ইন্দিৰা নাথ | |
---|---|
জন্ম | ১৪ জানুৱাৰী, ১৯৩৮ |
মৃত্যু | ২৪ অক্টোবৰ, ২০২১ (৮৩ বছৰ) নতুন দিল্লী, ভাৰত |
নাগৰিকত্ব | ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | ইমিউন'লজি |
কৰ্মস্থান | অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স, নেচনেল একাডেমী অৱ চাইন্সেছ, ভাৰত |
শিক্ষানুষ্ঠান | এইমছ, দিল্লী |
জনা যায় | ইমিউন’লজী গৱেষণা, ভাৰতত কুষ্ঠ ৰোগ নিৰ্মূল |
উল্লেখনীয় বঁটা | পদ্মশ্ৰী,
বিজ্ঞানত মহিলাৰ বাবে ল’ৰিয়েল-ইউনেস্কো বঁটা শান্তি স্বৰূপ ভটনগৰ বঁটা |
ইন্দিৰা নাথ (ইংৰাজী: Indira Nath; ১৪ জানুৱাৰী ১৯৩৮ – ২৪ অক্টোবৰ ২০২১ ) এগৰাকী ভাৰতীয় ইমিউন'লজিষ্ট।[1] চিকিৎসা বিজ্ঞানত তেওঁৰ প্ৰধান অৱদান মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অপ্ৰতিক্ৰিয়াশীলতাৰ অন্তৰ্নিহিত ব্যৱস্থা, কুষ্ঠ ৰোগত প্ৰতিক্ৰিয়া আৰু স্নায়ুৰ ক্ষতি আৰু কুষ্ঠ বেচিলাছৰ জীৱনমুখীতাৰ বাবে চিহ্নিতকাৰীৰ সন্ধানৰ সৈতে জড়িত। অধ্যাপক নাথৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহ হ’ল ইমিউন’লজী, পেথ’লজী, মেডিকেল বায়’টেকন’লজী, আৰু সংক্ৰামক ৰোগ।[2][3]
নাথে নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ৰ পৰা এম বি বি এছ লাভ কৰে। ব্ৰিটেইনত বাধ্যতামূলক চিকিৎসালয়ৰ প্ৰশিক্ষণৰ পিছত এইমছত এম ডি (পেথ’লজী) হিচাপে যোগদান কৰে। ১৯৭০ চনৰ ভিতৰত ভাৰতত বিশ্বৰ সৰ্বাধিক কুষ্ঠ ৰোগীৰ সংখ্যা ৪৫ লাখ।[4]
১৯৭০ চনত নাথ নুফিল্ড ফেল’শ্বিপ লৈ ব্ৰিটেইনত আছিল। এই সময়ছোৱাত তেওঁ ইমিউন’লজীত বিশেষজ্ঞ হ’বলৈ আহিছিল। তেওঁ সংক্ৰামক ৰোগ, বিশেষকৈ কুষ্ঠ ৰোগৰ ক্ষেত্ৰত ৰয়েল কলেজ অৱ চাৰ্জনৰ অধ্যাপক জন টাৰ্ক আৰু লণ্ডনৰ নেচনেল ইনষ্টিটিউট ফৰ মেডিকেল ৰিচাৰ্ছৰ ডঃ আৰ. জে. ডব্লিউ. ৰিজৰ সৈতে কাম কৰিছিল।
বিদেশত অভিজ্ঞতা লাভ কৰাৰ গুৰুত্ব তেওঁ দেখিছিল যদিও ভাৰতৰ পৰা ওলাই অহা মগজুৰ নিষ্কাশনত যোগ দিব বিচৰা নাছিল। তেওঁ আৰু তেওঁৰ স্বামীয়ে ৩ বছৰ বহিঃৰাষ্ট্ৰত থকাৰ অন্তত ভাৰতলৈ ঘূৰি অহাৰ সিদ্ধান্ত কৰিছিল। ১৯৭০ চনৰ আৰম্ভণিতে ভাৰতলৈ উভতি আহে।[5]
তেওঁ ২০০২ চনত নেচাৰ মেডিচিনত প্ৰকাশিত এক সাক্ষাৎকাৰত কৈছিল, "তথাপিও, উভতি অহা সময়খিনি যথেষ্ট উত্তেজনাপূৰ্ণ আছিল কাৰণ অনুভৱ কৰিছিলোঁ যে গৱেষণা গঢ়ি তোলাত সঁচাকৈয়ে ভূমিকা পালন কৰিব পাৰমি৷"[5]
ভাৰতলৈ উভতি অহাৰ পিছত ভাৰতত ইমিউন’লজী গৱেষণা আৰম্ভ কৰা এইমছৰ অধ্যাপক গুৰসাৰণ তালৱাৰৰ জৈৱ ৰসায়ন বিভাগত যোগদান কৰে। পিছলৈ ১৯৮০ চনত তেওঁ পেথ’লজী বিভাগলৈ গুচি যায় আৰু এইমছত ডিপাৰ্টমেণ্ট বায়’টেকন’লজী (১৯৮৬) প্ৰতিষ্ঠা কৰে।১৯৯৮ চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল যদিও এইমছত আই. এন.এছ.এ-এছ.এন.বসু গৱেষণা অধ্যাপক হিচাপে কাম কৰি আছিল।
ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত ভাৰতীয় বিজ্ঞানৰ উন্নতিৰ বাবে পৰামৰ্শ দিবলৈ একত্ৰিত কৰা ১০০ গৰাকী বিজ্ঞানীৰ ভিতৰত তেওঁ এগৰাকী অন্যতম আছিল।[5]
২০০২ চনত পেৰিছৰ পিয়েৰ আৰু মেৰী কিউৰী বিশ্ববিদ্যালয়ৰ পৰা ডি এছ চি লাভ কৰে। মালয়েছিয়াৰ এ আই এম এছ টি বিশ্ববিদ্যালয়ৰ ডীন পদৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল আৰু লগতে হায়দৰাবাদৰ ব্লু পিটাৰ ৰিচাৰ্চ চেণ্টাৰ (লেপ্ৰা ৰিচাৰ্চ চেণ্টাৰ)ৰ সঞ্চালিকা হিচাপেও আমন্ত্ৰণ জনোৱা হৈছিল।
তেওঁৰ গৱেষণাই মানুহৰ কুষ্ঠ ৰোগত কোষীয় প্ৰতিৰোধ ক্ষমতাৰ সঁহাৰিৰ লগতে ৰোগত স্নায়ুৰ ক্ষতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁৰ কৰ্মই কুষ্ঠ ৰোগৰ বেচিলাছ জীয়াই থকাৰ সূচকসমূহৰো সন্ধান কৰিছে। [6] আন্তঃৰাষ্ট্ৰীয় আলোচনীসমূহত শেহতীয়া উন্নয়নৰ ওপৰত তেওঁৰ ১২০টাতকৈও অধিক প্ৰকাশন, আমন্ত্ৰিত পৰ্যালোচনা, মতামত/মন্তব্য আছে। তেওঁৰ এই আৱিষ্কাৰ আৰু তেওঁৰ অগ্ৰণী কাম কুষ্ঠ ৰোগৰ চিকিৎসা আৰু ভেকচিনৰ বিকাশৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।
বঁটা বা সন্মানৰ বছৰ | বঁটা বা সন্মানৰ নাম | বঁটা প্ৰদানকাৰী সংস্থা |
---|---|---|
২০০৩ | ৰূপালী বেনাৰ | টুস্কানী, ইটালী |
২০০৩ | চেভেলিয়াৰ অৰ্ডাৰ নেচনেল ডু মেৰাইট | ফ্ৰান্সৰ চৰকাৰ |
২০০২ | বিজ্ঞানত মহিলা (এছিয়া পেচিফিক) বঁটা | ল 'অৰিয়েল ইউনেস্কো |
১৯৯৯ | পদ্মশ্ৰী[7] | ভাৰত চৰকাৰ |
১৯৯৫ | আৰ. ডি. বিৰলা বঁটা | |
১৯৯৫ | কোকৰেন গৱেষণা বঁটা | ব্ৰিটেইন চৰকাৰ |
১৯৯৪ | বাসন্তী দেৱী আমিৰ চান্দ বঁটা | আইচিএমআৰ |
১৯৯০ | ওম প্ৰকাশ ভাসিন বঁটা | |
১৯৮৮ | ক্লেটন স্মাৰক বক্তৃতা বঁটা | |
১৯৮৭ | প্ৰথম নিত্য আনন্দ এনডাউমেণ্ট লেকচাৰ বঁটা | আই. এন. এছ. এ. |
১৯৮৪ | ক্ষনিকা বঁটা | আইচিএমআৰ |
১৯৮৩ | শান্তি স্বৰূপ ভাটনগৰ বঁটা | ভাৰত চৰকাৰ |
১৯৮১ | জালমা ন্যাসৰ বক্তৃতা | আইচিএমআৰ |