ইনফ্লুৱেঞ্জা | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() Influenza virus, magnified approximately 100,000 times | |
আই.চি.ডি.-10 | J10, J11 |
আই.চি.ডি.-9 | 487 |
OMIM | 614680 |
ডিজিজেছ ডে'টাবে'ছ | 6791 |
মেডলাইন প্লাছ | 000080 |
ইমেডিচিন | med/1170 ped/3006 |
MeSH | D007251 |
ইনফ্লুৱেঞ্জা (ইংৰাজী: Influenza) হৈছে ইনফ্লুয়েঞ্জা ভাইৰাছৰ দ্বৰা হোৱা এবিধ সংক্ৰামক ৰোগ।[1] এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হৈছে, অতিপাত জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ পিৰপিৰণি, পেশীৰ বিষ, মুৰৰ বিষ, কাহ, আৰু ভাগৰ লগা। ভাইৰাছে আক্ৰমণ কৰা দুদিন পিছৰ পৰাই এই লক্ষণবোৰে দেখা দিয়ে আৰু প্ৰায় এক সপ্তাহ পৰ্যন্ত থাকে। আনহাতে প্ৰায় দুসপ্তাহ পৰ্যন্ত কাহ হৈ থাকিব পাৰে।[1] শিশুৰ ক্ষেত্ৰত বমি হোৱাও দেখা যায়। এই ৰোগৰ জটিলতাবোৰ হৈছে, ভাইৰাছজনিত নিউম'নিয়া, গৌণ বেক্টেৰিয়াজনিত নিউম'নিয়া, ছাইনাছ সংক্ৰমন, আৰু এজমা বা হৃদযন্ত্ৰৰ বিকলতাৰ দৰে পুৰণি সমস্যাৰ উক দিয়া।[2][3]
মানুহক তিনি প্ৰকাৰৰ ইনফ্লুৱেঞ্জাই আক্ৰমণ কৰে।[3] কাহ আৰু হাঁচিৰ জৰিয়তে ৰোগৰ জীৱানু সংক্ৰমিত হয়।[1] ৰোগীৰ আশে-পাশে থকা ব্যক্তিলৈ এই ৰোগ বেচিকৈ সোঁচৰে বুলি ভবা হয়।[4] ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰৰ পৰাও এই ৰোগ বিয়পিব পাৰে।[2][4] ডিঙি, নাক পৰীক্ষা কৰি ৰোগ নিশ্চিতকৰণ কৰা হয়।
চাবোনৰ প্ৰভাৱত এই ভাইৰাছ নিষ্ক্ৰিয় হয় বাবে সঘনাই হাত ধোলে ৰোগ বিয়পাৰ সম্ভাৱনা বহুত কমি যায়।[5] ছাৰ্জিকেল মাস্ক ব্যৱহাৰ কৰাও অতি মংগলজনক। অতি স্পৰ্শকাতৰ এলেকাত বিশ্ব স্বাস্থ্য সংস্থাই বছৰি ছিতাকৰণৰ অনুমোদন জনাইছে। এই ছিটা তিনি বা চাৰি প্ৰকাৰৰ ইনফ্লুৱেঞ্জাৰ বিপক্ষে কাৰ্যকৰী।[1] ভাইৰাছবোৰ বিৱৰ্তিত হৈ থাকে বাবে, এবছৰৰ ছিটাই পৰৱৰ্তী বছৰত কাম নকৰিবও পাৰে। ইনফ্লুৱেঞ্জাৰ চিকিৎসাৰ বাবে ভাইৰাছ প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰা হয়। স্বাস্থ্যৱান তথা কম সংকটজনক ৰোগীক ঔষধে ভাল ফলাফল প্ৰদান কৰে।[6] অন্যান্য স্বাস্থ্যজনিত সমস্যা থকা ৰোগীৰ ক্ষেত্ৰত ঔষধে কোনো কামত নিদিয়ে।[6][7]
সমগ্ৰ বিশ্বজুৰি এই ৰোগত বছৰি প্ৰায় পাঁচ নিযুত লোক আক্ৰান্ত হয় আৰু তাৰে ২,৫০,০০০ৰ পৰা ৫,০০,০০০ পৰ্যন্ত লোক মৃত্যু মুখত পৰে।[1] পৃথিৱীৰ উত্তৰ আৰু দাক্ষিনাত্যৰ অঞ্চলসমূহত এই ৰোগ শীত কালত দেখা দিয়ে যদিও, যদিও ইকুৱেডৰৰ কাষৰীয়া অঞ্চলত বছৰৰ যিকোনো সময়তে হয়।[1] ডেকা, বৃদ্ধ আৰু অন্য স্বাস্থ্যৰ সমস্যা থকা ৰোগী সকলৰ মৃত্যু হাৰ বেচি।[1] বিংশ শতিকাত তিনিটা ইনফ্লুৱেঞ্জাই গুৰুতৰ ৰূপ ধাৰণ কৰিছিল: ১৯১৮ চনৰ স্পেনিছ ইনফ্লুৱেঞ্জা, ১৯৫৮ চনৰ এছিয়ান ইনফ্লুৱেঞ্জা আৰু ১৯৬৮ চনৰ হংকং ইনফ্লুৱেঞ্জা; প্ৰায় এক নিযুত লোকৰ মৃত্যু ঘটিছিল।[8] ২০০৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰকাৰৰ নতুন ইনফ্লুয়েঞ্জা এ/H1N1 ক অতি বিপদজনক বুলি চিহ্নিত কৰিছে।[9] গাহৰি, ঘোঁৰা, আৰু চৰাইকে ধৰি অন্য প্ৰাণীবোৰো ইনফ্লুয়েঞ্জাত আক্ৰান্ত হোৱা দেখা যায়।[10]