ইণ্ডিগ' ভাৰতৰ এক নিম্ন খৰচৰ বিমান প্ৰতিষ্ঠান; ইয়াৰ মুখ্য কাৰ্য্যালয় ভাৰতৰ গুৰগাঁৱত অৱস্থিত। যাত্ৰী পৰিবহণৰ দৃষ্টিকোণৰ পৰা ই ভাৰতৰ সৰ্ববৃহৎ বিমানসংস্থা। ২০১৫ চনৰ আগষ্ট মাহৰ তথ্য অনুসৰি ইণ্ডিগ'ৰ ব্যৱসায়ৰ পৰিমাণ ভাৰতৰ বজাৰৰ ৩৫.৩%। বিমান প্ৰতিষ্ঠানটিৰ বৰ্তমান ৪১টা গন্তব্যস্থলৰ ভিতৰত ৩৬টা ঘৰুৱা আৰু ৫টা আন্তৰ্জাতিক গন্তব্যস্থল আছে। ইয়াৰ প্ৰাথমিক হাব হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ। ২০১৪ চনত ইণ্ডিগ'ত মুঠ ২১.৪ মিলিয়ন যাত্ৰী আভ্যন্তৰীন পৰিবহণ কৰিছিল।
২০১৬ চনৰ মাৰ্চৰ মতে, ইণ্ডিগ'ই দৈনিক ৮১৮খন বিমানে ৪১টা গন্তব্যস্থললৈ বিমান সেৱা আগবঢ়ায়, ইয়াৰে ৩৬টা স্থান হৈছে ভাৰতৰ ভিতৰৰ আৰু ৫টা স্থান বিদেশৰ।[1][2][3] ইণ্ডিগ'ৰ প্ৰধান হাব হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ,[4] ইয়াৰোপৰি আন আন হাব সমূহ হৈছে বাংগালোৰ,[5] ভুৱনেশ্বৰ,[6] চেন্নাই,[7] হাইদৰাবাদ,[8] ক'লকাতা,[7] মুম্বাই[7] আৰু নাগপুৰ।[9]