ইনচুলিন গছ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Zingiberales |
পৰিয়াল: | Costaceae |
গণ: | Chamaecostus |
প্ৰজাতি: | cuspidatus |
বৈজ্ঞানিক নাম | |
Chamaecostus cuspidatus (Nees & Mart.) C.Specht & D.W.Stev. | |
সমাৰ্থক[1] | |
|
ইনচুলিন গছ (বৈজ্ঞানিক নাম: Chamaecostus cuspidatus) হৈছে ইংৰাজীত সাধাৰণতে ফিয়েৰি কষ্টাছ (fiery costus) বা স্পাইৰেল ফ্লেগ (spiral flag) নামেৰে জনাজাত কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি উদ্ভিদ। ই পূৱ ব্ৰাজিলৰ এবিধ থলুৱা প্ৰজাতি।[1][2][3] মধুমেহ ৰোগ উপশম কৰাৰ গুণ থকা বাবে ভাৰতত এই উদ্ভিদক ইনচুলিন প্লেণ্ট বুলি জনা যায়।[4]
এই উদ্ভিদৰ বহল, মিহি, ডাঠ সেউজীয়া পাতৰ ভিতৰৰ ফালটো কিছু বেঙুনীয়া আভা দেখা যায়। পাতবোৰ কাণ্ডৰ পৰা বৃত্তাকাৰে ওলায়। এই উদ্ভিদৰ সৰ্বাধিক উচ্চতা দুই ফুট পৰ্যন্ত হ’ব পাৰে। ফুলবোৰ কমলা বৰণৰ আৰু ব্যাসাৰ্ধ প্ৰায় ১.৫ ইঞ্চি। গ্ৰীষ্মকালত ফুল ফুলে, কলিবোৰ ডালৰ কাষত শংকু আকৃতিত দেখা পোৱা যায়।[5]
সিদ্ধা চিকিৎসাত ইনচুলিন প্লেণ্টক কষ্টুম নামেৰে জনা যায়। ইয়াৰ শিপাৰ বাবে কাশ্মিৰ আৰু হিমালয়ৰ কিছু অঞ্চলত ইয়াৰ খেতি কৰা হয়। এই উদ্ভিদ আদাৰ ওচৰ সম্বন্ধীয়, পূৰ্বতে ইহঁতক আদাৰ সৈতে একে পৰিয়াল “জিংগিবেৰেচিয়া (Zingiberaceae)”ৰ অন্তৰ্গত আছিল, কিন্তু বৰ্তমান “কষ্টাছ (Costus)” আৰু ইহঁতৰ সম্বন্ধীয় প্ৰজাতিসমূহক “কষ্টেচিয়া (Costaceae)” নামৰ পৃথক পৰিয়াল হিচাপে শ্ৰেণীভূক্ত কৰা হয়।[2] এই প্ৰজাতিৰ উদ্ভিদবোৰ ৰাইজমৰ দ্বাৰা বংশবৃদ্ধি হয় আৰু ইহঁতৰ বীজবোৰ চৰায়ে ফলখোৱাৰ ফলত বিস্তাৰিত হয়। কষ্টাছৰ উৎপাদ প্ৰাকৃতিকভাবে খোৱাৰ উপযুক্ত আৰু এই বিলাকক কেতিয়াবা কষ্টাছ কমছাছ বুলিও কয়। ফুলৰ পাহিবোৰ কিছু মিঠা সোৱাদযুক্ত আৰু পুষ্টিকাৰক। ইহঁত মাটিৰ তলত বৃদ্ধি হয়। Costus pulverulentusৰ দীঘল ফুলৰ ঠাৰিডাল এক অনন্য আৰু ফুলনিৰ এক প্ৰধান আকৰ্ষণৰ কাৰক। ইহঁতৰ বৃদ্ধি বৰ খৰতকীয়া। ইহঁতৰ বৃদ্ধিৰ বাবে ৰ’দৰ প্ৰয়োজন যদিও কিছু ছাঁ ঠাইতো গজে। ভাৰতত ইহঁতক ঔষধি গুণৰ বাবে খেতি কৰে আৰু পৃথিৱীৰ অন্য ঠাইত আলংকাৰিক উদ্ভিদ হিচাপে কৰে।
ইনচুলিন উদ্ভিদৰ শুকান পাতবোৰ আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।[4]