ইতি মৃণালিনী | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | অপৰ্ণা সেন |
ৰচনা | অপৰ্ণা সেন ৰঞ্জন ঘোষ |
অভিনয়ত | কংকণা সেন শৰ্মা অপৰ্ণা সেন ৰজত কাপুৰ প্ৰিয়াংশু চেটাৰ্জী কৌশিক সেন |
সংগীত পৰিচালক | দেৱজ্যোতি মিশ্ৰ |
মুক্তি |
২৭ অক্টোবৰ ২০১০(MAMI International Film Festival) ২৯ জুলাই ২০১১ (India) |
দৈৰ্ঘ্য |
১২৮ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
ইতি মৃণালিনী (ইংৰাজী: An Unfinished Letter ) ২০১১ চনত বাংলা চলচ্চিত্ৰ নিৰ্মাতা অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী ছবি। সেনে ৰঞ্জন ঘোষৰ সৈতে সহযোগিতাৰে কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল।[1] এই ছবিখনৰ প্ৰযোজক আছিল শ্ৰী ভেংকটেশ ফিল্মছ প্ৰাইভেট লিমিটেডৰ শ্ৰীকান্ত মহতা আৰু মহেন্দ্ৰ ছোনীয়ে।[2] কিছুমান সমালোচকে মিষ্টাৰ আৰু মিচেছ আয়াৰ আৰু ৩৬ চৌৰিংগী লেনৰ সৈতে এইখনক তেওঁৰ শ্ৰেষ্ঠ কৰ্মসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।[3]
এক দশকৰো অধিক ব্যৱধানৰ অন্তত এইখনেই আছিল সেন পৰিচালনা কৰা প্ৰথমখন বাংলা ছবি। তেওঁৰ পূৰ্বৰ ছবি আছিল ২০০০ চনৰ পাৰমিতাৰ এক দিন। ইতি মৃনালিনীক পৰিচালকৰ প্ৰথম মূলসুঁতিৰ উদ্যোগ হিচাপে দেখা যায়। এইখন অতীতৰ এগৰাকী বৃদ্ধ বঙালী তাৰকা অভিনেত্ৰী মৃনালিনীৰ জীৱনৰ ওপৰত কেন্দ্ৰীভূত, যিয়ে নিজৰ পাৰ হৈ অহা জীৱনটোক উভতি চায়। অপৰ্ণা সেনে বৰ্তমানৰ মৃণালিনীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে তেওঁৰ কন্যা কংকনা সেন শৰ্মাই মৃণালিনীৰ যুৱাৱস্থা চৰিত্ৰত অভিনয় কৰিছে।[2] ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰিছে ৰজত কাপুৰ, প্ৰিয়াংশু চেটাৰ্জী, কৌশিক সেন, লকেট চেটাৰ্জী আৰু জাৰ্মান অভিনেতা চুজেন বাৰ্নাৰ্ট। কংকণাৰ বাহিৰে সমগ্ৰ অভিনেতা-অভিনেত্ৰী অপৰ্ণা সেনৰ ছবিত নতুন।[4]
এইখনে আছিল প্ৰথমবাৰৰ বাবে সেনে চিত্ৰনাট্যকাৰৰ সৈতে সহযোগিতা কৰা,[1] আৰু বাংলা সংস্কৰণৰ সৈতে একেলগে হিন্দী ভাষাত ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি পোৱা সেনৰ এইখন প্ৰথমখন ছবি। ইয়াৰ উপৰিও সেন আৰু তেওঁৰ কন্যাই প্ৰথমবাৰৰ বাবে একেটা চৰিত্ৰত অভিনয় কৰিছে।[1]