা বিকৰ্ষণে ঠাই লয়। ছিগমাণ্ড ফ্ৰয়েডে এই ধাৰণাটো দ্য ইন্টাৰপ্ৰিটেচন অৱ ড্ৰিমছ (১৮৯৯)ত প্ৰৱৰ্তন কৰিছিল, আৰু তেওঁৰ গৱেষণা পত্ৰ এ স্পেচিয়েল টাইপ অৱ চয়ছ অৱ অবজেক্ট মেড বাই মেন (১৯১০)ত এই ইডিপাছ কমপ্লেক্স শব্দটোৰ উদ্ভাৱন কৰিছিল।[3][4] পিছলৈ ফ্ৰয়েডে এই জটিলতাৰ অভিজ্ঞতাত লিংগৰ পাৰ্থক্য বুজাবলৈ লিঙ্গচ্ছেদ উদ্বেগ আৰু লিংগ ঈৰ্ষাআদিৰ দৰ়়ে ধাৰণা বিকশিত কৰে।[5] পৰৱৰ্তী সময়ত, যৌন পাৰ্থক্য অনুসৰি, এক ইতিবাচক অডিপাছ কমপ্লেক্সে শিশু এটাৰ বিপৰীত লিংগৰ পিতৃ-মাতৃৰ প্ৰতি যৌন আকাংক্ষা আৰু সমলিংগ পিতৃ-মাতৃৰ প্ৰতি ঘৃণাক বুজায়, আনহাতে নেতিবাচক অডিপাছ কমপ্লেক্সে সমকামী পিতৃ-মাতৃৰ প্ৰতি আকাংক্ষা আৰু বিপৰীত লিংগৰ পিতৃ-মাতৃৰ প্ৰতি ঘৃণা বুজায়।[4][6][7] গ্ৰীক নাট্যকাৰ চফোক্লিচে তেওঁৰ "ইডিপাচ ৰেক্স" নামৰ নাটকখনৰ কাহিনীত বৰ্ণনা কৰিছে যে থিবচ্ নামৰ দেশখনৰ ৰজা ইডিপাছে নিজে নজনাকৈয়ে অথবা পূৰ্বৰ অভিশাপ অনুসৰি নিজ পিতৃক হত্্যা কৰি তেওঁৰ ৰাজ্য অধিকাৰ কৰে আৰু নিজ মাতৃক বিয়া কৰায়। এই ইডিপাছ নামৰ ৰজা জনৰ নাম অনুসৰিয়েই চিগ্মণ্ড ফ্ৰয়েডে পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এই অৱচেতন যৌনকামনাৰ নাম ইডিপাছ কমপ্লেক্স ৰাখিছিল।
ইডিপাছ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ গ্ৰীক পৌৰাণিক চৰিত্ৰ ইডিপাছ ৰেক্স বুজায়, যিয়ে অজানিতে তেওঁৰ দেউতাক লাইউছক হত্যা কৰে আৰু তেওঁৰ মাক জোকাষ্টাক বিয়া কৰায়। এই ইডিপাছ ৰেক্সৰ চৰিত্ৰ পৌৰাণিক কাহিনীৰ ওপৰত আধাৰিত এখন নাটকৰ। চফোক্লেছে খ্ৰীষ্টপূৰ্ব ৪২৯ত এই নাটক লিখিছিল। পিছত ১৯ শতিকাত পেৰিছ আৰু ভিয়েনাত চফোক্লেছৰ নাটকৰ আধুনিক প্ৰযোজনা মঞ্চস্থ কৰা হৈছিল আৰু ১৮৮০ আৰু ১৮৯০ ৰ দশকত অভূতপূৰ্বভাৱে সফল হৈছিল। অষ্ট্ৰিয়াৰ স্নায়ুবিশেষজ্ঞ চিগমাণ্ড ফ্ৰয়েড (১৮৫৬-১৯৩৯)তাত উপস্থিত আছিল। ১৮৯৯ চনত প্ৰথম প্ৰকাশিত তেওঁৰ দ্য ইণ্টাৰপ্ৰিটেচন অৱ ড্ৰীমছ নামৰ কিতাপখনত চিগমাণ্ড ফ্ৰয়েড প্ৰস্তাৱ দিছিল যে ইডিপাছৰ আকাংক্ষা হৈছে মানুহৰ বাবে এক সাৰ্বজনীন, মানসিক পৰিঘটনা সহজাত (ফাইলোজেনেটিক) আৰু বহুত অচেতন অপৰাধৰ কাৰণ। ফ্ৰয়েডে বিশ্বাস কৰিছিল যে ইডিপাছৰ আৱেগ বিকশিত হৈছে আৰু লাখ লাখ বছৰ ধৰি বান্দৰৰ পৰা আৰম্ভ কৰি মানুহলৈকে ই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে।[9]
ইডিপাছ কমপ্লেক্সৰ প্ৰক্ৰিয়াটোক মানসিকভাৱে সাৰ্বজনীন বুলি প্ৰস্তাৱ কৰি ফ্ৰয়েডে মনোবিশ্লেষণাত্মক চিকিৎসাৰ অন্যান্য বিশেষজ্ঞসকলক উচটনি দিছিল। এই তত্ত্বৰ সন্দৰ্ভত সাহিত্যত বহুত সমালোচনা উপস্থাপন কৰা হৈছিল।
ইডিপাছ কমপ্লেক্সৰ সমৰ্থনত বৈজ্ঞানিক প্ৰমাণ অতি কম।[10][11]
কথিতভাৱে ইডিপাল পৰ্যায়ত পিতৃ-মাতৃৰ প্ৰতি শিশুৰ মনোভাৱৰ অধ্যয়নে তত্ত্বটোৱে ভৱিষ্যদ্বাণী কৰা ইতিবাচক অনুভূতিৰ পৰিৱৰ্তন প্ৰদৰ্শন নকৰে। চিগ্মণ্ড ফ্ৰয়েডএ নিজৰ তত্ত্বৰ চিত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা পৌৰাণিক কাহিনী আৰু নৃতত্ত্বৰ কাহিনীবোৰে তেওঁৰ পাঠকসকলক আকৰ্ষণ কৰিব পাৰে, কিন্তু সেইবোৰে তত্ত্বটোৰ অভিজ্ঞতাভিত্তিক প্ৰমাণ গঠন নকৰে।[12] ফ্ৰয়েডে নিৰ্ভৰ কৰা কেছ অধ্যয়ন (কেছ ষ্টাডিজ), যেনে লিটল হান্সৰ ঘটনা, বৃহত্তৰ জনসংখ্যাৰ ওপৰত গৱেষণা বা পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে প্ৰমাণিত কৰিব পৰা নগ'ল।[13] বিৱৰ্তনবাদী মনোবিজ্ঞানী মাৰ্টিন ডেলি আৰু মাৰ্গো উইলছনে তেওঁলোকৰ ১৯৮৮ চনৰ হোমিচাইড নামৰ কিতাপখনত যুক্তি দিছে যে ওডিপাছ জটিল তত্ত্বই কেইটামান পৰীক্ষাযোগ্য ভৱিষ্যতবাণী প্ৰদান কৰে। তেওঁলোকে মানুহৰ মাজত ইডিপাছ কমপ্লেক্সৰ কোনো প্ৰমাণ বিচাৰি নাপায়। পিতৃ-মাতৃ-সন্তানৰ বিবাদৰ প্ৰমাণ আছে কিন্তু লেখকসকলে দাবী কৰে যে ই বিপৰীত লিংগ-পিতৃ-মাতৃৰ যৌন অধিকাৰৰ বাবে নহয়।[14]
যি তথ্যৰ ওপৰত ইডিপাছ কমপ্লেক্সৰ বৈধতা প্ৰতিষ্ঠিত হৈছে সেয়া হʼল মূলতঃ ৰোগীৰ সপোনৰ ব্যাখ্যা আৰু মুক্ত সম্পৰ্কৰ ব্যৱহাৰ। ইডিপাছ কমপ্লেক্সৰ প্ৰাথমিক তথ্য হৈছে থেৰাপিষ্টৰ ব্যাখ্যা, ৰোগীৰ সপোনৰ ব্যাখ্যা আৰু ৰোগীৰ আকাংক্ষা আৰু অভিজ্ঞতাৰ ব্যাখ্যা। ইডিপাছ কমপ্লেক্সৰ মনোবিশ্লেষণমূলক তথ্যৰ বৈধতা কেৱল সপোনৰ ব্যাখ্যা ওপৰত আধাৰিত যাৰ বাবে এই ইডিপাছ কমপ্লেক্স তত্ত্বটো অত্যন্ত বিতৰ্কিত বিষয়।[15]
মনোৰোগ বিশেষজ্ঞ জেফ্ৰি লিয়েবাৰমেনৰ মতে, ফ্ৰয়েড আৰু তেওঁৰ অনুগামীসকলে ইডিপাছৰ তত্ত্বসমূহক বৈজ্ঞানিক পৰীক্ষা আৰু প্ৰমাণীকৰণৰ অধীনত তৈয়াৰ কৰিবলৈ প্ৰতিৰোধ কৰিছিল। [16] সেই কাৰণে মনোবিজ্ঞানৰ দৰে শাখাই ফ্ৰয়েডৰ ধাৰণাবোৰ অসমৰ্থন বা বিৰোধিতা কৰা দেখা যায়, আৰু সেয়েহে এই তত্ব আধুনিক যুগৰ প্ৰমাণ-আধাৰিত চিকিৎসাত ব্যৱহাৰ কৰা নহয়।[16]
ফ্ৰয়েডে নিজৰ ৰোগীসকল শৈশৱৰ যৌন নিৰ্যাতনৰ বলি হোৱাৰ প্ৰমাণক ইচ্ছাকৃতভাৱে আওকাণ কৰি নিৰ্যাতনক অনাচাৰী কামনা বুলি ভুলকৈ উপস্থাপন কৰা বুলি কোৱা দাবীটোৱেই হৈছে ফ্ৰয়েডৰ কভাৰআপ। ১৯৭০ চনত সমাজকৰ্মী ফ্ল’ৰেন্স ৰাছে লিখিছিল যে ফ্ৰয়েডৰ বাবে পিতৃ-মাতৃৰ দ্বাৰা শিশুৰ ওপৰত ব্যাপক যৌন নিৰ্যাতন যেন এটা সাধাৰণ কথা। দ্য এছল্ট অন ট্ৰুথ নামৰ কিতাপখনৰ লিখক মেছনে যুক্তি দিছে যে শিশুৰ যৌন উৎপীড়নৰ বিৱৰণ ফ্ৰয়েডৰ মনেগঢা আৰু কল্পনা যি ফ্ৰয়েডৰ ব্যক্তিগত জীৱনৰ ওপৰত আধাৰিত। সেয়েহে ফ্ৰয়েডে শিশুৰ যৌন আক্ৰমণৰ বিষয়ে বুজাবলৈ ইডিপাছ কমপ্লেক্স উদ্ভাৱন কৰিছিল।