ইথিঅ’পিয়াৰ নাৰীক (ইংৰাজী: Women in Ethiopia) লৈ কেইবাটাও অধ্যয়ন এতিয়ালৈকে কৰা হৈছে। ঐতিহাসিকভাৱে ইথিঅ’পিয়াৰ অভিজাত মহিলাসকলক প্ৰশাসক আৰু যোদ্ধা হিচাপে দেখিবলৈ পোৱা গৈছে৷ অৱশ্যে ইয়াৰ ফলত নাৰীৰ অধিকাৰ অধিক উন্নত হোৱা বুলি ক'ব নোৱাৰি৷ মহিলাসকলে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ মালিক হোৱা আৰু গুৰুত্বপূৰ্ণ সাম্প্ৰদায়িক বিষয়ত উপদেষ্টা হিচাপে কাম কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছিল যদিও মূৰকত সেয়া হৈ নুঠিল৷ ২০ শতিকাৰ প্ৰথম অংশৰ শেষৰ ফালে সম্ৰাট চতুৰ্থ ইয়াছুৰ পত্নী ৰাণী মেনেনে ইথিঅ’পিয়া সাম্ৰাজ্য চলোৱাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। ১৮৯৬ চনত সম্ৰাট দ্বিতীয় মেনেলিকৰ পত্নী সম্ৰাটী টায়েতু বেতুলে চৰকাৰক সক্ৰিয়ভাৱে পৰামৰ্শ দি ইটালীৰ আক্ৰমণৰ পৰা দেশখনক ৰক্ষা কৰাত ভূমিকা পালন কৰে। বিশিষ্ট আৰু অন্যান্য ভূ-খণ্ডৰ মহিলা মালিকসকলে ১৯৩৫–৪১ চনত দ্বিতীয় আক্ৰমণৰ বিৰুদ্ধে যুঁজিছিল। ইউৰোপীয় উপদেষ্টাসকলৰ সহায়ত পৰৱৰ্তী সময়ছোৱাত মহিলাসকলক সেনা আৰু ৰাজনীতিৰ পৰা আঁতৰাই ৰখা হৈছিল, আনকি উপদেষ্টা হিচাপেও তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হোৱা নাছিল। তেওঁলোকক ল’ৰা-ছোৱালীৰ প্ৰতিপালন, ৰন্ধা-বঢ়া কৰা, পৰিয়ালৰ পৰিচৰ্যা আৰু ঘৰুৱা কামত সীমাবদ্ধ কৰি ৰখা হৈছিল। শিক্ষাত মহিলাৰ প্ৰতিনিধিত্ব ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে নাৰ্চিং, শিক্ষকতা আৰু অন্যান্য কৰ্মত জড়িত হ'বলৈ আৰম্ভ কৰিছে। ২০১৮–২০১৯ বৰ্ষৰ সময়ছোৱাত ৰাজ্যৰ ৰাজনীতিত তেওঁলোকৰ অংশগ্ৰহণ ক্ৰমান্বয়ে ক্ৰমান্বয়ে বৃদ্ধি পাইছে।[1][2]
আন পৰম্পৰাগত সমাজৰ দৰেই ইথিঅ’পিয়াতো এগৰাকী মহিলাক মূল্যাংকন কৰিব পাৰি মাতৃ আৰু পত্নী হিচাপে৷ ইথিঅ’পিয়াৰ ৮৫ শতাংশতকৈ অধিক মহিলাই গ্ৰাম্য অঞ্চলত বাস কৰে, য’ত পৰিয়ালসমূহ মূলতঃ জীৱিকাৰ বাবে কৃষি-কৰ্মতেই নিয়োজিত। গ্ৰাম্য অঞ্চলত নাৰীক গ্ৰাম্য অৰ্থনীতিৰ সৈতে একত্ৰিত কৰা হয়৷ যিয়ে প্ৰায়ে শ্ৰম-জড়িত ব্যক্তি আৰু শিশুকে ধৰি অধিকাংশৰ ক্ষেত্ৰতে বিস্তৰভাৱে শাৰীৰিক ক্ষতিসাধন কৰে। ইথিঅ’পিয়াৰ বিপ্লৱে গ্ৰাম্য মহিলাসকলৰ জীৱনত বিশেষ প্ৰভাৱ পেলোৱা নাছিল। ভূমি সংস্কাৰে তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থাৰ কোনো পৰিৱৰ্তন কৰা নাছিল, কাৰণ সেয়া গভীৰভাৱে শিপাই থকা পৰম্পৰাগত মূল্যবোধ আৰু বিশ্বাসৰ মাজত প্ৰোথিত হৈ আছিল। অৰ্থনৈতিক অৱস্থাৰ উন্নতিয়ে মহিলাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত নিশ্চয় কৰিব, কিন্তু স্থায়ী পৰিৱৰ্তনৰ হ'বলৈ হ'লে মহিলাৰ ভূমিকা সম্পৰ্কে চৰকাৰী বিষয়া আৰু পুৰুষৰ মনোভাৱৰ পৰিৱৰ্তন হ'ব লাগিব৷ এই পৰিৱৰ্তন অতীৱ প্ৰয়োজনীয়।[3]
২০০৮–২০০৯ চনলৈকে ইথিঅ’পিয়াত সাধাৰণ নামভৰ্তিৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল আৰু শিক্ষাৰ সুবিধাৰ ক্ষেত্ৰত লিংগ বৈষম্য হ্ৰাস পাইছিল। সকলো স্তৰৰ শিক্ষাত নামভৰ্তিৰ গড় বাৰ্ষিক বৃদ্ধিৰ হাৰ মহিলাৰ ২৭.২ শতাংশ আৰু পুৰুষৰ ৩৩.৭ শতাংশ৷ কিণ্ডাৰগাৰ্টেনৰ ছোৱালীৰ গড় বাৰ্ষিক বৃদ্ধিৰ হাৰ ২৯.৭ শতাংশ, প্ৰাথমিক বিদ্যালয়ৰ ছোৱালীৰ ১৩.৪ শতাংশ, মাধ্যমিকৰ ছোৱালীৰ গড় হাৰ ৩০.৮ শতাংশ স্কুল, টিভিইটিত(কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ, Technical and Vocational Education and Training) মহিলাৰ বাবে ১৪.৫ শতাংশ, আৰু উচ্চ শিক্ষাৰ মহিলাৰ বাবে ২১.৪ শতাংশ।[4]